ETV Bharat / sukhibhava

গৰ্ভধাৰণৰ সময়ত কৰা ধূমপানে ভৱিষ্যতে অপৈণত কেঁচুৱা জন্ম দিয়াৰ সম্ভাৱনা প্ৰখৰ কৰি তোলে - গৰ্ভধাৰণৰ সময়ত ধূমপান

নতুনকৈ কৰা এটা গৱেষণাত পোৱা গৈছে যে গৰ্ভধাৰণৰ প্ৰাৰম্ভিক অৱস্থাত কৰা ধূম্ৰপানে অপৈণত কেঁচুৱা জন্ম দিয়াৰ প্ৰৱণতা সূদূৰপ্ৰসাৰী কৰি তোলে ৷ এই অধ্যয়ন 'PLOS One Journal' ত প্ৰকাশ পাইছে ৷

smoking
গৰ্ভধাৰণৰ সময়ত ধূমপান হানিকাৰক
author img

By

Published : Jan 7, 2022, 3:34 PM IST

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী : এটা অধ্যয়নৰ জৰিয়তে লাভ কৰা নতুন তথ্যই প্ৰমাণ কৰি দেখুৱাইছে যে যিসকল মহিলাই তেওঁলোকৰ গৰ্ভধাৰণৰ প্ৰথমাৱস্থাত ধূমপান কৰে তেওঁলোকে ধূমপান নকৰা মহিলাসকলৰ তুলনাত দ্বিতীয় গৰ্ভধাৰণৰ সময়ত অপৈণত শিশু জন্ম দিয়াৰ সম্ভাৱনা অধিক (Smoking during pregnancy linked to smaller babies) ৷

গৰ্ভধাৰণৰ সময়ত কৰা ধূমপানৰ লগত কেঁচুৱা জন্মৰ পিছত কেঁচুৱাৰ ওজনক লৈও এই ৰিচাৰ্ছত নতুন নতুন তথ্য় পোৱা গৈছে ৷ এই অধ্যয়নত গৱেষকসকলে তথ্য লাভ কৰিছে যে কোনো এটা গৰ্ভধাৰণতে ধূমপান নকৰা মহিলাসকলৰ অপৈণত শিশু জন্ম দিয়াৰ কোনো অৱকাশ নাথাকে ৷ দুটা গৰ্ভধাৰণৰ মাজৰ সময়ছোৱাত ধূমপান কৰিলেও অপৈণত শিশু (Small for gestational age) অথবা (SGA) জন্মৰ প্ৰৱণতা ধূমপান নকৰা মহিলাৰ ক্ষেত্ৰত প্ৰায় নগণ্য ৷

এগৰাকী মাতৃ যিয়ে প্ৰথম দুটা গৰ্ভধাৰণৰ প্ৰাৰম্ভিক সময়ত প্ৰতিদিনে 10 টা বা 10 টাতকৈ অধিক চিগাৰেট সেৱন কৰিছিল তেওঁলোকৰ ক্ষেত্ৰ অপৈণত শিশু জন্ম দিয়াৰ প্ৰৱণতা সৰ্বাধিক ৷ এই অধ্যয়নটোৰ নেতৃত্বত থকা University of Southampton ৰ জনস্বাস্থ্য বিভাগৰ সহযোগী অধ্যাপক Dr. Nisreen Alwan এ কৈছে, মহিলাসকলক ধূমপান ত্যাগ কৰিবলৈ উৎসাহিত কৰাৰ লগতে কেঁচুৱা জন্মৰ পিছত পুনৰাই যাতে ধূমপান নকৰে তাৰ প্ৰতি সজাগ কৰি তুলিব লাগে ৷

University of Southampton ৰ স্নাতকোত্তৰ মহলাৰ গৱেষক লগতে এই অধ্যয়নটোৰ প্ৰথম লেখিকা Elizabeth Taylor এ কৈছে, দুটাকৈ গৰ্ভধাৰণৰ মাজত ধূমপান কৰা মহিলাসকলে SGA শিশু জন্ম হোৱাৰ প্ৰৱণতা পিছৰটো গৰ্ভধাৰণৰ আগমূহুৰ্তত ধূমপান নকৰি হ্ৰাস কৰিব পাৰে ৷

এই অধ্যয়নক Academy of Medical Sciences, Wellcome Trust, National Institute for Health Research (NIHR) আৰু Southampton Biomedical Research Centre এ আদৰণি জনাইছে ৷ আশা কৰা হৈছে যে এই অধ্যয়নে স্বাস্থ্যসেৱাত ব্ৰতী সকলক গৰ্ভৱতী মহিলাসকলৰ উপযুক্ত যত্ন লোৱাৰ লগতে ধূমপানৰ দৰে বদ অভ্যাস ত্যাগ কৰাৰ বাবে উৎসাহিত কৰিব ৷ মাতৃ আৰু শিশুৰ দুয়োৰে স্বাস্থ্যৰ প্ৰতি সজাগ হ’ব স্বাস্থ্যকৰ্মীসকল ৷

লগতে পঢ়ক : Tips For Dating : ডেটিঙলৈ যোৱাৰ পূৰ্বে জানি লওক কেইটামান টিপছ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.