ETV Bharat / sukhibhava

Benefits of Morning Sunlight: বহু ৰোগৰ নিৰাময়ৰ বাবে লাভদায়ক পুৱাৰ ৰ’দ - ৰাতিপুৱাৰ ৰ’দৰ লাভালাভ

ভিটামিন ডি আপোনাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ, তথা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো পুৱাৰ ৰ’দৰ তাপে আপোনাক সহায় কৰিব পাৰে । সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতাই অস্ত্ৰোপচাৰৰ পিছত ৰোগ, সংক্ৰমণ, কিছুমান কৰ্কট ৰোগ, মৃত্যুৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে ।

What are the health benefits of morning sunlight?
বহু ৰোগৰ নিৰাময়ৰ বাবে লাভদায়ক পুৱাৰ ৰ’দ
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:32 PM IST

ৰাতিপুৱাৰ ৰ’দে বহু ৰোগৰ আশংকা হ্ৰাস কৰে ৷ শীতকালত বহু লোকেই ৰ’দ লয় যদিও গ্ৰীষ্মকালত ৰ’দ লোৱাৰ পৰা সকলো বিৰত থাকে ৷ কিন্তু ৰ’দ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ? আপুনি যদি দিনটোৰ মাত্ৰ ২০ মিনিট সময় ৰ’দ লয়, ই আপোনাক বহু গুৰুতৰ ৰোগৰ পৰা বচাই ৰাখিব পাৰে ৷ ৰ’দ লোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

কেতিয়া ৰ’দ ল’ব লাগে ?

ৰাতিপুৱা ৮ বজাৰ আগৰ সময়খিনি ৰ’দ লোৱাৰ বাবে সঠিক সময় ৷এই সময়ছোৱাত ওলোৱা ৰ’দ শৰীৰৰ বাবে অতি উপকাৰী ৷ কিয়নো এই সময়খিনিত পৰিৱেশত প্ৰদূষণ কম হয়, যাৰ ফলত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ আপোনাৰ শৰীৰত পৰিব পাৰে ৷

ৰ’দ লোৱাৰ লাভালাভ-

শৰীৰে ভিটামিন-ডি লাভ কৰে

ৰাতিপুৱা ৰ’দ ল’লে শৰীৰে ভিটামিন-ডি লাভ কৰে ৷ৰ’দ নোলোৱাৰ বাবে ভাৰতীয় লোকসকলৰ প্ৰায়ে ভিটামিন-ডিৰ অভাৱ হয়, যাৰ ফলত ভাইৰেল ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয় ৷ এনে পৰিস্থিতিত, সংক্ৰমণ পৰিহাৰ কৰিবলৈ তথা হাড় আৰু দাঁত শক্তিশালী কৰিবলৈ আপুনি দৈনিক ৰ’দ লোৱাটো খুবেই জৰুৰী ৷

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়

যদি আপোনাৰ ৰক্তচাপ বৃদ্ধি হয়, তেনেহ'লে ছানবাথ অৰ্থাৎ ৰ’দত গা ধোৱাটো আপোনাৰ বাবে অতি উপকাৰী ৷ ছানবাথ গ্ৰহণ কৰিলে ছালৰ ওপৰৰ স্তৰত থকা নাইট্ৰিক অক্সাইড ট্ৰিগাৰ হয়, যি আপোনাৰ ৰক্তনলী বৃদ্ধি কৰি সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে ৷ দৈনিক সূৰ্যৰ পোহৰে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

হতাশা দূৰ হয়

ৰ’দ ল'লে আপোনাৰ হতাশাও আঁতৰ হ'ব ৷ সূৰ্যৰ পোহৰ গ্ৰহণ কৰি শৰীৰে চেৰোটনিন নামৰ এক হৰমন প্ৰস্তুত কৰে, যিয়ে আপোনাৰ শৰীৰত ভাল হৰমন প্ৰস্তুত কৰি হতাশা দূৰ কৰাত সহায় কৰে ৷

হ্ৰাস হয় মানসিক চাপ

ৰ'দে মেলাটোনিন হৰমন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ এই হৰমনটোৱে মানসিক চাপৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ৷সেয়েহে দিনটোৰ কিছু সময় ৰ'দত বহি আপুনি আপোনাৰ মানসিক চাপ হ্ৰাস কৰাৰ চেষ্টা কৰিব পাৰে ৷

টোপনি ভাল হয়

সূৰ্যৰ পোহৰে টোপনিৰ মানদণ্ড উন্নত কৰাত সহায় কৰে ৷ ই আমাৰ চাৰ্কাডিয়ান ছন্দ সংশোধন কৰে, যি শৰীৰত পোহৰৰ পৰা মেলাটোনিন প্ৰস্তুত কৰে ৷

প্ৰষ্টেট কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে

যদি আপোনাৰ ৰ'দ লোৱাৰ অভ্যাস নাই, তেন্তে ই প্ৰষ্টেট কৰ্কট ৰোগৰ এক কাৰণ হব পাৰে ৷ বহুতো অধ্যয়নত প্ৰমাণ হোৱা মতে, শৰীৰত ৰ'দ নপৰিলে প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে ৷ যদি আপুনি সূৰ্যৰ পোহৰ লয়, তেন্তে এই কৰ্কট ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰিব ৷

ওজন হ্ৰাসত সহায়ক

আপুনি জানি আচৰিত হ'ব যে ৰ'দেও ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে প্ৰতিদিনে ৰ'দ লওঁক ৷

হাঁপানিৰ প্ৰতিৰোধক

প্ৰাপ্তবয়স্কৰ লগতে শিশুৰ ক্ষেত্ৰতো এতিয়া হাঁপানিৰ দৰে সমস্যা বৃদ্ধি পাবলৈ পৰিছে ৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ হ'লে এই ৰোগ হোৱাৰ আশংকা বেছি হয় ৷ সেয়েহে, যদি আপুনি পুৱা কিছু সময় ৰ'দ লয়, ই আপোনাক হাঁপানিৰ দৰে ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰে ৷

লগতে পঢ়ক: Cumin Benefits: উচ্চ কলেষ্টেৰল তথা ওজন হ্ৰাস কৰাত জিৰা ফলপ্ৰসূ নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.