ETV Bharat / sukhibhava

Benefits of Spondias Mombin: অমৰাৰ বিষয়ে আমি নজনা কিছু কথা জানো আহক - অমৰাৰ বিষয়ে আমি নজনা কিছু কথা জানো আহক

কিছুমান দেশত আজিও পৰম্পৰাগত বা লোকবিশ্বাসক ভিত্তি কৰি অমৰাৰ নানা অংশ ব্যৱহৃত হৈ আহিছে ৷ এই প্ৰতিবেদনৰ জৰিয়তে সেই দিশৰ ওপৰত কিছু আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷

There are many Health benefits of Spondias mombin
অমৰাৰ বিষয়ে আমি নজনা কিছু কথা জানো আহক
author img

By

Published : Dec 29, 2022, 7:04 PM IST

শীতকালত কেইমাহমানলৈ উপলব্ধ হ'ব এবিধ বতৰৰ ফল অমৰা(Benefits of Spondias Mombin) ৷ কুমলীয়া অমৰা গৃহিণীসকলে সংগ্ৰহ কৰে জুতি লগা আচাৰ বনাবলৈ ব্যৱহাৰ কৰে(Benefits of Spondias Mombin) ৷ কিছু পূৰঠ অমৰা সৰু-সৰুকৈ ডোখৰ ডোখৰ কৰি নিমখ লগাই ৰ'দত শুকুৱাই সংৰক্ষণ কৰে মাজে সময়ে ইয়াক নিমখ জলকীয়া লগাই বহুতে ইয়াৰ সোৱাদ উপভোগ কৰে ৷ পকা অমৰাৰ সোৱাদযুক্ত চৰ্বত তৈয়াৰ কৰি ঘৰুৱাভাৱে পৰিবেশন কৰা হয় ।

কিন্তু অমৰাৰ অন্তৰ্নিহিত গুণাৱলীৰ বিষয়ে সৰ্বসাধাৰণৰ জ্ঞান সীমিত(health benefits of spondias mombin leaves) ৷ অমৰাৰ কেবল ফলেই নহয়- ইয়াৰ পাত, গছৰ বাকলি, ফুল আৰু শিপাৰো অনেক গুণ আছে আৰু বিশ্বৰ নানান গৱেষণাগাৰত তাৰ সত্যতাও প্ৰমাণিত হৈছে ৷

প্ৰাপ্তিস্থান

গ্ৰীষ্মকালীন দেশ সমূহ হ'ল অমৰাৰ প্ৰাপ্তিস্থান ৷ ইয়াৰ ভিতৰত ভাৰত, আফ্ৰিকা, মেক্সিকো, পেৰু, ব্ৰাজিল, ৱেষ্ট ইণ্ডিজ, ইণ্ডোনেচিয়া, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, বাংলাদেশ আদি দেশৰ নাম উল্লেখযোগ্য ৷

ভূপৃষ্ঠৰ পৰা ১০০০মিটাৰ উচ্চতালৈকে আৰু তাপমান ১৩ৰ পৰা ৩৫ ডিগ্ৰী চেলচিয়াচলৈকে গছে সহন কৰিব পাৰে৷ অমৰা গছে বেচি শীত সহ্য কৰিব নোৱাৰে ৷

অমৰা ফল জুলাইৰ পৰা অক্টোবৰলৈকে গ্ৰীষ্মকালীন দেশসমূহত উপলব্ধ হয় ৷ ই কেঁচাতে সেউজীয়া আৰু পূৰঠ হ'লে হালধীয়াৰ পৰা কমলা বৰণৰ হব ধৰে ৷ ইয়াৰ বাকলি ডাঠ চামৰাৰ দৰে ৷ ভিতৰত পাতল ৰসাল তৰপ এটা থাকে ৷ তাৰ তলত এটি গুটি থাকে ৷ ইয়াৰ সোৱাদ টেঙা ৷

বৈজ্ঞানিক নাম আৰু আন আন ভাষাত মতা নাম

Spondias mombin হ'ল অমৰাৰ ব'টানিকেল নাম যাৰ বংশাৱলী হ'ল- Anacardiaceae (Cashew family)৷

