ETV Bharat / sukhibhava

30 বছৰৰ পিছত ছালৰ ক্ষেত্ৰত মন কৰিবলগীয়া কেইটামান কথা - Time tested tips for radiant skin after your 30s

বয়স কেৱল মাত্ৰ এটা সংখ্যাহে বুলি যদিও এটা জনপ্ৰিয় প্ৰবচন আছে ; কিন্তু আপোনাৰ ছালে এটা সময়ৰ পিছত এই প্ৰবচনৰ সৈতে সহমত প্ৰকাশ নকৰে । সেইকাৰণে ৩০ বছৰ বয়সত উপনীত হোৱা লোকসকলে তেওঁলোকৰ শৰীৰ আৰু ছালৰ ক্ষেত্ৰত বহুতো পৰিৱৰ্তন অনুভৱ কৰে (Skin care after 30 years) । ইয়াৰ ভিতৰত সচৰাচৰ দেখা দিয়া পৰিৱৰ্তনসমূহ হৈছে নিস্তেজ ছাল, চুলি পকা, হজমৰ সমস্যা, অত্যাধিক ভাগৰ লগা ইত্যাদি ।

radiant skin after your 30s
30 ৰ পিছত ছালৰ ক্ষেত্ৰত মন কৰিবলগীয়া কেইটামান কথা
author img

By

Published : May 30, 2022, 10:40 PM IST

বিশেষজ্ঞ বিশেষকৈ চৰ্মৰোগৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে দাগ বা সূক্ষ্ম ৰেখাৰ (spots or fine lines) দৰে পৰিৱৰ্তন হৈছে বয়স বৃদ্ধিৰ সাধাৰণ লক্ষণ, যাক লৈ আপুনি চিন্তিত হোৱা উচিত নহয় । প্ৰকৃততে হয় কি ? ছালৰ কোষৰ টাৰ্ণঅ'ভাৰৰ হাৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰে আৰু আপোনাৰ কোলাজেন আৰু ইলাষ্টিনৰ সমষ্টিবোৰ ভাঙিবলৈ আৰম্ভ কৰাৰ সময়ত কোষৰ পুনৰ্জন্মও হ্ৰাস হয় । আপুনি দাগ আৰু সূৰ্যৰ ক্ষতিৰ প্ৰতি অধিক সংবেদনশীল হোৱাৰ বিপৰীতে শৰীৰে ইয়াৰ প্ৰাকৃতিক উজ্জ্বলতা আৰু স্থিতিস্থাপকতাৰ সৈতে আপোচ কৰি চলে ।

যদিও বয়সবৃদ্ধি হৈছে সম্পূৰ্ণৰূপে এক স্বাভাৱিক বিকাশ, তথাপিও কিন্তু বহুতো বাহ্যিক এজেণ্ট যেনে সূৰ্যৰ ৰশ্মি আৰু প্ৰদূষণ লগতে আভ্যন্তৰীণ এজেণ্ট যেনে অস্বাস্থ্যকৰ খোৱাৰ অভ্যাস, উদ্বেগ আৰু ক্ষতিকাৰক ৰাসায়নিক কেমিকেলযুক্ত প্ৰসাধন সামগ্ৰীৰে ছালৰ যত্ন লোৱাৰ বাবেও ছালৰ দ্ৰুত আৰু অকাল বয়স বৃদ্ধি হয় । অৱশ্যে সুখৰ কথাটো হ'ল আপুনি সহজে স্বাস্থ্যৱান ছাল প্ৰাপ্ত কৰিব পাৰে আৰু ছালক ভিতৰ আৰু বাহিৰ দুয়োফালে সঠিক পুষ্টি প্ৰদান কৰি বয়স বৃদ্ধিৰ এই অপ্ৰাকৃতিক লক্ষণবোৰ প্ৰতিহত কৰিব পাৰে (Skin care after 30 years) । অনলাইনত পৰিষ্কাৰ, উদ্ভিদ-আধাৰিত সামগ্ৰী বিক্ৰী কৰা ব্ৰেণ্ড এটাৰ সহ-প্ৰতিষ্ঠাপক আৰতি গিলে এক মৌলিক নিৰ্দেশনা শ্বেয়াৰ কৰিছে যি আপোনাক 30 বছৰৰ পিছতো ছালখন সতেজ কৰি ৰখাত সহায় কৰিব পাৰে ।

প্ৰথম আৰু মুখ্য - পৰিষ্কাৰ খাদ্য(First and foremost - clean eating)

আমি খোৱা আহাৰে আমাৰ ছালত যথেষ্ট প্ৰভাৱ পেলায় । অৰ্থাৎ আপুনি যি খায়, আপোনাৰ ছালখনে তাকেই কয় । আপুনি খোৱা খাদ্যই আপোনাৰ ছালক পুষ্টি প্ৰদান কৰাটো অত্যাৱশ্যকীয় । সেয়েহে, ছালৰ স্বাস্থ্য ভাল কৰি ৰাখিবৰ বাবে পৰিষ্কাৰ খাদ্য খোৱা, সেউজীয়া শাক-পাচলি খোৱা আৰু উচ্চ সংসাধিত খাদ্য পৰিহাৰ কৰা অত্যাৱশ্যকীয় । আপুনি দৈনিক 2-3 লিটাৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ কিয়নো পানীয়ে শৰীৰৰ পৰা বিভিন্ন বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে আৰু ছালখন আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে যিয়ে স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে । ই শুকান ছালত সূক্ষ্ম ৰেখা গঠন হোৱাটো প্ৰতিহত কৰাত সহায় কৰে । লগতে, ধূমপানৰ দৰে অবাঞ্ছিত অভ্যাসৰ পৰা আঁতৰি থাকিব যি ছালৰ গুৰুতৰ ক্ষতি কৰে ।

