ETV Bharat / sukhibhava

Strawberry Benefits: হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত ফলপ্ৰসূ ষ্ট্ৰবেৰী; ইয়াৰ অন্য উপকাৰিতাসমূহ জানো আহক

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:22 AM IST

ষ্ট্ৰবেৰী হৈছে অতি ৰসাল ৰঙা ৰঙৰ ফল যি বেৰীৰেই এক প্ৰকাৰ ৷ ইয়াৰ সোৱাদ অলপ টেঙা আৰু মিঠা যিটো খাবলৈ অতি সোৱাদযুক্ত ৷ এই সৰু ষ্ট্ৰবেৰীৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰ আছে ৷ ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ উপকাৰিতাৰ বিষয়ে জানি লওক-

Strawberry Benefits
ষ্ট্ৰবেৰীৰ উপকাৰিতা

আইচক্ৰীম, মকটেইল, কেক আদি বহুতো বস্তুত ষ্ট্ৰবেৰী ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ সোৱাদ ভাল নোপোৱা লোক খুব কমেই হ’ব চাগৈ ৷ জনাই দিও যে এই বিদেশী ষ্ট্ৰবেৰী কেৱল আপোনাৰ ৰুচিৰ বাবেই নহয় আপোনাৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ইয়াত পটাছিয়াম, মেংগানিজ আৰু ভিটামিন আদি বহু ধৰণৰ খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ষ্ট্ৰবেৰী খোৱাৰ অন্য উপকাৰিতাসমূহ কি কি জানো আহক-

Strawberry Benefits
ষ্ট্ৰবেৰীৰ উপকাৰিতা

হৃদযন্ত্ৰৰ যত্ন লয়

কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাত ষ্ট্ৰবেৰী যথেষ্ট উপকাৰী ৷ কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰিলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷ গতিকে খাদ্য তালিকাত ষ্ট্ৰবেৰী অন্তৰ্ভুক্ত কৰিলে আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকিব ৷ ইয়াৰ লগতে গ্লুক’জ ভাঙি যোৱাৰ প্ৰক্ৰিয়াও লেহেমীয়া কৰে, যাৰ ফলত ৰক্ত শৰ্কৰাৰ পৰিমাণ কম হৈ থাকে আৰু লগতে ডায়েবেটিছৰ সম্ভাৱনাও হ্ৰাস পায় ৷

কেন্সাৰ প্ৰতিৰোধ

ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট পোৱা যায়, যিয়ে অক্সিডেচন আৰু প্ৰদাহ ৰোধ কৰে ৷ ইয়াত এলজিক এচিড পোৱা যায়, যিয়ে কলৰেক্টাল কেন্সাৰ প্ৰতিৰোধ কৰাত ফলপ্ৰসূ ৷

মগজুৰ বাবে উপকাৰী

ষ্ট্ৰবেৰীত এন্টি অক্সিডেন্ট পোৱা যায়, যি মগজুৰ কোষৰ বাবে উপকাৰী ৷ ফ্লেভন’ইড আৰু ভিটামিন চিৰ উপস্থিতিৰ বাবে ই মগজুৰ কোষৰ বাবে অতি উপকাৰী ৷ ইয়াৰ ফলত আপোনাৰ স্মৃতিশক্তি দুৰ্বল নহয় আৰু লগতে ডিমেনচিয়া আৰু এলঝেইমাৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ভিটামিন চি ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ ঘাঁ নিৰাময় কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাৰ লগতে শৰীৰত বি-চেল আৰু টি-চেল উৎপন্ন কৰাত সহায় কৰে, যিবোৰ আমাৰ শৰীৰৰ যুঁজাৰু কোষ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷

আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী

আমাৰ অন্ত্ৰত পোৱা প্ৰ’বায়’টিক অণুজীৱৰ বাবে ষ্ট্ৰবেৰী যথেষ্ট উপকাৰী, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে । এই অণুজীৱবোৰ আমাৰ আন্ত্ৰিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য । কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়াতো ষ্ট্ৰবেৰী ফলপ্ৰসূ ।

লগতে পঢ়ক: Ayurvedic Herbs: এই ৰঙীন ফুলবিধে নিয়ন্ত্ৰণ কৰিব আপোনাৰ ডায়েবেটিছ; এনেদৰে কৰক ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.