  • ইংৰাজীত ইয়াৰ পৰিচয় এই কেইটিমান বিভিন্ন নামেৰে- Mombin, Hog Plum, Yellow Mombin, Spanish Plum, Golden Apple, Wild Mango আদি ৷
  • ব্ৰাজিলত: Ambalo, Tapereba, Caja বুলে, পেৰুত Mango Ciruelo,
  • নাইজেৰিয়াত Iyeye আৰু ঘানাত Ashanti Plum নামেৰে জনাজাত ৷
  • দেউৰীসকলে বুলে চুবি
  • মিচিংসকলে দৰ্জে
  • ডিমাচাসকলে থাইচুডি
  • খাচিয়াসকলে ডিয়েং চহ্ফিয়াৰ আৰু
  • টিৱাসকলে আমাৰা বুলে
  • বাংলা ভাষাত আমড়া আৰু ফৰসা
  • হিন্দীত অম্বাড়া
  • মাৰাঠীত অমড়া
  • মালায়ালমত আম্পাঝাম
  • তামিলত কিনকাম
  • নেপালীত অমাৰো আৰু
  • সংস্কৃতত বুলে অম্ৰাতক
  • থাইলেণ্ডত অমৰাক 'মেকক' বুলি কোৱা হয়

অমৰাত কি কি তত্ব অন্তৰ্নিহিত থাকে ?

অমৰাত থাকে প্ৰচুৰ এন্টিঅক্সিডেন্ট, ৫ বিধ কেৰটিনইড (লিউটিন, বিটা ক্ৰিপ্টঝেনথিন,ঝেইনোঝেনথিন, আলফা আৰু বিটা বকেৰটিন), ভিটামিন-চি, ভিটামিন-এ, খনিজ (ক'পাৰ আৰু আইৰণ) ৷ এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু কৰ্কটৰ বিৰুদ্ধে প্ৰতিৰোধকৰ কাম কৰে । অমৰাত কেলৰি থাকে কম আৰু উচ্চ পৰিমাণত থাকে ফাইবাৰ৷ অমৰাৰ বীজত প্ৰায় ৩২শতাংশ তেল পোৱা যায় ৷

কোনে কি দৰে অমৰাৰ ব্যৱহাৰ কৰে ?

মেক্সিকো, ব্ৰাজিল, পেৰু আদি দেশত অমৰাৰ পৰা আচাৰ, জেম আৰু মদ তৈয়াৰ কৰে৷ অমৰাৰ পৰা তৈয়াৰী এবিধ প্ৰচলিত মদৰ নাম হ'ল- “Vinho de Taperiba” ৷ ক'ষ্টাৰিকা, পানামা, ব্ৰাজিল আদিত আইচক্ৰিম আৰু অন্যান্য জুলীয় পানীয় প্ৰস্তুত কৰে ৷ বাংলা দেশত জলকীয়া গুৰিৰ লগত অমৰাৰ ব্যঞ্জন বনোৱা হয় ৷

আমাৰ অসমত অমৰাৰ জাম, জেলি, টক, আচাৰ আৰু শুকান মুখশুদ্ধি বনোৱাৰ ওপৰিও বহুতে কুমলীয়া পাতৰ চাটনি খায়৷ সৰু বা ডাঙৰ মাছৰ লগত টেঙা আঞ্জাৰ জোল ৰান্ধে ৷ কোনোৱে দাইলতো অমৰা দি খাই ভাল পায় আৰু কাৰোবাৰ ঘৰত সিদ্ধ কৰি আলুৰ লগত পিটিকা খোৱা হয় ৷

দেশে দেশে পৰম্পৰাগত চিকিৎসাত অমৰাৰ ব্যৱহাৰ

প্ৰাচীনকালৰ পৰাই অমৰাই পৰম্পৰাগত ঔষধি হিচাবে (Folk Medicine) স্থান লাভ কৰি অহাৰ তথ্য পঢ়িবলৈ পোৱা যায় ৷ ব্যৱহৃত হৈ অহা শাৰীৰিক বিজুতি কিছুমান হ'ল- নানাবিধ সংক্ৰমণত বীজানুনাশক হিচাবে, কঁকালৰ বিষ, বাত বিষ, ডিঙিৰ অসুখ, প্ৰসাবৰ পোৰনি, ৰক্তস্ৰাব, মেলেৰিয়া, যৌনব্যাধি, পাকস্থলীৰ নানা ৰোগ (ডায়েৰিয়া,পেটৰ বিষ), শাৰীৰিক ক্লান্তি বিনাশক, কৃমি বিনাশক আৰু গৰ্ভনিৰোধক হিচাবে ৷

নাইজেৰিয়াত অমৰাৰ পাত প্ৰসৱৰ সহায়ক আৰু প্লেচেন্টাৰ অৱশিষ্ট আতৰ কৰাৰ বাবে প্ৰয়োগ কৰি অহা হৈছিল৷ আফ্ৰিকাৰ কংগো দেশত অমৰাৰ কুমলীয়া পাত পিচি পেৰালাইচিচ ৰোগীৰ চিকিৎসাত ব্যৱহৃত হয় ৷ অমৰা পাতৰ ৰস আৰু ফুলৰ ৰস চকুৰ কনজাংকটিভাইটিচ জাতীয় অসুখতো বিভিন্ন অঞ্চলত ব্যৱহাৰ হয় বুলি জনা যায়৷ বিভিন্ন দেশত গছৰ ছালৰ পৰা পিচা ৰসেৰে প্ৰলেপ সানি কুষ্ঠৰোগীক চিকিৎসা দি অহা হয়৷ এই প্ৰত্যেকটো বিষয়ৰ ওপৰতেই আধুনিক গৱেষণাৰ থল আছে ৷

