ETV Bharat / sukhibhava

Stomach Cancer Awareness Month: কিয় প্ৰতি বছৰে পালন কৰা হয় পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:14 PM IST

সমগ্ৰ বিশ্বতে পেটৰ কৰ্কট ৰোগৰ বিষয়ে মানুহৰ মাজত সজাগতা বিয়পোৱাৰ লক্ষ্যৰে প্ৰতি বছৰে নৱেম্বৰ মাহটো “পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ” হিচাপে পালন কৰা হয় ৷

Stomach Cancer Awareness Month is being celebrated on the theme 'Building Your Community'
কিয় প্ৰতি বছৰে পালন কৰা হয় পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ

পেটৰ কেন্সাৰক বা গেষ্ট্ৰিক কেন্সাৰ বুলিও কোৱা হয়, ইয়াক আটাইতকৈ জটিল প্ৰকাৰৰ কেন্সাৰৰ ভিতৰত গণ্য কৰা হয় ৷ ইয়াৰ উপৰিও ইয়াক কেন্সাৰজনিত কাৰণত মৃত্যুৰ দ্বিতীয় বৃহত্তম কাৰণ হিচাপে গণ্য কৰা হয় ৷ কিন্তু পেটৰ কেন্সাৰক সেই কেন্সাৰৰ ভিতৰত গণ্য কৰা হয়, যাৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অৱস্থাৰ সামান্য উন্নতিৰ দ্বাৰা ইয়াৰ বৃদ্ধি ৰোধ বা নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷

পৰিসংখ্যাই কি কয় ?

বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে গড়ে ৭,২৩০০ লোকে পেটৰ কৰ্কট ৰোগৰ বাবে প্ৰাণ নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ বিশ্বজুৰি ইয়াক পঞ্চম প্ৰকাৰৰ কৰ্কট ৰোগ বুলি গণ্য কৰা হয় ৷ সমগ্ৰ বিশ্বতে পেটৰ কৰ্কট ৰোগত মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ হিচাপে বিবেচিত হোৱাৰ বিপৰীতে ভাৰতত ইয়াক কৰ্কট ৰোগত মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হিচাপে গণ্য কৰা হয় ৷

পৰিসংখ্যা অনুসৰি ২০১৮ বৰ্ষত বিশ্বত প্ৰায় ১০.৩ নিযুত ক'ৰ'না আক্ৰান্ত হোৱাৰ লগতে ইয়াৰ ফলত প্ৰায় ৭ লাখ ৮৩ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে ৷ ২০১৯ চনত ইয়াৰ সৈতে জড়িত ১২.৭ লাখ ৰোগীৰ ৰিপৰ্ট পোৱা গৈছে, ইয়াৰে প্ৰায় ৯,৫৭,০০০ লোকে প্ৰাণ হেৰুৱাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২০ চনত প্ৰায় ১০.৯ লাখ পেটৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, ইয়াৰে প্ৰায় ৭ লাখ ৬৯ হাজাৰ লোকে ইয়াৰ বাবে প্ৰাণ হেৰুৱাইছে ৷

উদ্দেশ্য, গুৰুত্ব আৰু ইতিহাস

পেটৰ কৰ্কট ৰোগৰ লক্ষণসমূহ জানি সঠিক সময়ত ইয়াৰ চিকিৎসা আৰম্ভ কৰিলে ইয়াৰ মাৰাত্মক প্ৰভাৱৰ পৰা হাত সাৰিব পাৰি ৷ কিন্তু সাধাৰণতে মানুহে ইয়াক সৰু সমস্যা বুলি বিবেচনা কৰি ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ কৰে ৷ কাৰণ এইবোৰ অতি সাধাৰণ লক্ষণ, যেনে সাধাৰণ পাচনতন্ত্ৰৰ সমস্যা, আৰু মানুহে ইয়াক কেন্সাৰৰ সম্ভাৱনাৰ সৈতে জড়িত নকৰে ৷ বেছিভাগ মানুহৰে পেটৰ কৰ্কট ৰোগৰ লগত জড়িত লক্ষণসমূহৰ বিষয়ে বিশেষ জ্ঞান নাথাকে ৷ যাৰ বাবে প্ৰথমে ইয়াৰ লক্ষণসমূহ বুজি পোৱাত আৰু তাৰ পিছত ৰোগ নিৰ্ণয় আৰু চিকিৎসাত পলম হয় ৷

