ETV Bharat / sukhibhava

ওখ মানুহৰ ছালৰ সংক্ৰমণ তথা স্নায়ু বিকাৰৰ বিপদাশংকা অধিক ! - ওখ মানুহৰ ছালৰ সংক্ৰমণ

ভিৰৰ মাজত ওখ হৈ থাকি সকলো ফালে দৃষ্টি নিক্ষেপ কৰিব পৰা গুণটোৱে আপোনাক প্ৰশান্তি দিলেও কিন্তু সেই উচ্চতা আপোনাৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে ৷ হয়, এটা অধ্যয়নত প্ৰকাশ পাইছে যে ওখ লোকসকলৰ ছালৰ সংক্ৰমণ আৰু স্নায়ুৰ বিকাৰককে ধৰি কেইবাটাও স্বাস্থ্যজনিত সমস্যা হোৱাৰ আশংকা অধিক ।

Taller people
ওখ মানুহৰ ছালৰ সংক্ৰমণ, স্নায়ু বিকাৰৰ বিপদাশংকা অধিক-অধ্যয়ন
author img

By

Published : Jun 6, 2022, 9:16 PM IST

এজন ব্যক্তিৰ শাৰীৰিক উচ্চতা বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে । শৰীৰৰ উচ্চতা পূৰ্বতে হৃদৰোগৰ পৰা কৰ্কট ৰোগলৈকে বহুতো ৰোগৰ সৈতে সম্পৰ্কিত আছিল বুলি জনা যায় ৷ বিজ্ঞানীসকলে কিন্তু নিৰ্ধাৰণ কৰিব পৰা নাছিল যে ওখ বা চাপৰ কোনটো উচ্চতাৰ ফলত তেওঁলোক আচলতে বিপদত পৰে ৷ উচ্চতাক প্ৰভাৱিত কৰা কাৰক যেনে পুষ্টি আৰু আৰ্থসামাজিক স্থিতি এইসমূহক এই বেমাৰ বা বিপদৰ বাবে দায়ী বুলি ক’ব পাৰি (Taller people more at risk of skin infections) ৷

ৰকি মাউণ্টেইন ৰিজিঅনেল ভি এ চিকিৎসা কেন্দ্ৰৰ শ্ৰীধৰণ ৰাঘৱনে পূৰ্বৰ ফলাফলবোৰৰ পৰা নিশ্চিত কৰিছিল যে ওখ হোৱাটো এট্ৰিয়েল ফাইব্ৰিলেচন আৰু ভেৰিকোজ শিৰাৰ উচ্চ বিপদাশংকাৰ সৈতে সম্পৰ্কিত আৰু কৰোনেৰী হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰলৰ বাবে কম বিপদাশংকাযুক্ত ।

আলোচনী পি.এল.ও.এছ জেনেটিক্সত প্ৰকাশিত এই অধ্যয়নটোৱে অধিক উচ্চতা আৰু পেৰিফেৰেল নিউৰ’পেথীৰ উচ্চ বিপদাশংকাৰ মাজত নতুন সম্পৰ্কৰ ওপৰতো আলোকপাত কৰিছিল ৷ যিয়ে আমাৰ হাত-ভৰিৰ স্নায়ু দুৰ্বল কৰি পেলাই যাৰ ফলত ভৰি আৰু গোৰোহাৰ আলচাৰৰ দৰে ছাল আৰু হাড়ৰ সংক্ৰমণ হয় ৷

অধ্যয়নটোৰ বাবে 250,000 ৰো অধিক প্ৰাপ্তবয়স্কৰ পৰা আনুবংশিক আৰু স্বাস্থ্য সম্পৰ্কীয় তথ্য অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুঠ 1,000 ৰো অধিক স্থিতি আৰু লক্ষণ বিশ্লেষণ কৰা হৈছিল, যাৰ ফলত ই উচ্চতা আৰু ৰোগৰ সৰ্ববৃহৎ অধ্যয়ন হিচাপে পৰিগণিত হৈছিল ।

গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে প্ৰাপ্তবয়স্কসকলৰ বহুতো সাধাৰণ পৰিস্থিতিৰ বাবে উচ্চতা আগতে চিনাক্ত নোহোৱা বিপদৰ কাৰক হ'ব পাৰে (Risk of diseases in tall people) । অৱশ্যে, তেওঁলোকে উল্লেখ কৰিছে যে ইয়াৰে কিছুমান বিষয় স্পষ্ট কৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন ৷

লগতে পঢ়ক: কেলেণ্ডুলা : ছালৰ ৰঙা পৰা আৰু দাগ নাইকীয়া কৰাৰ ৰহস্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.