বিভিন্ন উপকাৰী প্ৰয়োগ

  • এই গছৰ শিপাৰ ছাইৰে চাবোন বনোৱা হয় ৷
  • অমৰাই প্ৰসাবৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায় (Diuretic action)৷
  • অমৰাৰ পাত উতলাই সেই পানীৰে স্নান কৰিলে খজুৱতি আৰু একজিমা জাতীয় চৰ্মৰোগ নিৰাময় হয়
  • অমৰা পাইলচৰ চিকিৎসাত উপযোগী৷ পাইলচৰ ৰোগত অমৰা গছৰ বাকলি উতলাই শীতল কৰি খাবলৈ পৰামৰ্শ দিয়া হয় ৷ বিতংকৈ জানিবলৈ নাইবা ইয়াৰে তৈয়াৰী ৰেডিমেড দৰব আছেনে নাই জানিবলৈ অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকক লগ ধৰা বাঞ্চনীয় ৷
  • অমৰাই ৰক্তক্ষৰণ বন্ধ কৰে ৷
  • অমৰাৰ সেৱনে মনৰ অস্থিৰতা আঁতৰ কৰে ৷
  • বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ অমৰাৰ চিকিৎসাত উপশম ঘটে ।
  • মহিলাৰ জননাংগৰ সংক্ৰমণৰ চিকিৎসাত উপযোগী ৷
  • কৃমি আৰু গ্ৰহণী ৰোগ নিৰাময় কৰে ৷
  • হৃদৰোগত অমৰাৰ উপযোগিতা- "কাৰ্ডিঅ'ভাস্কোলাৰ টস্কিক'লজী" ২০১০তম সংখ্যাত প্ৰকাশিত তথ্যমতে অমৰাই তেজৰ ক'লেষ্টৰলৰ পৰিমাণ কমায় আৰু হৃদৰোগ নিয়ন্ত্ৰণত ই ৰেমিপ্ৰিল (Ramipril) ঔষধৰ সদৃশ্য কাম কৰে ৷
  • গৰ্ভৱতী মহিলাৰ বাবেও অমৰা উপযোগী- কাৰণ ইয়াত থকা লৌহ পদাৰ্থই এনিমিয়া ৰোধ কৰে ৷ এন্টিঅক্সিডেন্টে ইমিউনিটি বঢ়ায় ৷ ফাইবাৰে শৌচকচা হবলৈ নিদিয়ে ৷
  • ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে৷

সম্ভাব্য পাৰ্শ্বক্ৰিয়া/অপকাৰিতা -

অমৰাৰ খাদ্য হিচাবে বা ঔষধি হিচাবে প্ৰয়োগত সাধাৰণতে কোনো পাৰ্শ্বক্ৰিয়া দেখা নাযায় ৷ তথাপিও সঘনাই বিভিন্ন এলাৰ্জিজনিত ৰোগত ভোগা লোকক সতৰ্কতা অৱলম্বন কৰিবলৈ দিহা দিয়াটো বাঞ্চনীয় ৷

প্ৰকৃতিয়ে উত্তৰ পূৰ্বাঞ্চলক আৰু অসমক হাততে পোৱাকৈ অনেক বনৌষধিৰ যোগান ধৰিছে ৷ আমাৰ অজ্ঞতাৰ সুযোগ দেশী-বিদেশী অনেক ঔষধৰ কোম্পানীয়ে নিৰন্তৰ লৈ আছে ৷

সেয়ে কথাতে এক প্ৰবাদ প্ৰচলিত আছে যে- "তোমাৰে বাৰীৰে বাঁহগাজ তাৰে কৰিছোঁ খৰিছা, তোমাকে বেচি ধন লৈছো কথাটো মন কৰিছা"? গতিকে আমি সজাগ হৈ স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰকৃতিয়ে দিয়া এই অমূল্য বৰদান সমূহক চিনাক্ত কৰি তাৰ সদব্যৱহাৰ কৰা উচিত ৷

লগতে পঢ়ক: Health Benefits of Broccoli: বিভিন্ন গুণাগুণেৰে সমৃদ্ধ ব্ৰকলি, আজিয়েই অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.