ETV Bharat / sukhibhava

Tips for Eye : চকু সদায় সুস্থ কৰি ৰাখিবলৈ কি খাব লাগে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 1:50 PM IST

বৰ্তমান সময়ত মানুহ যিমানেই যান্ত্ৰিক হৈছে সিমানেই বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷ আজিকালি সৰু সৰু ল’ৰা-ছোৱালীৰ হাতে হাতে মোবাইল ফোন ৷ অধিক সময় মোবাইলত লাগি থাকিলে ই আটাইতকৈ ক্ষতি কৰে চকুৰ ৷ যাৰ ফলত শিশুৱে কম বয়সতে পৰিধান কৰিবলগীয়া হয় চশমা ৷ গতিকে চকু সুস্থ কৰি ৰাখিবলৈ কি কৰিব লাগে জানো আহক এই প্ৰতিবেদনত ৷

Tips for Eye Health and Maintaining Good Eyesight
চকুৰ দৃষ্টিশক্তি দুৰ্বল হ’লে কি খাব লাগে

আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগ আমাৰ বাবে অত্যন্ত জৰুৰী ৷ কিন্তু শৰীৰৰ সকলো অংগৰ ভিতৰত আটাইতকৈ অন্যতম অংগটো হৈছে আমাৰ চকু ৷ কাৰণ চকু অবিহনে পৃথিৱীখন যে কিমান ধুনীয়া... সেয়া হয়তো আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰিম । চকু হ’ল শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ, সুক্ষ্ম আৰু সংবেদনশীল অংশ । চকুৰ যত্নত অলপ অসাৱধানতাও অতি ক্ষতিকাৰক হ’ব পাৰে । দুৰ্বল জীৱনশৈলী, খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে কিছুমান ৰোগে চকুৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে । যাৰ বাবে চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে বা আনকি দৃষ্টিশক্তিও হেৰুৱাব পাৰে ।

বৰ্তমান কম বয়সতে চকুৰ দৃষ্টিশক্তি কম হোৱাৰ বহু ঘটনা দেখা যায় । যাৰ ফলত সৰু ল’ৰা-ছোৱালীয়েও চশমা পৰিধান কৰিবলগীয়া হয় । যদি আপুনি এই সমস্যাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু চকুক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে কিছুমান কথাত বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়, সেয়া আপোনাৰ খাদ্যাভ্যাসেই হওক বা দৈনন্দিন কাম-কাজেই হওক ।

স্ক্ৰীণ টাইমিংৰ প্ৰতি মনোযোগ দিয়ক

আধুনিক জীৱনশৈলীত চকুৰ দৃষ্টিশক্তি কম হোৱাৰ এক অন্যতম প্ৰধান কাৰণ হ’ল মোবাইল, কম্পিউটাৰ বা টিভিত অধিক কটোৱা ৷ শিশুৱেই হওক বা প্ৰাপ্তবয়স্ক লোকেই হওক, বৰ্তমান সকলোৱে কম্পিউটাৰ বা ফোনত বহু সময় কটায় । এনে পৰিস্থিতিত চকুত বেয়া প্ৰভাৱ পৰে । গতিকে যিমান পাৰে মোবাইল বা কম্পিউটাৰত কম সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক । ইয়াৰ লগতে স্ক্ৰীণৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিহে কাম কৰক । যদি আপুনি ঘণ্টাৰ পিচত ঘণ্টা বহি কম্পিউটাৰ বা মোবাইলত কাম কৰি আছে, তেন্তে আধা ঘণ্টাৰ ব্যৱধানত ১০ৰ পৰা ২০ ছেকেণ্ডৰ বাবে চকু মুদি জিৰণি লওক ।

চকু সুস্থ ৰাখিবলৈ কেনেকুৱা খাদ্য গ্ৰহণ কৰিব লাগে ?

যদি আপুনি আপোনাৰ চকুক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে স্বাস্থ্যকৰ বস্তু যেনে কল, মাছৰ কণী, বাদাম, সেউজীয়া পাতযুক্ত শাক-পাচলি, বীন আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ কাৰণ ভিটামিন এ, ওমেগা ৩ ফেটি এচিড, লুটিন, ভিটামিন চি, ভিটামিন ই চকুৰ দৃষ্টিশক্তিৰ বাবে অতি প্ৰয়োজনীয় । ভাল খাদ্যাভ্যাসে আপোনাক বয়সৰ লগত জড়িত চকুৰ ৰোগৰ পৰা ৰক্ষা কৰে ।

চকুৰ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ

চকু আটাইতকৈ সুক্ষ্ম অংগ আৰু বেছিভাগ সময়তে আমি চকুৰ পৰীক্ষাত গাফিলতি কৰো ৷ প্ৰায় ছমাহৰ ব্যৱধানত চকুৰ পৰীক্ষা কৰিব লাগে যাতে চকুৰ লগত জড়িত সমস্যাবোৰ সময়মতে ধৰা পৰে ।

এই ৰোগবোৰৰ নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে

চকুত সামান্যতম অসুবিধাও লক্ষ্য কৰিলে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে । ইয়াৰ লগতে ডায়েবেটিছ আৰু ৰক্তচাপ আদি নিয়মীয়াকৈ পৰীক্ষা কৰা উচিত, কাৰণ এই স্বাস্থ্যজনিত সমস্যাই চকুৰ দৃষ্টিশক্তি হ্ৰাস কৰিব পাৰে ।

ধূমপানৰ পৰা আঁতৰি থাকিব লাগে

ধূমপান কেৱল হাওঁফাওঁৰ বাবেই ক্ষতিকাৰক নহয়, চকুৰ দৃষ্টিশক্তিও হ্ৰাস কৰিব পাৰে । ধূমপানে চকুৰ লগত জড়িত গ্ল’ক’মা আৰু কেটাৰেক্টৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।

লগতে পঢ়ক: High BP: ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? তেন্তে প্ৰতিদিনে পুৱা কৰক এই ৪টা কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.