ETV Bharat / sukhibhava

Hand Rubbing Benefits: হাতৰ তলুৱা ঘঁহাৰ আছে বহু স্বাস্থ্য লাভালাভ; আজি ইয়াৰ বিষয়ে জানি লওক - হাতৰ তলুৱা ঘঁহা সুবিধা

আপুনি হয়তো প্ৰায়ে হাতৰ তলুৱা ঘঁহে, কিন্তু এনে কৰাটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী জানেনে ? আহক আমি ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণবোৰ জানিবলৈ চেষ্টা কৰোঁ ।

What are the benefits of rubbing both hands?
হাতৰ তলুৱা ঘঁহাৰ আছে বহু স্বাস্থ্য লাভালাভ; আজি ইয়াৰ বিষয়ে জানি লওক
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 11:08 AM IST

শীতকালত দুয়োখন হাত ঘঁহাটো তেনেই সাধাৰণ কথা, কিন্তু প্ৰায়ে আপুনি নিশ্চয় দেখিছে যে যদি কাৰোবাৰ মূৰ ঘূৰায় বা মূৰ্চা যায় বা অসুস্থ হৈ পৰে, তেন্তে বয়োজ্যেষ্ঠসকলে ৰোগীৰ হাত-ভৰি ঘঁহিবলৈ পৰামৰ্শ দিয়ে ৷ আপুনি কেতিয়াবা ভাবিছেনে কি হ’ব পাৰে এনে কৰাৰ বৈজ্ঞানিক কাৰণ ? এনে কৰিলে ৰোগীৰ মনটো ভাল হ’বলৈ আৰম্ভ কৰে ৷ হাতৰ তলুৱা ঘঁহিলে কি কি লাভ হ’ব পাৰে জানি লওক ৷

দুয়োখন হাতৰ তলুৱা ঘঁহাৰ উপকাৰিতা

১/ ৰক্ত সঞ্চালন বৃদ্ধি পায়

আমি দুয়োখন হাতৰ তলুৱা ঘঁহিলে ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত আপোনাৰ শৰীৰে শক্তি লাভ কৰে আৰু আপোনাৰ মেজাজ ভালে থাকে ৷ তেতিয়া দৈনন্দিন জীৱনৰ আন কামবোৰ কৰাত কোনো সমস্যাৰ সন্মুখীন নহয় ৷

২/ চকুৰ বাবে উপকাৰী

হয়তো সকলোৱে এই কথা নাজানে, কিন্তু দুয়োখন হাতৰ তলুৱা ঘঁহিলে আমাৰ চকুৰ বাবে উপকাৰী ৷ আচলতে হাতৰ তলুৱাৰ উষ্ণতাই চকুত পৰা চাপ কম কৰাত সহায় কৰে ৷ ইয়াৰ ফলত চকুৰ চাৰিওফালে ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ বাবে ভাগৰুৱা চকুৱেও সকাহ অনুভৱ কৰে ৷ ইয়াৰ বাবে আৰম্ভণিতে হাত দুখন লাহে লাহে ঘঁহি তাৰ পিছত লাহে লাহে গতি বৃদ্ধি কৰিব লাগে ৷ হাত দুখন অলপ গৰম হ’লে তাৰ পিছত ৩০ ছেকেণ্ডৰ বাবে চকুত ৰাখক ৷ এনে কৰিলে চকুৰ উজ্বলতা বৃদ্ধি হোৱাই নহয় আপোনাৰ দৃষ্টিশক্তিও চোকা হৈ পৰিব ৷

৩/ টেনচন দূৰ হয়

হাতৰ তলুৱা ঘঁহিলে আমাৰ মানসিক স্বাস্থ্যৰ বাবেও অতি উপকাৰী কাৰণ ই মনক শান্ত কৰে আৰু ইয়াক জিৰণি দিয়ে ৷ এনে কৰিলে মগজুৰ কাৰ্যক্ষমতা ঠিকেই থাকে ৷ আপুনি ইতিবাচক অনুভৱ কৰিবলৈ আৰম্ভ কৰে ৷ ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পিছত হাত ঘঁহিলে মানসিক চাপৰ পৰা সকাহ পোৱা যায় ৷

৪/ শীতকালত উপকাৰী

শীতকালত হাত দুখন প্ৰায়ে ঠাণ্ডা হৈ পৰে যাৰ বাবে সকাহ পাবলৈ বাৰে বাৰে হাতৰ তলুৱা ঘঁহিবলগীয়া হয় ৷ এনে কৰিলে কেৱল হাততে নহয়, শৰীৰতো তাপ উৎপন্ন হয় ৷ শীতকালত ঠাণ্ডা বতাহৰ বাবে আঙুলিত জঠৰতা অনুভৱ কৰা হয়, এনে পৰিস্থিতিত হাতৰ তলুৱা ঘঁহিলে পেশীবোৰ সক্ৰিয় হৈ পৰে আৰু তাৰ পিছত জঠৰতা আঁতৰি যায় ৷

লগতে পঢ়ক: Parineeti Chopra: যদি আপুনিও পৰিনীতি চোপ্ৰাৰ দৰে সৌন্দৰ্যতা পাব বিচাৰে তেন্তে অনুসৰণ কৰক এইসমূহ টিপছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.