এণ্টি-এজিং লাভালাভৰ বাবে কোলাজেন(Collagen for anti-ageing benefits)

বয়স বাঢ়ি অহাৰ লগে লগে, শৰীৰত কোলাজেনৰ উৎপাদন হ্ৰাস হয় । বয়স বৃদ্ধিৰ উপৰিও, কোলাজেনৰ অভাৱৰ আঁৰত আন কিছুমান বাহ্যিক কাৰক আছে । কোলাজেন হৈছে এক প্ৰকাৰৰ প্ৰ'টিন যি ছালৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে আৰু প্ৰাকৃতিক স্থিতিস্থাপকতা বজাই ৰাখি ইয়াক উজ্জ্বল কৰি ৰাখে । যদি আপোনাৰ শৰীৰত কোলাজেনৰ স্তৰ উচ্চ হয় তেনেহ'লে আপোনাৰ ছাল স্বাভাৱিকতে দৃঢ় আৰু কোমল দেখা যাব । আমি ডাঙৰ হোৱাৰ লগে লগে কোলাজেনৰ সৰ্বোত্তম উৎপাদনত সহায় কৰিবলৈ, ভিটামিন-C যুক্ত পৰিষ্কাৰ আৰু উদ্ভিদ-আধাৰিত খাদ্য খোৱাৰ প্ৰয়োজন আছে আৰু উদ্ভিদ-আধাৰিত পৰিপূৰক খাব লাগে যি প্ৰাকৃতিকভাৱে শৰীৰত কোলাজেন উৎপাদন বৃদ্ধি কৰিব পাৰে ।

এছ.পি.এফ.ব্যৱহাৰ কৰক(Make SPF your friend)

আপোনাৰ বয়স যিমানেই নহওঁক কিয় চানস্ক্ৰীণ হৈছে আপোনাৰ ছালৰ যত্নৰ ৰুটিনৰ এক অতি অবিচ্ছেদ্য অংশ । আমি ডাঙৰ হোৱাৰ লগে লগে, আমি বয়স বৃদ্ধিৰ প্ৰথম লক্ষণবোৰ দেখিবলৈ পাওঁ । ৰ'দ হওঁক বা নহওঁক, চানস্ক্ৰীণ আপোনাৰ দৈনিক ছালৰ যত্নৰ কিটৰ অংশ হ'ব লাগে । বেছিভাগ বিশেষজ্ঞই আপোনাৰ ছালক সূৰ্যৰ উজ্জ্বল ৰশ্মিৰ পৰা সুৰক্ষিত কৰিবলৈ দৈনিক এছপিএফ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে । ইউভিবি-য়ে আপোনাৰ ছালৰ যথেষ্ট ক্ষতি কৰিব পাৰে ।

মুখৰ মালিচ কৰক(Go for facial massages)

মুখৰ মালিচৰ লাভালাভ উপলব্ধি কৰিবলৈ, আপুনি সময়ে সময়ে নিজেই মুখখন মালিচ কৰা উচিত । মুখৰ মালিচে ছালক বিভিন্ন লাভালাভ প্ৰদান কৰে যেনে ৰক্ত সঞ্চালন বৃদ্ধি কৰে, লিম্ফেটিক নিষ্কাশন কৰে আৰু কোষৰ টাৰ্ণঅভাৰৰ উদ্দীপনা বৃদ্ধি কৰে আৰু পেশীৰ চাপৰ পৰা সকাহ দিয়ে । মুখৰ মালিচে আপুনি ব্যৱহাৰ কৰা যিকোনো সৌন্দৰ্য সামগ্ৰীৰ উন্নত শোষণত সহায় কৰে ।

সাৱধানে এক্সফলিয়েট কৰক(Exfoliate, but mindfully)

এক্সফলিয়েচন হৈছে সকলো স্বাভাৱিক ছালৰ যত্নৰ ৰুটিনৰ এক অত্যাৱশ্যকীয় অংশ । এই প্ৰক্ৰিয়াটোৱে ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে যি ছাললৈ এক নিস্তেজ ৰং প্ৰসাৰিত কৰে । নিৰন্তৰ এক্সফলিয়েশ্বনে নিশ্চিত কৰে যে আপোনাৰ ছাল উজ্জ্বল আৰু কোমল হৈ থাকে । তথাপিও, আমি 30 বছৰত উপনীত হোৱাৰ লগে লগে ছাল অধিক এক্সফলিয়েট নকৰাটো ভাল । অত্যাধিক এক্সফলিয়েশ্বনে আপোনাৰ ছালৰ পৰা অত্যাৱশ্যকীয় তেল আঁতৰ কৰিব পাৰে আৰু ইয়াক বাহ্যিক ক্ষতিৰ প্ৰতি অধিক সংবেদনশীল কৰি তুলিব পাৰে । এইটো পৰামৰ্শ দিয়া হয় যে আপুনি সপ্তাহত তিনিবাৰতকৈ অধিক এক্সফলিয়েট যাতে নকৰে আৰু এক্সফলিয়েট কৰাৰ পিছত সদায় ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰে ।

লগতে পঢ়ক: 2022 ৰ নতুন ট্ৰেণ্ড skinmalism ৰ বিষয়ে শুনিছেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.