ETV Bharat / sukhibhava

ভিটামিন-ডি, অমেগা-3, ব্যায়ামে কৰ্কট ৰোগৰ বিপদাশংকা 61% লৈ হ্ৰাস কৰে

author img

By

Published : Apr 26, 2022, 7:12 PM IST

এক অধ্যয়নত দাবী কৰা হৈছে যে উচ্চ পৰিমাণত ভিটামিন ডি, অমেগা-3 আৰু নিয়মীয়া ঘৰুৱা ব্যায়ামে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে (Vitamin-D Omega-3 exercise can treat cancer) ৷ এই তিনিওৰে সংমিশ্ৰণে 70 বছৰ বা তাতকৈ অধিক বয়সৰ স্বাস্থ্যৱান লোকৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ আশংকা 61 শতাংশ লৈকে হ্ৰাস কৰাত সহায় কৰিব পাৰে ।

cancer
কৰ্কট ৰোগ

ভিটামিন ডি, অমেগা-3 আৰু ব্যায়ামক একেলগ কৰি পোন প্ৰথমবাৰৰ বাবে আক্ৰমণাত্মক কেঞ্চাৰৰ বিৰুদ্ধে প্ৰতিৰোধক হিচাপে এটা অধ্যয়ন কৰা হৈছিল ৷ এই অধ্যয়নটোৰ বিষয়ে ফ্ৰণ্টিয়াৰ্ছ ইন এজিং আলোচনীত প্ৰকাশ হৈছিল ৷ এই অধ্যয়নটোৱে কৈছে যে অতি কম খৰচতে উপলব্ধ ভিটামিন ডি, অমেগা-3 ৰ সৈতে নিয়মীয়া ঘৰুৱা ব্যায়ামে কেঞ্চাৰৰ পৰা আমি বাচিব পাৰো ( Prevention of invasive cancers) ৷

কেঞ্চাৰ হৈছে এক মাৰাত্মক ৰোগ ৷ দেহৰ এটা কোষত আৰম্ভণি হোৱাৰ পিছত ই অন্য সুস্থ কোষবোৰলৈও বিয়পি পৰে ৷ চুইজাৰলেণ্ডৰ ইউনিভাৰ্চিটি হাস্পতাল জুৰিচ্ছৰ ড৹ হেইক বিছফ-ফেৰাৰীৰ মতে, ধূমপান ত্যাগ কৰা আৰু সূৰ্য অতি বেঙুনীয়া ৰশ্মিৰ পৰা বচাৰ জাননীৰ বাহিৰে জনস্বাস্থ্য সংস্থাসমূহে কেঞ্চাৰৰ পৰা বচাৰ আনবোৰ কাৰকৰ বিষয়ে জনসাধাৰণক অৱগত কৰাত গুৰুত্ব নিদিয়ে ৷

বিছফ-ফেৰাৰীয়ে কয়, "আজিৰ মধ্যবয়স্ক আৰু বৃদ্ধ প্ৰাপ্তবয়স্ক সকলৰ প্ৰতিৰোধমূলক প্ৰচেষ্টা স্ক্ৰীণিং আৰু টীকাকৰণৰ প্ৰচেষ্টাতে সীমাবদ্ধ" ৷ অধ্যয়নটোৱে দেখুৱাইছে যে ভিটামিন ডিয়ে কৰ্কট কোষৰ বিকাশত বাধা দিয়ে (Can vitamin D reduce cancer risk) । একেদৰে, অমেগা-3য়ে স্বাভাৱিক কোষসমূহক কৰ্কট কোষলৈ পৰিৱৰ্তন হোৱাত বাধা দিয়ে (Omega 3 helps in reduce cancer) আৰু ব্যায়ামে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে প্ৰদাহ হ্ৰাস কৰে, যিয়ে কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰিব পাৰে । অৱশ্যে, এই বিষয়ত অধিক পৰীক্ষাৰ প্ৰয়োজন থকাৰ কথা উল্লেখ কৰে দুয়োৱে ৷

বিছফ-ফেৰাৰী আৰু তেওঁলোকৰ সহকৰ্মীসকলে দৈনিক উচ্চ পালিৰ ভিটামিন ডি3 (এক প্ৰকাৰৰ ভিটামিন ডি পৰিপূৰক), দৈনিক পৰিপূৰক অমেগা-3 আৰু ঘৰুৱা ব্যায়াম, এই তিনিওটাকে বেলেগ বেলেগকৈ আৰু একেলগে কেঞ্চাৰৰ প্ৰতিৰোধক হিচাপে পৰীক্ষা কৰি চাইছিল ( How to prevent cancer) ৷ 70 বছৰ আৰু তাৰ উৰ্ধৰ ব্যক্তিসকলৰ মাজত এই পৰীক্ষা কৰা হৈছিল ৷ এই পৰীক্ষা তিনি বছৰীয়া আছিল ৷ চুইজাৰলেণ্ড, ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰিয়া আৰু পৰ্তুগালত অনুষ্ঠিত এই তিনি বছৰীয়া পৰীক্ষাত ২,১৫৭ জন ব্যক্তিয়ে অংশ লৈছিল ৷

বিছফ-ফেৰাৰীয়ে কৈছে যে, অধ্যয়নৰ ফলাফলবোৰে দেখুৱাইছে যে ভিটামিন ডি3, অমেগা-3, আৰু ব্যায়াম এই তিনিওটাৰে আক্ৰমণাত্মক কৰ্কট ৰোগ হোৱাৰ আশংকাৰ ওপৰত একত্ৰিত লাভালাভ আছে । কেঞ্চাৰ প্ৰতিৰোধক হিচাপে প্ৰতিটোৰে বিভিন্ন লাভালাভ আছে কিন্তু কেঞ্চাৰৰ চিকিৎসাৰ বাবে এই তিনিওটা উপাদানকে একেলগ কৰি চোৱা পৰীক্ষাত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ দেখা গ’ল (VitaminD Omega3 exercise can treat cancer) ৷ গৱেষকসকলে লক্ষ্য কৰিছিল যে কৰ্কট ৰোগৰ আশংকা 61 শতাংশলৈ হ্ৰাস পাইছিল ।

লগতে পঢ়ক: গৰ্ভাৱস্থাত কিদৰে কাৰ্যালয়ত কাম কৰিব, আগবঢ়াইছো কেইটামান টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.