ETV Bharat / sukhibhava

Health Tips: খেজুৰৰ সৈতে খাওক এইবিধ বস্তু, নিমিষতে দূৰ হ’ব শৰীৰৰ দুৰ্বলতা - খেজুৰ

বুট আৰু খেজুৰ একেলগে খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু শৰীৰক পৰ্যাপ্ত শক্তি প্ৰদান কৰে ৷ নিয়মিতভাৱে ইয়াৰ সেৱনে স্বাস্থ্যৰ সৈতে জড়িত বহু সমস্যাৰ পৰা মুক্তি পাব পাৰে ৷

Start eating chickpeas with dates, the weakness of the body will disappear
খেজুৰৰ সৈতে খাওক এইবিধ বস্তু, নিমিষতে দূৰ হ’ব শৰীৰৰ দুৰ্বলতা
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 4:57 PM IST

যদি আপুনি শৰীৰৰ শক্তি বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে তেন্তে খেজুৰৰ সৈতে বুট খাবলৈ আৰম্ভ কৰক ৷ সকলো পুষ্টিকৰ উপাদানৰে সমৃদ্ধ এই দুয়োবিধ খাদ্য সামগ্ৰী স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ বেছিভাগ মানুহেই বুট আৰু খেজুৰ পৃথকে পৃথকে খায়, কিন্তু এই দুয়োবিধ খাদ্য সামগ্ৰী একেলগে খোৱাৰ উপকাৰিতা আপুনি জানেনে ?

ভিটামিন-এ, বি, আঁহ, আইৰণ, প্ৰ’টিন, কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ আদি পুষ্টিকৰ উপাদান বুট আৰু খেজুৰ দুয়োটাতে পোৱা যায় ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই দুটা একেলগে খালে শৰীৰত শক্তি প্ৰদান কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় ৷ এইবোৰ খালে বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰাও পৰিত্ৰাণ পোৱা যায় ৷ জানো আহক-

হাড়বোৰ মজবুত হৈ পৰিব

বুট আৰু খেজুৰ দুয়োটা একেলগে খালে হাড় মজবুত হয় ৷ দুয়োবিধতে কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ শৰীৰত কেলচিয়াম সম্পূৰ্ণ হোৱাৰ ফলত হাড়বোৰ শক্তিশালী হৈ উঠে ৷ গাঁঠিৰ লগত জড়িত সমস্যাবোৰ নিয়মিতভাৱে খালে দূৰ কৰিব পাৰি ৷

কোষ্ঠকাঠিন্য

যদি আপোনাৰ নিয়মিতভাৱে পেট পৰিষ্কাৰ নহয় বা কোষ্ঠকাঠিন্যৰ সমস্যা হয়, তেন্তে বুট-খেজুৰে এই সমস্যা নিৰাময় কৰিব পাৰে ৷ এই দুয়োটাতে আঁহ পোৱা যায়, যিয়ে পাচন শক্তি উন্নত কৰাত সহায় কৰে ৷ বুট আৰু খেজুৰ একেলগে খালে পেট পৰিস্কাৰ হোৱাত সহায় হয় ৷

ৰক্তহীনতা

যিসকল লোকৰ ৰক্তহীনতাৰ সমস্যা আছে, তেওঁলোকে বুট আৰু খেজুৰ খাব লাগে ৷ এই দুয়োটাতে আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ৰক্তহীনতা দূৰ কৰিব পৰা যায় ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা

ইয়াৰ উপৰিও নিয়মিতভাৱে বুট আৰু খেজুৰ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় ৷ আচলতে এই দুয়োটা বস্তুতে আইৰণ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ৷ এই কাৰণেই এই দুটা একেলগে খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ ইয়াৰ দ্বাৰা আপুনি বহু ৰোগ আৰু সংক্ৰমণৰ কবলত পৰাৰ পৰা হাত সাৰিব পাৰিব

লগতে পঢ়ক: Vastu Tips: ভুলতো ঘৰত ৰোপণ নকৰিব এইসমূহ গছ-গছনি; পৰিয়ালৰ অগ্ৰগতি স্তব্ধ হৈ পৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.