পৰিৱৰ্তনশীল বতৰত পেটৰ সমস্যা সঘনাই হয় ৷ বিশেষকৈ পেটৰ বিষ আৰু ডায়েৰিয়া একেলগে হোৱাৰ ফলত পেটৰ অৱস্থা একেবাৰে বেয়া হৈ পৰে ৷ বতৰৰ লগতে ভুল খাদ্যাভ্যাস আৰু লেতেৰা পানীও পেট বেয়া হোৱাৰ অন্যতম প্ৰধান কাৰণ ৷ বতৰ সলনি হোৱাৰ লগে লগে যদি আপোনাৰো পেটৰ সমস্যা বাঢ়ে, তেন্তে আপুনি ঔষধ খোৱাৰ সলনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায় ল'ব পাৰে ৷ আজি সেই বিষয়ে জানো আহক-
- জিৰা
মচলা হিচাপে ব্যৱহৃত জিৰাই আপোনাক ডায়েৰিয়াৰ পৰা সকাহ পোৱাত যথেষ্ট সহায় কৰিব পাৰে ৷ পেটৰ সমস্যাত ভূগিলে ১ চাহ চামুচ জিৰা খাব ৷ ডায়েৰিয়াৰ সমস্যাত জিৰাক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ জিৰা খাই উঠি এক গিলাচ কুহুমীয়া পানী খাব ৷ এনেদৰে খোৱাৰ ফলত আপুনি ডায়েৰিয়াৰ পৰা যথেষ্ট সকাহ পাব ৷
- কল
কলে আপোনাক ডায়েৰিয়াৰ সমস্যাৰ পৰা যথেষ্ট সকাহ দিব ৷কলত পোৱা পেক্টিন নামৰ উপাদানটোৰ লগতে পটাছিয়াম ডায়েৰিয়া নিৰ্মূলত যথেষ্ট উপকাৰী ৷
- আদা
আদাক পেটৰ সমস্যা সমাধানত অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত পোৱা এণ্টিফাংগাল আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণে পেটৰ বিষৰ পৰা আপোনাক অতি সোনকালে সকাহ দিব ৷পেটৰ সমস্যাত ভূগিলে আপুনি এক গিলাচ গাখীৰত এক চামুচ আদা গুৰি মিহলি কৰি খাব পাৰে ৷
- পুদিনা
পেট সম্পৰ্কীয় সকলো সমস্যাৰ পৰা সকাহ পাবলৈ বছৰ বছৰ ধৰি পুদিনা ব্যৱহাৰ কৰি অহা হৈছে ৷ পুদিনাত কিছুমান এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰাত সহায় কৰে ৷
- পানী
পেট বেয়া হ'লে শৰীৰত পানীৰ অভাৱ হয় ৷ সেয়েহে এই সময়ছোৱাত অধিক পানী খাব লাগে ৷ পানীৰ সলনি আপুনি ফলৰ ৰস বা পাচলিৰ ৰসো খাব পাৰে ৷নেমু পানী আৰু নিমখ-চেনীৰে তৈয়াৰ কৰা দ্ৰৱণো পেটৰ বাবে যথেষ্ট উপকাৰী ৷
- দৈ
পেট বিকল হ'লে আপুনি দৈ খাব পাৰে ৷ ইয়াত পোৱা বেক্টেৰিয়াই পেটৰ ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ যি পাকস্থলী অতি সোনকালে আৰোগ্য কৰে ৷ তদুপৰি, ই পেট ঠাণ্ডা ৰখাত সহায় কৰে ৷
লগতে পঢ়ক: Constipation Remedies: নাইকিয়া হ’ব কোষ্ঠকাঠিন্য; কেৱল প্ৰতিদিনে পুৱা তিয়াই খাওক এইবিধ ফল