ETV Bharat / sukhibhava

চুলি কিয় কেৱল দুমুখীয়া হয়, চাৰিমুখীয়া বা ছয়মুখীয়া নহয় কিয় ? - দুমুখীয়া চুলি কেনেকৈ ৰোধ কৰিব পাৰি

Split ends reason: চুলি নষ্ট হ'লে প্ৰায়ে এটা শব্দ শুনিবলৈ পোৱা যায় যে চুলি দুমুখীয়া হৈ পৰিছে । আপুনি কেতিয়াবা ভাবিছেনে চুলিক কিয় দুমুখীয়া চুলি বুলি কোৱা হয় ? কিয় হয় দুমুখীয়া চুলি জানি লওক এই প্ৰতিবেদনত ৷

What causes split ends and how to avoid them?
চুলিক কিয় দুমুখীয়া হয় কাৰণ জানি লওক
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 12:54 PM IST

ল’ৰাই হওক বা ছোৱালীয়েই হওক, ডেকাই হওক বা মহিলাই হওক, সকলোৱে নিজৰ চুলিৰ বাবে চিন্তা কৰে । নহয় জানো ? কাৰণ কোৱা হয় যে চুলিয়েই মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷ সেয়েহে মানুহে চুলিৰ ক্ষেত্ৰত বিশেষভাৱে যত্ন লয় ৷ বিশেষকৈ যিসকলে চুলি দীঘলকৈ ৰাখে তেওঁলোকে বেছিকৈ চুলিৰ যত্ন লোৱা দেখা যায় । যাতে চুলিকোচা বেয়া হৈ নাযায় বা তলৰ পৰা ফাটি নাযায় বা সৰিবলৈ আৰম্ভ নকৰে ৷

কিন্তু যদি চুলি ফাটিবলৈ আৰম্ভ কৰে, তেতিয়া বিশেষকৈ যুৱতীসকলৰ চিন্তা বাঢ়ি যায় । এই ফাটি যোৱা চুলিয়ে, চুলিৰ বহু ক্ষতি কৰে আৰু চুলিৰ বৃদ্ধিত যথেষ্ট প্ৰভাৱ পেলায় । এনে চুলিক দুমুখীয়া চুলি বুলিও কোৱা হয় । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে চুলিক কিয় দুমুখীয়া চুলি বুলি কোৱা হয় ?

কিয় দুমুখীয়া চুলি বুলি কোৱা হয় ?

যদি আপোনাৰ চুলিখিনি দীঘল হোৱালৈকে অতি ৰুক্ষ হৈ পৰিছে, তেন্তে নিশ্চিতভাৱে তলৰ ফালে চালে আপুনি দেখা পাব যে একেটা চুলি দুটা ভাগত বিভক্ত হৈ পৰিছে । এনে চুলিকে দুমুখীয়া চুলি বুলি কোৱা হয় । আচলতে এটা চুলিৰ পৰা বহু মূৰ ওলাব পাৰে ।

কিন্তু ইয়াৰ পিচতো ফাটি যোৱা চুলিক দুমুখীয়া চুলি বুলি কোৱা হয় । ইয়াৰ কাৰণ হ’ল আপোনাৰ চুলি ক্ষতিগ্ৰস্ত হৈছে, যাৰ বাবে এটা চুলিৰ পৰা আন এটা চুলি ওলাইছে আৰু দুটা মুখ দেখা পোৱা গৈছে । সেয়ে ইয়াক ‘দুমুখীয়া’ চুলি বুলি কোৱা হয় ।

কিয় হয় দুমুখীয়া চুলি ?

যেতিয়া চুলিৰ ক্ষতি হয় আৰু চুলিৱে উপযুক্ত পুষ্টি নাপায় তেতিয়া চুলি তলৰ পৰা ফাটিবলৈ আৰম্ভ হয় । উপযুক্ত পুষ্টিৰ অভাৱত চুলি দুৰ্বল হৈ পাতল হৈ ভাঙি যায় । সেয়েহে চুলি ফাটি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ উপায় অৱলম্বন কৰিব লাগে । যদি বৃহৎ সংখ্যক চুলি এনেদৰে ফাটি গৈছে, তেন্তে সেইবোৰ কাটি পেলোৱাটোৱেই উত্তম বিকল্প ।

লগতে পঢ়ক : কেৱল হৃদযন্ত্ৰ-হাওঁফাওঁয়েই নহয় ধূমপানৰ ফলত ক্ষতিগ্ৰস্ত হয় আন অংগও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.