ETV Bharat / sukhibhava

Stomach Problem: এইবোৰেই হৈছে বদহজমৰ ১০টা প্ৰধান কাৰণ - বদহজমৰ প্ৰধান কাৰণ

আমাৰ মাজৰ বহুতেই বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, কিন্তু ইয়াৰ মূলৰ কাৰণৰ বিষয়ে সকলোৱে ভালদৰে আলোচনা বা চিন্তা-চৰ্চা নকৰে । সেয়ে আজি আমি এই বিষয়ৰ ওপৰত বিতংভাৱে জানি লও আহক...

These are the 10 biggest reasons of Indigestion
এইবোৰেই হৈছে বদহজমৰ ১০টা প্ৰধান কাৰণ
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:26 PM IST

বদহজম এটা অতি সাধাৰণ সমস্যা যিটো বহুতে ভুগিবলগীয়া হয়, যাৰ ফলত পেটত অস্বস্তি বা বিষ হয় ৷ ইয়াৰ ফলত প্ৰায়ে পেট ফুলা, ওকট-পাকট লগা, কোষ্ঠকাঠিন্য, বমি আৰু গেছৰ সৃষ্টি হয় ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই সকলোবোৰ সমস্যাৰ মূল কাৰণ কি ? যদি আমি ইয়াৰ মূল কাৰণৰ বিষয়ে চাবলৈ যাওঁ তেন্তে হয়তো আমি সেই ভুলবোৰ নকৰো যিয়ে পেটৰ সমস্যা বৃদ্ধি কৰিব ৷ সেয়ে আজি আমি এই বিষয়ৰ ওপৰত বিতংভাৱে জানি লও আহক...

বদহজমৰ প্ৰধান কাৰণ

১/ মছলাযুক্ত খাদ্য (Spicy Foods)

বেছিকৈ জলকীয়া আৰু মছলা খালে পেটত বিষ হয়, যাৰ ফলত কিছুমান মানুহৰ বদহজম হ’ব পাৰে ৷

২/ অম্লযুক্ত খাদ্য (Acidic foods)

কিছুমান মানুহে অত্যধিক এচিডিক খাদ্য বা পানীয় সেৱন কৰে, যাৰ ফলত পেটত এচিডৰ উৎপাদন বৃদ্ধি পায়, যাৰ ফলত বদহজম হয় ৷

৩/ অতিমাত্ৰা খাদ্য খোৱা (Overeating)

ভোকতকৈ বেছি খাদ্য খোৱা আৰু সোনকালে খাদ্য শেষ কৰিলে পেটৰ সমস্যা হ’ব পাৰে কাৰণ ই পাচনতন্ত্ৰত প্ৰভাৱ পেলায় ৷

৪/ কেফেইন (Caffeine)

ভাৰতত চাহ-কফি খোৱা লোকৰ অভাৱ নাই ৷ যিহেতু এই পানীয়বোৰত অত্যধিক কেফেইন থাকে, গতিকে আপুনি কোষ্ঠকাঠিন্যত ভুগিব পাৰে ৷

৫/ মদ্যপান (Alcohol)

যদিও সুৰা শৰীৰৰ বহু অংশৰ বাবে ক্ষতিকাৰক, তথাপিও ই পেটৰ বাবেও কম অসুবিধাৰ কাৰণ নহয় ৷ ইয়াৰ ফলত ডিঙিত এচিড পুনৰ ঘূৰি আহে, যাৰ ফলত বদহজম আৰু অত্যন্ত জ্বলন হ’ব পাৰে ৷

৬/ ধূমপান কৰা (Smoking)

চিগাৰেট, বিড়ি, হুক্কা বা গাঞ্জা আদি খালে পেটৰ সমস্যা হ’ব পাৰে ৷ এই অভ্যাস যিমান পাৰি সোনকালে ত্যাগ কৰক ৷

৭/ ঔষধৰ সেৱন (Medications)

কিছুমান ঔষধ সেৱন কৰিলে পেটৰ সমস্যা বৃদ্ধি পাব পাৰে ৷ ইয়াৰ ভিতৰত ননষ্টেৰয়ডাল এন্টি-ইনফ্লেমেটৰী ঔষধো অন্তৰ্ভুক্ত ৷

৮/ পেপটিক আলচাৰ (Peptic ulcers)

পেপটিক আলচাৰ বা পেটত আলচাৰ হ’লে বিশেষকৈ খাদ্য খোৱাৰ পিছত বদহজম হ’ব পাৰে ৷

৯/ পিত্তথলীত পিত্তৰ পাথৰ (Gallstones)

পিত্তথলীত পাথৰ থকাৰ বাবে পিত্তনলী বন্ধ হৈ যায়, যাৰ ফলত বদহজম আৰু বিষ হয় ৷

১০/ মানসিক চাপ আৰু উদ্বেগ (Stress and anxiety)

বহু সময়ত মানসিক অৱস্থা ঠিক নহ’লে পেটত প্ৰভাৱ পেলায় ৷ মানসিক চাপ আৰু উদ্বেগৰ বাবে বদহজম হ’ব পাৰে, গতিকে সদায় সুখী হৈ থাকিবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ক: Post workout Meals: জিমত কৰা কঠোৰ ৱৰ্কআউটৰ পিছত শৰীৰক শক্তি প্ৰদান কৰিবলৈ খাওক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.