ETV Bharat / sukhibhava

Tips Removing Dark Circle: মধ্য বয়সীয়া মহিলাসকলে কিদৰে ল’ব চকুৰ যত্ন?

মহিলাসকলৰ সৌন্দৰ্য বৰ্ধনত চকুযুৰিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ মানুহৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত খুবেই সযতনে ৰাখিব লগীয়া অংগবিধেই হৈছে চকু ৷ মহিলাৰ সকলৰ ক্ষেত্ৰত চকুৰ গুৰি ক’লা পৰাটো এক প্ৰধান সমস্যা ৷ প্ৰায় সকলো বয়সৰে মহিলাই এই সমস্যাত ভোগা দেখা যায় ৷ কিন্তু বিশেষকৈ মধ্য-বয়সীয়া মহিলাৰ ক্ষেত্ৰত চকুৰ গুৰি ক’লা পৰাটোৱে সৌন্দৰ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলায়, যিহেতু এই সমস্যাই মহিলাসকলক বয়সতকৈ ডাঙৰ যেন দেখুৱাই ৷ সেয়েহে আৰম্ভণিতে ইয়াৰ যত্ন ন’ললে পিছলৈ ই দীৰ্ঘস্থায়ী হোৱাৰ সম্ভাৱনা থাকে ৷

Under-eye care
মধ্য বয়সীয়া মহিলাসকলে কিদৰে ল’ব চকুৰ যত্ন?
author img

By

Published : Feb 1, 2022, 1:34 PM IST

চকুৰ গুৰি ক’লা পৰাৰ কাৰণ বহুত আছে ৷ এটা আগশাৰীৰ নাৰী-পৰিচ্ছন্নতা ব্ৰেণ্ডৰ সহ-প্ৰতিষ্ঠাপক হেৰী চেহৰাৱটে কৈছে যে, চকুৰ তলৰ ছালখিনি আটাইতকৈ কোমল আৰু পাতল সেয়েহে সময়ৰ সৈতে যত্ন ন’ললে ইয়াৰ ক’লা পৰাৰ সম্ভাৱনা অতি প্ৰখৰ ৷ হাইপাৰপিগমেন্টেচন, দুৰ্বল ৰক্ত সঞ্চালন, ভিটামিন চি ৰ অভাৱ এইবোৰ হৈছে চকুৰ গুৰি ক’লা পৰাৰ মুখ্য কাৰণ ৷ সাম্প্ৰতিক সময়ত ক’ভিড-19 এ সৃষ্টি কৰা পৰিৱেশকো এটা মুখ্য কাৰণ হিচাপে গণ্য কৰিব পাৰি ৷ হাইপাৰপিগমেন্টেচন আৰু চকু ফুলা সহজে নাইকিয়া কৰিব নোৱাৰি কিন্তু এইবোৰৰ প্ৰভাৱ কিছু পৰিমাণে কম কৰাৰ বিভিন্ন উপায় আছে ৷ (Tips Removing Dark Circle) হেৰী চেহৰাৱটে কিছুমান বিশেষ টিপছ্ ৰ বিষয়ে উল্লেখ কৰিছে...

ছাল উজ্জ্বল কৰা ক্ৰীম ব্যৱহাৰ কৰক

চকুৰ তলৰ ছাল পাতল হোৱা বাবে ইয়াৰ যত্নও অতি মনোযোগেৰে ল’বলগীয়া হয় ৷ ভিটামিন চি, ৰেটিনইড, আৰু হাইলুৰোনিক এচিড যুক্ত ক্ৰীমবোৰে চকুৰ গুৰিৰ ক’লা পৰা হ্ৰাস কৰাত সহায় কৰে ৷

চকুৰ গুৰি উজ্জ্বলতাৰ বাবে তৈয়াৰী ক্ৰীম ব্যৱহাৰ কৰক

চকুৰ গুৰিৰ বাবে বিশেষভাৱে তৈয়াৰী ক্ৰীমে ছাল সোঁতোৰা পৰা, ক’লা পৰা আৰু ফুলি থকা আদি সমস্যা দূৰ কৰাত সহায় কৰে ৷ এই ক্ৰীমত থকা হাইড্ৰেটিটং উপাদানসমূহে দীৰ্ঘ সময়ৰ বাবে ছালখনক হাইড্ৰেট কৰি ৰাখে ৷ দৈনিক ব্যৱহাৰ কৰিলে আপুনি 3ৰ পৰা 6 সপ্তাহৰ ভিতৰত পাৰ্থক্য অনুভৱ কৰিব পাৰিব ৷ কিন্তু আণ্ডাৰ আই ক্ৰীম ব্যৱহাৰ কৰাৰ আগতে ছাল-বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক, যিহেতু ছালৰ প্ৰকাৰ ভেদে প্ৰতিটো ক্ৰীমে বেলেগ বেলেগ ধৰণে কাম কৰে ৷

