গুৱাহাটী, ১০ অক্টোবৰ: এগৰাকী ব্যক্তিক শাৰীৰিকভাৱে স্বাস্থ্যবান হ'লেই সম্পূৰ্ণৰূপে সুস্থ বুলি ক'ব নোৱাৰি ৷ যদিহে তেওঁ মানসিকভাৱে সুস্থ নহয় ৷ সুস্থতাৰ বাবে শাৰীৰিক স্বাস্থ্যৰ সমানে মানসিক স্বাস্থ্যৰো প্ৰয়োজনীয়তা আছে ৷ এজন মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিলে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব ৷ কিন্তু বহু সময়ত দেখা যায় যে মানুহে মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে তথা এই সম্পৰ্কে বিশেষভাৱে জ্ঞাত নহয় ৷
শাৰীৰিক স্বাস্থ্যৰ ওপৰত কম-বেছি পৰিমাণে সকলোৱে গুৰুত্ব দিয়ে যদিও মানসিক স্বাস্থ্যৰ বিষয়টোক আওকাণ কৰে ৷ যাৰ বাবেই মানসিক স্বাস্থ্য সম্পৰ্কত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশ্বজোৰি পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ এই দিৱসটো ১৯৯২ চনত প্ৰথম বাৰৰ বাবে পালন কৰা হৈছিল ৷ তাৰ পাছৰে পৰাই প্ৰত্যেক বছৰে ১০ অক্টোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰি অহা হৈছে ৷
মানুহৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই দিৱসটো পালন কৰি অহা হৈছে ৷ আজিৰ এই বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনটোত মানসিক স্বাস্থ্যৰ সম্পৰ্কে কিছু কথা জনাৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰা সাক্ষাৎ কৰা হৈছিল বিশিষ্ট মনোবিজ্ঞানী তথা কাউন্সিলিং চাইক'লজিষ্ট দিশা শৰ্মাৰ ৷ একাডেমিক কেৰিয়াৰত তিনিটকৈ গ'ল্ড মেডেল লাভ কৰা দিশা শৰ্মাই দীৰ্ঘদিন ধৰি মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে ৷ আছুতীয়া সাক্ষাতকাৰত মনোবিজ্ঞান দিশা শৰ্মাই মানসিক স্বাস্থ্যৰ প্ৰসংগত কেতবোৰ দিশ উল্লেখ কৰে ৷
তেওঁ কয় যে, এজন মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ্য হ'ব লাগিব ৷ কিন্তু বহু সময়ত মানুহে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু যাৰ ফলত সমস্যাৰ সন্মূখীন হয় ৷ মানসিক ৰোগ মানেই 'পাগল' নহয় ৷ কিন্তু মানুহৰ মাজত তেনে এক মানসিকতা থকাৰ বাবেই বহুতে মনোৰোগ বিশেষজ্ঞ নাইবা মনোবিজ্ঞানৰ কাষলৈ যোৱাৰ বাবে সংকোচ কৰে ৷ অৱশ্যে বৰ্ত্তমান সময়ত মানুহৰ মানসিকতাৰ কিছু পৰিৱৰ্তন হৈছে ৷
বহু লোকেই তেনে সমস্যা হ'লে বিশেষজ্ঞৰ ওচৰলৈ আহে ৷ বৰ্ত্তমানৰ যান্ত্রিকতাৰ যুগত মানুহৰ মাজত সম্পৰ্কৰ অভাৱ পৰিলক্ষিত হয় আৰু যাৰ বাবে মানুহে নিসংগতা অনুভৱ কৰে ৷ মোবাইল-ইণ্টাৰনেটৰ আজিৰ যুগত পৰিৱেশ-পৰিস্থিতিয়ে মানুহৰ মানসিকতাত বিশেষ প্ৰভাৱ পেলাই বুলি তেওঁ কয় ৷ আনহাতে অপৰাধ প্ৰৱণতা তথা বৰ্ধিত অপৰাধৰ ক্ষেত্রতো মানসিক স্বাস্থ্যৰ কথা জড়িত হৈ থাকে ৷
তেওঁ কয় যে মানসিক স্বাস্থ্যৰ অৱনতি ঘটিলে সাধাৰণতে মানুহৰ স্বভাৱ আৰু আচৰণ তথা ব্যৱহাৰত পৰিৱৰ্তন আহে ৷ সেয়ে এনেবোৰ দিশত পৰিয়ালৰ লোকেই নজৰ ৰখাটো দৰকাৰী বিষয় ৷ বিশেষকৈ সন্তানৰ ক্ষেত্রত অভিভাৱকে নজৰ ৰখাটো প্ৰয়োজনীয় বুলি তেওঁ কয় ৷
লক্ষণীয় বিষয় যে ৰাজ্যখনত ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ৷ আত্মহত্যাৰ ঘটনা এতিয়া এক সামাজিক ব্যাধিত পৰিণত হৈছে ৷
তথ্য মতে, অসমত দৈনিক গড়ে ৯জন লোকে আত্মহত্যাৰ পথ বাচি লয় ৷ বিশেষকৈ ক'ভিডৰ সময়ৰ পৰাই উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ৷ এই ক্ষেত্রত তেওঁ কয় যে আত্মহত্যাৰ আঁৰত বহুকেইটা কাৰণ জড়িত হৈ থাকে ৷ মানসিক ৰোগৰ বাবেও বহুতে আত্মহননৰ পথ বাচি লয় ৷ হতাশা-নিৰাশা আদিৰ উপৰি নিচাজাতীয় দ্ৰব্য সেৱনৰ যোগেদিও বহু লোকৰ মাজত আত্মহত্যাৰ প্ৰৱনতা গঢ় লৈ উঠা দেখা যায় ৷
বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়ণৰ আজিৰ যুগত মোবাইল আৰু ইন্টাৰনেটে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ তেওঁ লগতে কয় যে চিকিৎসা তথা কাউন্সিলিঙৰ দ্বাৰা মানসিক ৰোগৰ পৰা সম্পূৰ্ণ ৰূপে মুক্তি লাভ কৰিব পাৰি ৷ তেওঁ মানসিক স্বাস্থ্যৰ ক্ষেত্রত সজাগ-সচেতনতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে ৷
লগতে পঢ়ক: World Mental Health Day 2023: মানসিক স্বাস্থ্যজনিত সমস্যা সন্দৰ্ভত কিয় সজাগতাৰ প্ৰয়োজন ?