জীৱন যুদ্ধত হাৰ নমনা এগৰাকী সাহসী নাৰী ৷ নাম তেওঁৰ জুলি বৰুৱা ৷ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া জুলি বৰুৱা ৷ ২৪ বছৰ বয়সত এটা দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাই জুলি বৰুৱাই ৷ কিন্তু তাৰ পিছতো তেওঁ কেতিয়াও থমকি ৰোৱা নাছিল ৷ ২০০৬ চনৰ কটন কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰী আছিল বৰুৱা ৷ সেই সময়তে তেওঁ দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাবলগীয়া হৈছিল ৷ হাত দুয়োখন হেৰুৱাৰ পিছত কিছু অসুবিধাৰ বাবে সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে ৷ ২০০৯ চনৰ পৰা তেওঁ কৰ্মজীৱন আৰম্ভ কৰে ৷ বৰ্তমান ঘৰ-সংসাৰ, সন্তানৰ লগতেই নিয়াৰিকৈ চলাই গৈছে তেওঁৰ কৰ্মজীৱন ৷
শৰীৰৰ চৰ্চাৰ প্ৰতিও বিশেষ আগ্ৰহী তেওঁ ৷ দুয়োখন হাতৰ অবিহনেই তেওঁ কৰি গৈছে কঠোৰতকৈও কঠোৰ যোগাসন ৷ প্ৰায় দুবছৰ ধৰি তেওঁ কৰি আহিছে যোগাসন ৷
তেওঁৰ এই যোগভ্যাসৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে-‘‘মনেৰে যি কাম কৰা যায় সেই কামেই সম্ভৱ ৷ এখন দুৱাৰ বন্ধ হ’লে আন এখন দুৱাৰ নিশ্চয় খোল খায় ৷ যিকোনো ধৰণৰ আসন মই এতিয়া ৱালৰ সহায় লৈ কৰিব পাৰো ৷’’
সূৰ্যনমস্কাৰ, চক্ৰাসন, সৰ্বাংগসন, পৱন মুক্তাসন আদিৰ দৰে কঠোৰ আসন সমূহো তেওঁ সাধনাৰ বলত সহজে কৰিব পাৰে ৷ শৰীৰচৰ্চাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে- বৰ্তমান সময়ত নিজেকে সুস্থ কৰি ৰাখিবলৈ শৰীৰ চর্চা আনি প্ৰয়োজন ৷ বিশেষভাৱে সক্ষম বুলিয়ে যে কামবোৰ কৰিব নোৱাৰিম সেইটো নহয় ৷ সাধাৰণ মানুহ এজনেও হয়তো কোনো এটা কাম চেকেণ্ডত কৰিছে, আমি হয়তো সেই কাম মিনিটত কৰিব পাৰো ৷ ইচ্ছা আৰু আগ্ৰহ থাকিলে সকলো কাম সকলোৱে কৰিব পাৰে তাৰ ৰাস্তা হয়তো বেলেগ হ'ব পাৰে ৷
হাত দুয়োখন নোহোৱাৰ ফলত কিবা অসুবিধা হয় নেকি সোধা প্রশ্নৰ উত্তৰত তেওঁ কয়- দৰাচলতে অসুবিধাখিনি সুবিধালৈ ৰূপান্তৰিত কৰাটোহে আচল কথা ৷ প্ৰথমাৱস্থাত কিছু অসুবিধা হৈছিল যদিও এতিয়া এয়া অভ্যাসত পৰিণত হৈছে ৷ সকলোৰে সমৰ্থনত মই এতিয়া ঘৰ আৰু কৰ্মজীৱন চলাই নিব পাৰিছো ৷
লগতে পঢ়ক: Eye Donation: এজন ব্যক্তিৰ নেত্ৰদানে, দুগৰাকীকৈ ব্যক্তিক প্ৰদান কৰিব পাৰে দৃষ্টিশক্তি