ETV Bharat / sukhibhava

Foods To Avoid In Kids Tiffin: ভুলতেও আপোনাৰ শিশুটিক টিফিনত খাবলৈ নিদিব এইসমূহ খাদ্য

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 2:30 PM IST

প্ৰত্যেকগৰাকী পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ খাদ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াটো উচিত ৷ কিন্তু শিশুটি স্কুললৈ যাবলৈ আৰম্ভ কৰিলে পিতৃ-মাতৃয়ে প্ৰায়ে শিশুটিৰ প্ৰিয় খাদ্য বস্তুবোৰ টিফিনত পেক কৰি দিয়ে যাতে শিশুৱে সহজে খাব পাৰে । এনে পৰিস্থিতিত আজি আমি আপোনালোকক ক'ম কিছুমান খাদ্যৰ বিষয়ে যিবোৰ স্কুলৰ টিফিনত দিয়াটো আপোনাৰ শিশুটিৰ বাবে খুবেই ক্ষতিকাৰক হ’ব পাৰে ।

These types of foods to avoid putting in the tiffin box of children
ভুলতেও আপোনাৰ শিশুটিৰ টিফিনত খাবলৈ নিদিব এইসমূহ খাদ্য

শিশু হওক বা প্ৰাপ্তবয়স্ক, শৰীৰক সুস্থ কৰি ৰখাত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ শিশুৰ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে সুষম আহাৰ অতি গুৰুত্বপূৰ্ণ ৷ ইয়াত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ শিশুৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিন্তু শিশুৱে ফাষ্ট ফুড আৰু মিঠা খাদ্য খুবেই ভাল পায় ৷ সেয়ে কেতিয়াবা পিতৃ-মাতৃয়েও শিশুৰ প্ৰিয় খাদ্যবোৰ টিফিনত খাবলৈ দিয়ে, যাতে শিশুৱে সহজে খাব পাৰে, কিন্তু এই খাদ্যবোৰ শিশুৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হয় জানেনে ৷ গতিকে শিশুৰ টিফিনত কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে জানো আহক...

মিঠা পানীয়

শিশুৱে মিঠা বস্তু ভাল পায়, কিন্তু অতিমাত্ৰা খালে ওজন বৃদ্ধি, দাঁতৰ ক্ষয় আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ যদি আপুনি প্ৰায়ে আপোনাৰ শিশুটিক টিফিনত চোডা, স্প’ৰ্টছ ড্ৰিংকছ দিয়ে, তেন্তে ই আপোনাৰ শিশুটিৰ ক্ষতি কৰিব পাৰে ৷ ফলৰ ৰস সদায় সতেজ হৈ থাঁকোতেই খোৱাটো উচিত ৷ যদি আপুনি শিশুটিক ঘৰতে ফলৰ ৰস তৈয়াৰ কৰি দিছে তেন্তে সেয়া তেওঁলোকৰ স্বাস্থ্যৰ পক্ষে লাভদায়ক কিন্তু যদি আপুনি শিশুটিক টিফিনত ফলৰ ৰস খাবলৈ দিছে তেন্তে সেয়া আপোনাৰ শিশুটিৰ শৰীৰৰ উপকাৰৰ পৰিৱৰ্তে অপকাৰিতা হে সাধন কৰিব পাৰে ৷

ভজা খাদ্য

ডিপ ফ্ৰাইড খাদ্য কেৱল শিশুৰ বাবেই নহয় সকলোৰে বাবে ক্ষতিকাৰক ৷ এই খাদ্য শিশুটিক মাজে মাজে হে দিব পাৰে, কিন্তু যদি আপুনি প্ৰতিদিনে শিশুটিৰ টিফিনত ভজা খাদ্য দিয়ে, তেন্তে অতিমাত্ৰা খালে মেদবহুলতা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

পেকেটৰ খাদ্য

শিশুৱে চিপচ, কুকিজ, ক্ৰেকাৰ বা পেকেটৰ ফলৰ ৰসৰ দৰে অন্যান্য প্ৰচেছড খাদ্য ভাল পায়, কিন্তু ইয়াত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে ৷ এই খাদ্যবোৰত ছডিয়াম আৰু চেনি বেছি থাকে, যিটো অতিৰিক্তভাৱে খালে মেদবহুলতা আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়, গতিকে সতেজ ফল-মূল, শাক-পাচলি, বা ঘৰতে বনোৱা খাদ্য আপোনাৰ শিশুক টিফিনত খাবলৈ দিয়ক, যিয়ে শিশুটিক সুস্থ কৰি ৰাখিব ৷

ফাষ্ট ফুড

কিছুমান শিশুক খাদ্য খুওৱাটো অতিকৈ কঠিন কাম, এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে প্ৰায়ে কেৱল নিজৰ পছন্দৰ খাদ্যহে খাবলৈ দিয়ে ৷ যদি আপোনাৰ শিশুৱেও প্ৰায়ে ফাষ্ট ফুড খায়, তেন্তে তেওঁ সোনকালে অসুস্থ হ’ব পাৰে ৷ ফাষ্টফুডত অধিক পৰিমাণে অস্বাস্থ্যকৰ চৰ্বি, ছডিয়াম আৰু চেনি থাকে ৷ যিয়ে শিশুটিক অসুস্থ কৰিব পাৰে ৷

কৃত্ৰিম খাদ্যৰ ৰং

কৃত্ৰিম খাদ্য ৰঙে খাদ্যৰ ৰং আৰু সোৱাদ উন্নত কৰে যদিও ইয়াৰ অত্যধিক ব্যৱহাৰে বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে, সেয়েহে শিশুৰ খাদ্যত কৃত্ৰিম খাদ্যৰ ৰং ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে ৷

চেনি বেছি থকা খাদ্য

শিশুৰ বাবে বজাৰত সুকীয়াকৈ জলপান পোৱা যায়, য’ত অধিক পৰিমাণৰ চেনি থাকে ৷ যদিও শিশুৱে ইয়াক অতি উৎসাহেৰে খায়, তথাপিও উচ্চ চেনিযুক্ত খাদ্য শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷ ইয়াৰ পৰিৱৰ্তে আপুনি আপোনাৰ শিশুৰ বাবে কম চেনিযুক্ত খাদ্যৰ পথ বাছি ল’ব পাৰে ৷

লগতে পঢ়ক: Mustard seeds: স্বাস্থ্যৰ তথা ছালৰ বাবে এইসমূহ উপকাৰিতা কঢ়িয়াই আনে সৰিয়হৰ গুটিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.