ETV Bharat / sukhibhava

Indigestion: খাদ্য খোৱাৰ সময়ত মানি চলক এই নিয়ম; কেতিয়াও নহয় কোষ্ঠকাঠিন্য-গেছৰ সমস্যা - কোষ্ঠকাঠিন্যৰ সমস্যাৰ সমাধান

বহু সময়ত পেটৰ সমস্যাৰ বাবে আমি নিজেই দায়ী যাৰ ফলত আমি পেটৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলগীয়া হয় ৷ সেয়ে কোষ্ঠকাঠিন্য, গেছ, বা এচিডিটিৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰিলে তলত উল্লেখিত অভ্যাসমূহ মানি চলক ৷

What foods help relieve constipation and stomach problems?
খাদ্য খোৱাৰ সময়ত মানি চলক এই নিয়ম; কেতিয়াও নহয় কোষ্ঠকাঠিন্য-গেছৰ সমস্যা
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:32 AM IST

বৰ্তমান সময়ত মানুহৰ খাদ্যাভ্যাস সম্পূৰ্ণৰূপে অৱনতি ঘটিছে, প্ৰায়ে মানুহে কোনবিধ খাদ্য স্বাস্থ্যকৰ আৰু কোনবিধ খাদ্য তেওঁলোকৰ বাবে অস্বাস্থ্যকৰ সেই কথা মনত ৰাখিব নোৱাৰে ৷ দৈনন্দিন জীৱনত বা পাৰ্টিত যেতিয়া আপুনি ডিঙিলৈকে তেলীয়া খাদ্য খায় তেতিয়া পেটৰ বিষ হোৱাটো অনিবাৰ্য ৷ সাধাৰণতে কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আৰু পেট ফুলাৰ বাবে বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাৰ্যকলাপ প্ৰভাৱিত হয় ৷ পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ খাদ্য খোৱাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে জানি লওক-

বদহজমৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

পানী খাওক

খাদ্য খোৱাৰ কিছু সময় পূৰ্বে পানী খোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, অৱশ্যে সুস্বাস্থ্যৰ বাবে সদায় হাইড্ৰেটেড হৈ থকাটো খুবেই জৰুৰী, কাৰণ এনে পৰিস্থিতিত হজমকে ধৰি শৰীৰৰ সকলো কাৰ্যই সঠিকভাৱে কাম কৰে ৷ গোটেই দিনটোত কমেও ৮ৰ পৰা ১০ গিলাচ পানী খাব লাগে বা এনে খাদ্য সামগ্ৰী খাব লাগিব য’ত পানীৰ পৰিমাণ বেছি ৷

আদা খাওক

দৈনন্দিন খাদ্যত আদা সীমিত পৰিমাণে অন্তৰ্ভুক্ত কৰিলে কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যা দূৰত থাকিব ৷ আদাৰ সেৱনে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু শৰীৰৰ ৰোগবোৰো নিৰাময় কৰাত সহায় কৰে ৷ আপুনি কেঁচাকৈ আদা চোবাই খাব পাৰে, বা আদাৰ চাহ, আদাৰ পানী আজি গ্ৰহণ কৰিব পাৰে ৷

দৈ খাব

দৈ এক প্ৰকাৰৰ প্ৰ’বায়’টিক খাদ্য য’ত ভাল বেক্টেৰিয়া প্ৰচুৰ পৰিমাণে পোৱা যায় যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে ৷ যিহেতু ই এক ঠাণ্ডা খাদ্য, সেয়েহে ই পেটটোও ঠাণ্ডা কৰি ৰাখে আৰু খৰধৰকৈ খাদ্য হজম কৰে ৷ প্ৰতিটো আহাৰ খোৱাৰ পিছত ইয়াক আপুনি সেৱন কৰিব পাৰে ৷

খোজ কাঢ়ক

বহুতৰে খাদ্য খোৱাৰ লগে লগে বিচনাত লগে লগে শুই যোৱাৰ অভ্যাস থাকে, এই কামটো একেবাৰেই নকৰিব ৷ খোৱাৰ পিছত ১০ৰ পৰা ১৫ মিনিট খোজ কাঢ়িব লাগে ৷ ইয়াৰ ফলত খাদ্য হজম হোৱাত সহায় হয় আৰু লগতে আপুনি কোষ্ঠকাঠিন্য বা গেছৰ দৰে সমস্যাৰ পৰা আঁতৰত থাকিব পাৰে ৷

লগতে পঢ়ক: Orange Health Benefits: দৈনিক ১টাকৈ খাওক কমলা; সুস্থ হৈ উঠিব আপোনাৰ ছাল-হৃদযন্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.