আইচ কিউব ব্যৱহাৰ কৰক

বৰফৰ ব্যৱহাৰে ফুলি থকা চকুৰ গুৰিক আৰাম প্ৰদান কৰে ৷ পাতল কপাহী কোমল কাপোৰত বৰফ মেৰিয়াই লৈ প্ৰায় 20 মিনিটৰ বাবে চকুত প্ৰয়োগ কৰক ৷ ঠাণ্ডা পানীত কাপোৰ তিয়াইয়ো আপুনি এনেদৰে চকুত লগাব পাৰে ৷

ভিজা চাহপাতৰ বেগ চকুত দি থওক

ঠাণ্ডা চাহপাতৰ বেগ চকুত অলপ সময় ৰাখি থৈয়ো চকুৰ গুৰি ক’লা পৰাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ চাহত কেফেইন আৰু এণ্টিঅক্সিডেণ্ট থাকে যি ছালত ৰক্ত সঞ্চালন কৰি ছালক আৰাম প্ৰদান কৰে ৷ দুটা ক’লা বা গ্ৰীণ টি ৰ বেগ প্ৰথমে 5 মিনিটৰ বাবে গৰম পানীত তিয়াই লওক ৷ তাৰ পিছত বেগ দুটা 15-20 মিনিটলৈকে ফ্ৰিজত ৰাখি ঠাণ্ডা হ’বলৈ দিয়ক ৷ ঠাণ্ডা হোৱাৰ পিছত বেগ দুটা চকুত 10 ৰ পৰা 20 মিনিটলৈকে দি ৰাখক ৷ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত ঠাণ্ডা পানীৰে চকু দুটা ধুই অলপ সময়ৰ বাবে চকু মুদি আৰাম কৰক ৷

তিয়ঁহ ব্যৱহাৰ কৰক

দুটুকুৰা তিয়ঁহ কাটি লৈ চকুত 15 মিনিটকলৈ ৰাখক ৷ তিয়ঁহত থকা শীতল গুণে চকুৰ গুৰি ক’লা পৰাৰ পৰা ৰক্ষা কৰে লগতে ফুলি থকা চকুক আৰাম প্ৰদান কৰে ৷ তিয়ঁহত যথেষ্ট পৰিমাণে পানী থাকে সেয়ে তিয়ঁহৰ ব্যৱহাৰে আপোনাক হাইড্ৰেট কৰি ৰখাত সহায় কৰে ৷ তিয়ঁহত কোলাজেন বঢ়োৱা চিলিকা, ছাল শক্তিশালী কৰা ছালফাৰৰ লগতে ভিটামিন এ, চি, ই আৰু কে থাকে, যি ৰক্ত নলীবোৰৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে ৷ নানা গুণেৰে পৰিপূৰ্ণ তিয়ঁহে চকুৰ গুৰি ক’লা পৰা হ্ৰাস কৰে ৷

Under-eye care
নানা গুণেৰে পৰিপূৰ্ণ তিয়ঁহে চকুৰ গুৰি ক’লা পৰা হ্ৰাস কৰে

নিজৰ শোৱা ৰুটিনত আৰু অলপ সময় যোগ দিয়ক

আটাইতকৈ সহজ আৰু উত্তম উপায়টো হৈছে টোপনি পূৰ কৰা ৷ টোপনি বিহীন চকুত সদায় ভাগৰ থাকে আৰু ই চকুৰ গুৰি ক’লা কৰে ৷

এইবোৰৰ উপৰি আপুনি চিকিৎসকৰ সহায়ো ল’ব পাৰে কিন্তু স্বাস্থ্যকৰ অভ্যাসবোৰৰ প্ৰভাৱ দীৰ্ঘম্যাদী হয় ৷ পুষ্টিকৰ খাদ্য খোৱা, হাইড্ৰেট হৈ থকা আৰু সঠিক পৰিমাণৰ টোপনি আপোনাৰ চকুযুৰিৰ বাবে অত্যাৱশ্যকীয় ৷

লগতে পঢ়ক: Benefits of Sun Ray: সূৰ্যৰ ৰশ্মিৰ মানৱ দেহত যোগাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.