ETV Bharat / sukhibhava

নতুন বছৰত কোনোবা নতুন ঠাই ভ্ৰমণ কৰাৰ কথা ভাবিছে নেকি ? তেন্তে এয়া হৈছে তালিকা - ভ্ৰমণৰ বাবে সৰ্বোত্তম ঠাই

Best place for visit: যদি আপুনিও এনে কোনোবা বিশেষ ঠাই এই নতুন বছৰত ভ্ৰমণ কৰাৰ কথা পৰিকল্পনা কৰি আছে, তেন্তে আপুনি খুব কম খৰচতে ভাৰতৰ কেইখনমান অতি মনোমোহা ঠাই ভ্ৰমণ কৰি আহিব পাৰে ৷ এই ঠাইকেইখন হৈছে ক্ৰমে-

These Places are To Visit On New Year In India On Budget In 2024
নতুন বছৰত কোনোবা নতুন ঠাই ভ্ৰমণ কৰাৰ কথা ভাবিছে নেকি ? তেন্তে এয়া হৈছে তালিকা
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 6:23 PM IST

পুৰণি বৰ্ষক বিদায় দিয়াৰ লগে লগে বহুলোকে এতিয়া বিভিন্ন ঠাই ভ্ৰমণৰ কথা পৰিকল্পনা কৰিছে ৷ এতিয়া শীতৰ সময় সেয়ে ভাৰতৰ কিছুমান এনে ঠাই আছে যিসমূহ এই সময়ছোৱাত অতি মনোমোহা হৈ পৰে ৷ যদি আপুনিও এনে কোনোবা বিশেষ ঠাই এই নতুন বছৰত ভ্ৰমণ কৰাৰ কথা পৰিকল্পনা কৰি আছে, তেন্তে আপুনি খুব কম খৰচতে ভাৰতৰ কেইখনমান অতি মনোমোহা ঠাই ভ্ৰমণ কৰি আহিব পাৰে ৷ এই ঠাইকেইখন হৈছে ক্ৰমে-

মানালী

নৱবৰ্ষত হিমাচল প্ৰদেশ ভ্ৰমণ কৰাৰ বাবে মানালী এক অতি ভাল বিকল্প ৷ মানালীৰ সৌন্দৰ্য বৃদ্ধি কৰা পৰ্বত আৰু পাইন গছবোৰে আপোনাক এক বেলেগ শান্তি প্ৰদান কৰিব ৷ এই ঠাইখনক ৰঙীন ফুলৰ উপত্যকা বুলিও কোৱা হয় ৷ ডিচেম্বৰত-জানুৱাৰীত ইয়াত ভিৰও কম ৷সেয়েহে, যদি আপুনি নতুন বছৰটোৰ আৰম্ভণি বিশেষভাৱে কৰিবলৈ বিচাৰে, আপুনি মানালীলৈ যাব পাৰে ৷

গোৱা

যদি আপুনি আপোনাৰ নতুন বছৰটো সাগৰৰ পাৰত কটাব বিচাৰে তেন্তে গোৱা আপোনাৰ বাবে সঠিক বিকল্প হ'ব পাৰে ৷ য'ত আপুনি আপোনাৰ নতুন বছৰটো সুন্দৰ সমুদ্ৰ তীৰ, গছ, সেউজীয়া সমুদ্ৰ তীৰ আৰু ঐতিহাসিক গীৰ্জাবোৰৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰে ৷গোৱাত ৩১ ডিচেম্বৰৰ নিশা নতুন বছৰটোক আদৰাৰ বাবে ক্লাব আৰু পাবত মহা আড়ম্বৰৰে অনুষ্ঠিত হয় ৷

শ্বিমলা

হিমাচলৰ ৰাজধানী শ্বিমলাও নতুন বছৰত ভ্ৰমণ কৰাৰ বাবে এক অতি উত্তম ঠাই ৷ আপুনি ইয়াত বৰফ আৰু সেউজীয়া উপত্যকাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ৷ শ্বিমলাত ডিচেম্বৰ-জানুৱাৰীত তুষাৰপাত হয় ৷ সেয়েহে, নতুন বছৰটো স্মৰণীয় কৰি তুলিবলৈ শ্বিমলাতকৈ ভাল বিকল্প হ’ব নোৱাৰে ৷

উদয়পুৰ

উদয়পুৰক 'লেক চিটি' বুলিও কোৱা হয় ৷ আনহাতে, ইয়াত থকা ঐতিহাসিক প্ৰাসাদৰ সৌন্দৰ্যই আপোনাৰ হৃদয় জয় কৰিব ৷ ৩১ ডিচেম্বৰৰ নিশা ইয়াত এখন মেলা অনুষ্ঠিত হয়, যিয়ে গোটেই বছৰটোক আৰু অধিক বিশেষ কৰি তোলে ৷

দিল্লী

আপুনি নতুন বছৰত ভাৰতৰ ৰাজধানী দিল্লীও ভ্ৰমণ কৰিব পাৰে ৷ ইয়াৰ সংস্কৃতি, কলা আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বহু দূৰদূৰণিৰ পৰা আহে ৷দিল্লীত আপুনি ঐতিহাসিক লালকিল্লা, কুতুব মিনাৰ, অক্ষৰধাম মন্দিৰ, কালকা জী, ল’টাছ টেম্পল, ইণ্ডিয়া গেটৰ দৰে বহুতো পৰ্যটন স্থান দৰ্শন কৰিব পাৰে ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰা মহিলাসকলে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.