ETV Bharat / sukhibhava

এইসমূহ ঘৰুৱা উপায়ৰ দ্বাৰা উফিক দিয়ক বিদায় - উফি দূৰ কৰাৰ উপায়

Dandruff Home remedies: শীতকালত উফিৰ বাবে আপুনি অশান্তি পাইছে নেকি? তেন্তে আজিয়েই তলত উল্লেখিত এই ঘৰুৱা উপায়বোৰ অনুসৰণ কৰি উফিক দিয়ক বিদায় ৷

These Home Remedies helps you To Cure Dandruff Naturally
এইসমূহ ঘৰুৱা উপায়ৰ দ্বাৰা উফিক দিয়ক বিদায়
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:03 PM IST

শীতকালত বহুতৰে বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈছে উফিৰ সমস্যা, যিটো আমি বিভিন্ন শ্বেম্পু আৰু তেলেৰে কমাবলৈ চেষ্টা কৰোঁ যদিও আমি ইয়াৰ পৰা একো ভাল ফলাফল লাভ নকৰো ৷ বজাৰৰ ৰাসায়নিক সামগ্ৰীয়ে আপোনাৰ উফি কমাব পাৰে বা নকমাবও পাৰে, কিন্তু ই নিশ্চিতভাৱে আপোনাৰ চুলি সৰাৰ কাৰণ হ’ব পাৰে ৷ সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এনে ২ টা ঘৰুৱা উপায় যাৰ সহায়ত আপুনি উফিৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ এই ঘৰুৱা উপায় সমূহৰ বিষয়ে জানো আহক-

দৈ আৰু সৰিয়হৰ তেলে কৰিব সহায়

যদি আপুনি চুলিত সৰিয়হৰ তেল লগায়, তেন্তে তাত দৈ মিহলাই ব্যৱহাৰ কৰক৷ সৰিয়হৰ তেলে আপোনাৰ চুলিক মজবুত কৰাই নহয় মূৰৰ ছালকো পুষ্টি প্ৰদান কৰে ৷ ইয়াত প্ৰ’টিন, আইৰণ, কেলচিয়াম, ওমেগা-৩ আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে আপোনাৰ চুলি সৰাত বাধা প্ৰদান কৰে আৰু ইয়াৰ উপৰিও চুলি ঘন কৰাত অতি ফলপ্ৰসূ ৷

এইদৰে ব্যৱহাৰ কৰক

  • প্ৰথমে এটা সৰু বাটি লৈ ২ চামুচ দৈ, ২ চামুচ সৰিয়হৰ তেল আৰু ১ চামুচ নেমুৰ ৰস দি ভালদৰে মিহলাই লওক ৷
  • এতিয়া মূৰৰ ছাল আৰু চুলিত লগাওক
  • কমেও ১০-১৫ মিনিট চুলিত থৈ দিয়ক ৷
  • সময় শেষ হোৱাৰ পিছত স্বাভাৱিক পানীৰে চুলিখিনি ধুই লওক ৷

সৰিয়হৰ তেলত কৰ্পূৰ মিহলাই লওক

যদি আপুনি দৈ ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে আপুনি কৰ্পূৰ সৰিয়হৰ তেলত মিহলাইও ব্যৱহাৰ কৰিব পাৰে ৷ ই চুলিৰ স্বাস্থ্য উন্নত কৰাৰ লগতে চুলিৰ সৰাৰ সমস্যা কম কৰিব পাৰে ৷ ইয়াৰ উপৰিও ই ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে ৷

এইদৰে ব্যৱহাৰ কৰক

  • প্ৰথমে এটা বাটিত ২ চামুচ সৰিয়হৰ তেল দি পিহি লোৱা কৰ্পূৰ ভালদৰে মিহলাই লওক ৷
  • এতিয়া ইয়াৰ দ্বাৰা চুলিখিনি ভালদৰে মালিচ কৰক ৷
  • ৩০ মিনিটৰ পিছত চুলিখিনি ধুই লওক ৷

মনত ৰাখিব এইসমূহ কথা

  • যদি আপোনাৰ চুলি দীঘল হয় তেন্তে উপাদানৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি ৷
  • যদিও এই উপায়বোৰ সপ্তাহত ৩বাৰকৈও ব্যৱহাৰ কৰিব পাৰে ৷
  • যদি আপোনাৰ চুলি দৈনিক ধোৱাৰ অভ্যাস আছে তেন্তে সোনকালে এই অভ্যাস ত্যাগ কৰক পৰাপক্ষত সপ্তাহত ২-৩ বাৰহে চুলি ধুবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ক: চিয়া বীজ মিহলোৱা পানীত থকা এই আচৰিত গুণাগুণৰ বিষয়ে আপুনি জ্ঞাতনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.