ঋতুস্ৰাৱ নোহোৱা আৰু বমি অনুভৱ কৰা হৈছে গৰ্ভধাৰণৰ প্ৰথম লক্ষণ ৷ ইয়াক পৰীক্ষাৰ জৰিয়তে নিশ্চিত কৰিব পাৰি । কিন্তু এইবোৰ একমাত্ৰ লক্ষণ নহয়, যিয়ে গৰ্ভধাৰণৰ বিষয়ে সঠিককৈ উল্লেখ কৰিব পাৰে ৷ ইয়াৰোপৰি আন কেতবোৰ লক্ষণ আছে, যিয়ে গৰ্ভধাৰণক সূচিত কৰে ৷ উত্তৰাখণ্ডস্থিত গাইন’ক’লজিষ্ট ডাঃ বিজয়লক্ষ্মীয়ে গৰ্ভধাৰণ সন্দৰ্ভত কয় যে, ঋতুস্ৰাৱ নোহোৱাৰ বাবে অধিকাংশ মহিলাই গৰ্ভধাৰণ পৰীক্ষাৰ বাবে তেওঁৰ ক্লিনিকলৈ আহে । কিন্তু, তেওঁলোকে জনা উচিত যে, এয়াই একমাত্ৰ লক্ষণ নহয় ৷ গৰ্ভধাৰণৰ আন বহু লক্ষণ অনুভৱ কৰিব পাৰি, যাৰ ভিতৰত আছে :
ওকালি অহা নাইবা পুৱাৰ ভাগত অসুস্থ অনুভৱ কৰা (Nausea or morning sickness)
গৰ্ভধাৰণৰ কেইদিনমান পিছত মহিলাসকলে পুৱাৰ ভাগত অসুস্থ অনুভৱ কৰা বা বমি কৰাৰ সম্ভাৱনা থাকে ৷ যাক গৰ্ভধাৰণৰ মুখ্য লক্ষণ বুলি গণ্য কৰা হয় । ডাঃ বিজয়লক্ষ্মীয়ে ব্যাখ্যা কৰে যে, গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত এইটো এটা সাধাৰণ লক্ষণ ৷ তদুপৰি কিছুমান খাদ্য বা সুগন্ধি পোৱাৰ ফলত গৰ্ভধাৰণ কৰা মহিলাগৰাকীৰ ওকালি অহা আৰম্ভ কৰিব পাৰে । গৰ্ভধাৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 80 শতাংশ মহিলাই বমি বা ওকালি অহা অনুভৱ কৰে ৷ গৰ্ভধাৰণৰ পিছত 12 সপ্তাহলৈকে ইয়াক অনুভৱ কৰা যায় ৷ যাৰ পিছত ই সাধাৰণভাৱেই নোহোৱা হয় ।
ৰক্তক্ষৰণ (Spotting)
ডাঃ বিজয়লক্ষ্মীয়ে কয় যে, এবাৰ এগৰাকী মহিলাৰ গৰ্ভধাৰণ হোৱাৰ পিছত তেওঁৰ ঋতুস্ৰাৱ নহয় ৷ কিন্তু কেতিয়াবা পাতল ৰক্তক্ষৰণ হ'ব পাৰে, যি স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হয় । ইয়াক স্পটিং বা ইমপ্লাণ্টেচন ৰক্তক্ষৰণ বুলি কোৱা হয় ৷ মহিলাসকলে ইয়াক ঋতুস্ৰাৱৰ সৈতে একে বুলি ভাবিব নালাগে ৷ অৱশ্যে যদি দাগৰ সলনি অত্যাধিক ৰক্তক্ষৰণ হয়, তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷
সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰবণতা (Frequent urination)
সঘনাই প্ৰস্ৰাৱ কৰাটো গৰ্ভধাৰণৰ এটা সাধাৰণ লক্ষণ । গৰ্ভধাৰণৰ সময়ত শৰীৰত যথেষ্ট পৰিৱৰ্তন দেখা দিয়ে ৷ যাৰ ভিতৰত অন্যতম হৈছে হৰমনৰ পৰিৱৰ্তন, যিয়ে তেজৰ উৎপাদন আৰু সঞ্চালনক প্ৰভাৱিত কৰে । তদুপৰি ই বৃক্কক প্ৰভাৱিত কৰে, সেয়েহে গৰ্ভধাৰণৰ সময়ত সঘনাই প্ৰস্ৰাৱ হয় । এই লক্ষণ প্ৰাৰম্ভিক পৰ্যায়ত দেখা দি সমগ্ৰ গৰ্ভধাৰণৰ কালচোৱাত অব্যাহত থাকিব পাৰে ।
সঘনাই মেজাজ সলনি (Mood swings)
গৰ্ভধাৰণ আৰম্ভ হোৱাৰ লগে লগে মহিলাৰ আচৰণৰ পৰিৱৰ্তন ঘটে ৷ এয়া শৰীৰত নতুন হৰমন সৃষ্টি আৰু অন্যান্য হৰমনৰ পৰিৱৰ্তনৰ ফলত সংঘটিত হয় । এই সকলোবোৰৰ ফলত মহিলাসকলৰ মনোভাৱৰ সঘটে পৰিৱৰ্তন ঘটে ৷
বক্ষৰ আকাৰৰ পৰিৱৰ্তন (Changing breast size)
গৰ্ভাৱস্থাৰ সময়ত মহিলাৰ শৰীৰৰ আন এক পৰিৱৰ্তন হৈছে বক্ষৰ আকাৰৰ পৰিৱৰ্তন । গৰ্ভধাৰণৰ পিছত এক বা দুই সপ্তাহৰ ভিতৰত এই পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে । পৰৱৰ্তী কেইমাহমানৰ পিছত হৰমনৰ পৰিৱৰ্তনৰ ফলত বক্ষযুগল স্বাভাৱিক আকৃতিলৈ ঘূৰি আহে । এইটোও গৰ্ভধাৰণৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ অন্যতম বুলি বিবেচনা কৰা হয় ।
লগতে চাওক : আপোনাৰ স্বাস্থ্যৰ বাবে বাদাম আৰু গাখীৰৰ সংমিশ্ৰণ কিমান উপকাৰী?