ETV Bharat / sukhibhava

স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতালত সুকলমে সম্পন্ন যকৃৎ সংৰোপণ - স্বাগত হাস্পতাল

Liver Transplant: মহানগৰীৰ স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ বিশেষ সাফল্য ৷ স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত প্ৰথমবাৰৰ বাবে যকৃৎ সংৰোপণ সফলতাৰে সম্পন্ন ৷ সংবাদমেল যোগে এই সফল অস্ত্ৰোপচাৰৰ সম্পর্কে অৱগত কৰে স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতাল কৰ্তৃপক্ষই ৷

Liver Transplant
স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতালত সুকলমে সম্পন্ন যকৃত সংৰোপণ
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 3:26 PM IST

গুৱাহাটী, 2 জানুৱাৰী: গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালে প্ৰথমবাৰৰ বাবে যকৃৎ সংৰোপণ সফলতাৰে সম্পন্ন কৰি এক যুগান্তকাৰী কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে ৷ স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকে ৩৮ বছৰীয়া এজন লোকৰ দেহত সফলতাৰে যকৃৎ সংৰোপণৰ কৰিবলৈ সক্ষম হয় ৷ এই লোকজন মণিপুৰৰ বুলি জানিব পৰা গৈছে ৷ এই লোকগৰাকীক তেওঁৰ ভাতৃয়ে যকৃৎ দান কৰে ৷ এই পৰিৱৰ্তনশীল চিকিৎসা ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিকিৎসালয়খনে মণিপুৰ আৰু অসম দুয়োখন চৰকাৰৰ প্ৰট'কল অনুসৰি বিশেষ অনুমতি লাভ কৰিছে ৷

উল্লেখ যে, যকৃৎ সংৰোপণ হৈছে ৰুগীয়া বা ক্ষতিগ্রস্ত যকৃতৰ ঠাইত দাতাৰ পৰা সুস্থ যকৃৎ ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা এক অত্যাধুনিক অস্ত্রোপচাৰ পদ্ধতি ৷ এই জটিল অস্ত্রোপচাৰ সাধাৰণতে শেষ পর্যায়ৰ যকৃতৰ ৰোগ, যকৃতৰ বিকলতা বা নিৰ্দিষ্ট যকৃতৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কৰা হয় ৷ প্ৰক্ৰিয়াটোত সামঞ্জস্য নিশ্চিত কৰিবলৈ আৰু জটিলতাৰ আশংকা হ্ৰাস কৰিবলৈ প্ৰাপ্তকর্তা আৰু সাম্ভাব্য দাতা দুয়োকে সতর্কভাবে মূল্যাঙ্কন কৰা হয় ৷ যকৃতৰ উল্লেখযোগ্য পুনৰুৎপাদন ক্ষমতাৰ সহায় লৈ নিজৰ যকৃতৰ এটা অংশ যোগান ধৰিব পৰা জীৱিত দাতাসকলক চিনাক্ত কৰা হয় ৷

আজি এক সংবাদমেল যোগে এই সফল অস্ত্ৰোপচাৰৰ সম্পর্কে অৱগত কৰে স্বাগত চুপাৰ স্পেচিয়েলিটি হাস্পতাল কৰ্তৃপক্ষই ৷ উক্ত সভাত উপস্থিত থাকে এনাস্থেচিয়া আৰু ট্ৰান্সপ্লান্ট ক্রিটিকেল কেয়াৰ স্পেচিয়েলিষ্ট ডাঃ আয়ুষ্মান খান্না, প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক স্বাগতা খান্না, চিঅ'অ' জাহিদুৰ ৰহমানকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: শীতকালত শৰীৰক সুস্থ কৰি ৰাখিবলৈ গঢ়ি তোলক খোজকঢ়াৰ অভ্যাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.