ETV Bharat / sukhibhava

Arjuna Chaal Water: অৰ্জুন গছৰ ছাল তিওৱা পানী সেৱন কৰিলে আপোনাৰ শৰীৰে লাভ কৰিব এই ৫টা উপকাৰিতা - অৰ্জুন গছৰ ছাল তিওৱা পানী

আপুনি নিশ্চয় বহুবাৰ আপোনাৰ চাৰিওফালে অৰ্জুন গছ দেখিছে, কিন্তু আপুনি ভাবিছেনে যে এই গছজোপাই আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰিতা সাধন কৰে ।

What are the benefits of drinking Arjuna Chaal water?
অৰ্জুন গছৰ ছাল তিওৱা পানী সেৱন কৰিলে আপোনাৰ শৰীৰে লাভ কৰিব এই ৫টা উপকাৰিতা
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:52 PM IST

বৰ্তমানৰ জীৱনশৈলীৰ বাবে বহু লোকে বহু ধৰণৰ ৰোগত ভুগিবলগীয়া হয় ৷ কিন্তু দৈনন্দিন কাম-কাজত কিছু সালসলনি কৰাৰ লগতে কিছু বনৌষধি গ্ৰহণ কৰিলে নিশ্চয় এই ৰোগবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ বহুলোকে নিশ্চয় অৰ্জুন গছ দেখিছে ৷ কিন্তু ইয়াৰ ঔষধি গুণৰ বিষয়ে বহুতে অৱগত নহয় ৷ অৰ্জুনৰ বাকলিক আয়ুৰ্বেদিক ঔষধ হিচাপে দেখা যায়, যাৰ সহায়ত আপোনাৰ বহুতো স্বাস্থ্যজনিত সমস্যা নিৰাময় হয় ৷ বহু সময়ত আয়ুৰ্বেদত ইয়াক প্ৰধানকৈ কাঠৰ ৰূপত ব্যৱহাৰ কৰা হয় ৷

ইয়াৰ মূল কাৰণ হ’ল অৰ্জুনৰ বাকলি তিওৱা পানীত এন্টিঅক্সিডেন্ট থাকে, যাৰ বাবে ই বহু স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ৷ অৰ্জুনৰ বাকলি তিওৱা পানী নিয়মিতভাৱে খালে কোনবোৰ ৫টা অলৌকিক উপকাৰিতা পাব পাৰে জানি লওক-

১) ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক

অৰ্জুন গছৰ ছালৰ বাকলিত বিশেষ ধৰণৰ এনজাইম পোৱা যায়, যাৰ বাবে ইয়াৰ ব্যৱহাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত অতি সহায়ক বুলি প্ৰমাণিত হয় ৷ অৰ্জুন গছৰ বাকলিৰ এই গুণে বৃক্ক আৰু যকৃতৰ কাৰ্য বৃদ্ধি কৰি ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে ৷

২) হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে

হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ নিয়ন্ত্ৰণ আৰু হৃদযন্ত্ৰৰ সঠিক কাম-কাজ উন্নত কৰাত অৰ্জুনৰ বাকলি উপকাৰী বুলি প্ৰমাণিত হয় ৷ এন চি বি আইৰ এন্দুৰৰ ওপৰত ভিত্তি কৰি কৰা এক পৰীক্ষাত উল্লেখ কৰা হৈছে যে অৰ্জুনৰ বাকলিত ট্ৰাইটাৰপেন’ইড নামৰ বিশেষ ৰাসায়নিক পদাৰ্থ পোৱা যায়, যাৰ বাবে অৰ্জুনৰ বাকলি হৃদৰোগত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে ৷

৩) চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়ে

চৰ্দি আৰু কাহৰ সমস্যাৰ পৰা সকাহ পাবলৈ অৰ্জুনৰ বাকলিও ব্যৱহাৰ কৰিব পাৰে ৷ অৰ্জুন গছৰ বাকলি তিওৱা পানীয়ে হাওঁফাওঁক সুস্থ ৰখাত সহায় কৰে ৷

৪) শ্বাস-প্ৰশ্বাসজনিত ৰোগ

পৰম্পৰাগতভাৱে অৰ্জুন গছৰ বাকলিৰ পানীক শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিৰোধৰ বাবে অতি উপযোগী বুলি গণ্য কৰা হয় ৷ হাঁপানী আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লক্ষণসমূহ হ্ৰাস কৰাত অতি লাভদায়ক ৷

৫) উচ্চ বি পিৰ সমস্যা হ্ৰাস কৰাত সহায়ক

অৰ্জুনৰ বাকলিত ট্ৰাইটাৰপিন'ইড নামৰ বিশেষ ৰাসায়নিক পদাৰ্থ থাকে, যাৰ বাবে ই হৃদৰোগ নিয়ন্ত্ৰণত উপযোগী আৰু ইয়াৰ লগতে ইয়াত পোৱা উচ্চ ৰক্তচাপ নিবাৰণকাৰী গুণে বৃদ্ধি পোৱা ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷

লগতে পঢ়ক: Rashmika Mandanna: শীতকালতো নিজকে এক আকৰ্ষণীয় লুক দিবলৈ অনুসৰণ কৰক ৰশ্মিকা মাণ্ডান্নাৰ এই ষ্টাইলিং টিপছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.