ETV Bharat / sukhibhava

Viral Fever: ভাইৰেল জ্বৰৰ লক্ষণ তথা ইয়াৰ প্ৰতিকাৰৰ বিধান জানো আহক জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰকাশ শৰ্মাৰ পৰা

author img

By

Published : Jul 25, 2023, 12:30 PM IST

জলবায়ু পৰিৱৰ্তনৰ লগে লগে বহুলোক আক্রান্ত হৈছে জ্বৰ, চৰ্দি আদি ৰোগত । এই সময়ছোৱাত কেনেধৰণে আপুনি ল’ব আপোনাৰ স্বাস্থ্যৰ যতন জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰকাশ শৰ্মাই । পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

viral fever
ভাইৰেল জ্বৰৰ লক্ষণ কি
ভাইৰেল জ্বৰৰ লক্ষণ কি

এনেকুৱা প্ৰায়েই হোৱা দেখা যায় যে, গৰম আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ গুৱাহাটীৰ মহানগৰীৰ এতিয়া বহু লোকে ভাইৰেল জ্বৰত আক্রান্ত হ’বলৈ ধৰিছে । জ্বৰ, চৰ্দি, মূৰৰ বিষ, গাৰ বিষ, পেটৰ বিষ, চকু বা নাকেৰে পানী ওলোৱা, কাঁহ আদি হৈছে ভাইৰেল জ্বৰৰ লক্ষণ ।

ভাইৰেল জ্বৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ?

১) ভাইৰেল জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে কুহুমীয় গৰম পানী, ORSL আদি সঘনাই খাই থাকিব লাগে ।

২) জ্বৰ কমাবলৈ জলপত্তি বা ঠাণ্ডা কাপোৰৰে গোটেই গাটো মচিব লাগে । এনেদৰে কৰাৰ পিছতো যদি জ্বৰ নকমে তেন্তে পেৰাচিটামোল টেবলেট ব্যৱহাৰ কৰক । পেৰাচিটামোল টেবলেট ৪ টাতকৈ অধিক খাব নালাগে ।

এনেদৰে ঘৰুৱা উপায় অৱলম্বন কৰাৰ পাছতো যদি পৰিত্ৰাণ নাপায় তেন্তে চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ।

ভাইৰেল জ্বৰ কিমান ধৰণৰ হ’ব পাৰে ?

ভাইৰেল জ্বৰ বিভিন্ন ধৰণৰ হ’ব পাৰে । যেনে- ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ । জাপানীজ এনকেফেলাইটিছ এবিধ মাৰাত্মক ভাইৰাছ । এই ভাইৰাছ হ’লে মানুহ মৃত্যুৰ মুখতো পৰাৰ সম্ভৱনা অধিক আৰু যদিহে কোনো লোক ইয়াৰ পৰা ৰক্ষা পৰে তেন্তে, তেওঁলোকৰ দেহত নিউ'ৰলজিকেল অসুবিধাই দেখা দিয়ে ।

জাপানীজ এনকেফেলাইটিছৰ পৰা পৰিত্ৰাণৰ উপায়

১) জাপানীজ এনকেফেলাইটিছৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে ৰাতি শুৱলৈ যোৱাৰ পূৰ্বে সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে ।

২) ঘৰত নিচেই ওচৰতেই গাহৰি পুহিব নালাগে । কাৰণ জাপানীজ এনকেফেলাইটিছ ৰোগ গাহৰিক কামোৰা মহৰ পৰা মানুহৰ শৰীৰলৈ বিয়পে ।

৩) খেতিপথাৰত কাম কৰোঁতে হাত দীঘল চোলা পৰিধান কৰিব লাগে ।

ভাইৰেল জ্বৰৰ হোৱাৰ পিছত যদি কোনোলোকে ভ্ৰম বকে বা মানুহ চিনি নোপোৱা হৈ যায়, তেনেহ’লে অকণো পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত । এই বিষয়ে অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ৷

লগতে পঢ়ক: Coconut Water Benefits: মাৰাত্মক ৰোগৰ বাবে মহৌষধস্বৰূপ নাৰিকলৰ পানী, মাত্ৰ ইয়াক পান কৰক আৰু নিশ্চিন্ত হৈ থাকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.