পেটৰ বিষ এটা সাধাৰণ সমস্যা যিটো ভুল খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি পেটৰ সংক্ৰমণলৈকে বহু কাৰণত হ’ব পাৰে । এই কাৰণেই আমাৰ হজম শক্তি শুদ্ধ হ’ব লাগে অন্যথা পেটৰ বিষত ভুগিবলগীয়া হয় । যেতিয়া পেটৰ বিষ আৰম্ভ হয়, তেতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত অসুবিধাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে । যদি আপুনি ইয়াৰ চিকিৎসা তৎক্ষণাত লাভ কৰিব নোৱাৰে, তেন্তে আপোনাৰ পাকঘৰতে ৰখা এবিধ মছলাই আপোনাৰ এই সমাধান দিবলৈ সক্ষম ।
পেটৰ বিষত হিঙে দিব সকাহ
আমি হিঙৰ কথাকেই কৈছো, যিটো সাধাৰণতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ই পেটৰ বিষতো উপশম দিয়াত আপোনাক সহায় কৰিব পাৰে । দৰাচলতে ই হজম শক্তিৰ বাবে সৰ্বোত্তম এবিধ ঔষধৰ দৰে, যিয়ে কেৱল পেটৰ বিষতেই নহয়, গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰাও মুক্তি দিয়াত সহায় কৰে । আমি ইয়াক কেনেকৈ গ্ৰহণ কৰিব পাৰো জানো আহক ।
এইদৰে হিং ব্যৱহাৰ কৰক
হিং চাহ
আপুনি নিশ্চয় সুস্বাস্থ্যৰ বাবে বহুবাৰ বনৌষধি চাহ খাইছে, এতিয়াৰ পৰাই আপুনি যেতিয়া পেটৰ বিষৰ সন্মুখীন হ’বলগীয়া হয়, তেতিয়া হিঙৰ চাহ এবাৰ খাই চাওক, ই পেট ফুলা আৰু এচিডিটিও আঁতৰাই পেলায় । ইয়াৰ বাবে একাপ পানী গৰম কৰি হিং, আদাৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খাব লাগে ।
গৰম পানীৰে পান কৰক
যেতিয়াই পেটত বিষ হয়, তেতিয়াই ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হিং গৰম পানীত ঘূলি একাপ চাহৰ দৰে খাব লাগে । ইয়াৰ লগে লগে আপোনাৰ হজম শক্তি উন্নত হ’ব আৰু বিপাকীয় ক্ৰিয়াও বৃদ্ধি পাব ।
হিং আৰু আদা একেলগে খাব
আদা আৰু আদাৰ সংমিশ্ৰণ স্বাস্থ্যৰ বাবে অতি উপকাৰী, ই বদহজমৰ সমস্যা দূৰ কৰে আৰু পেটৰ বিষৰ পৰাও সকাহ দিয়াত সহায় কৰে কাৰণ আদাত পাচন এনজাইম থাকে । ইয়াৰ উপৰিও হিং খালে পেট আৰু কঁকালৰ চৰ্বিও গলাবলৈ আৰম্ভ কৰে ।
লগতে পঢ়ক: Potato benifits: আলু খোৱাটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? প্ৰতিদিনে খালে কি হ’ব ? জানি লওক সকলো