একে সময়তে এই কৰ্কট ৰোগৰ বৃদ্ধিৰ গতি আৰু শৰীৰৰ আন অংশলৈ বিয়পি পৰাৰ গতি অতি দ্ৰুত ৷ এই কাৰণেই ইয়াৰ ফলত মৃত্যুৰ হাৰ অধিক ৷ গতিকে আন কিছুমান কেন্সাৰ প্ৰকাৰৰ তুলনাত ইয়াৰ প্ৰাদুৰ্ভাৱ কম হোৱাৰ পিছতো পেটৰ কৰ্কট ৰোগৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ বাবে বিশ্বজুৰি ই এক উল্লেখযোগ্য চিন্তাৰ বিষয় বুলি গণ্য কৰা হয় ৷ এনে পৰিস্থিতিত ইয়াৰ বিপদজনক কাৰক, লক্ষণ, চিকিৎসা আৰু ব্যৱস্থাপনা সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সকলো প্ৰচেষ্টা চলোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে ৷

এই উদ্দেশ্যেৰে ২০১০ চনত ন’ ষ্ট’মেচ ফৰ কেন্সাৰ (এন এছ এফ চি) সংস্থাই পেটৰ কৰ্কট সজাগতা মাহ স্থাপন কৰিছিল ৷ যিহেতু পেটৰ কৰ্কট ৰোগ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰোগ, সেয়েহে এন এছ এফ চিয়ে ইয়াৰ গুৰুত্ব উপলব্ধি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোকপাত কৰে৷ ইয়াৰ পিছত আমেৰিকাৰ চেনেটৰ সহযোগত ই “ৰাষ্ট্ৰীয় পেটৰ কৰ্কট সজাগতা মাহ” পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পিছত ২০১১ চনলৈকে আন বহু সংগঠনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷

মন কৰিবলগীয়া যে, ২০১২ চনত প্ৰথমবাৰৰ বাবে বাৰ্ষিক ন’ ষ্টমচ ফৰ কেন্সাৰ ৱাকৰ আয়োজন কৰা হৈছিল, য’ত আমেৰিকাৰ ৩৫খন ৰাজ্য আৰু বিশ্বৰ ১০খন দেশৰ অংশগ্ৰহণকাৰীসকলক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ এই উদ্দেশ্যে হাতত লৈ এটা পেৰিউইংকল নীলা ফিতাক এই ৰোগৰ সাংকেতিক চিহ্ন হিচাপে লৈ প্ৰতি বছৰে নৱেম্বৰ মাহটোত পেটৰ কৰ্কট ৰোগ সজাগতা মাহ পালন কৰি অহা হৈছে ৷

বৰ্তমান সময়ত পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ স্মৰণত কেৱল স্বাস্থ্য প্ৰতিষ্ঠান আৰু চিকিৎসকৰ সংগঠনৰ দ্বাৰাই নহয়, বিভিন্ন দেশৰ আন বহুতো সামাজিক সংগঠন আৰু চৰকাৰৰ দ্বাৰাও বিশ্বজুৰি বিভিন্ন ধৰণৰ সজাগতা কাৰ্যসূচী, দৌৰ, আলোচনা চক্ৰৰ আয়োজন কৰা হয় আৰু ইয়াৰ লগতে টেষ্টিং কেম্প আদিৰ আয়োজন কৰা হয় ৷

পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহৰ বিষয়বস্তু

প্ৰতিবছৰে পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ এটি বিষয়বস্তুৰ ওপৰত পালন কৰা হয় সেয়ে এই বৰ্ষত 'Building Your Community' শীৰ্ষক বিষয়বস্তুৰ সৈতে এই পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ পালন কৰা হয় ৷

লগতে পঢ়ক: Protein Rich Foods: মাছ-মাংস নোখোৱাকৈয়ে এই সুষম খাদ্যৰ দ্বাৰা লাভ কৰক প্ৰ’টিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.