ETV Bharat / sukhibhava

পোহৰ কোঠাত শোৱাৰ অভ্যাস স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

আপুনি বাৰু নিশা লাইট অন কৰি বা ক্ষীণ পোহৰৰ লাইট জ্বলাই শোৱে নেকি ? আপোনাৰ এই অভ্যাস স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে (Sleeping in a lit room can affect health)। আপোনাৰ সেই অভ্যাসৰ ফলত হৃদযন্ত্ৰৰ বিভিন্ন ৰোগকে ধৰি ডায়েবেটিছ হ'ব পাৰে । শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য ।

Sleeping
পোহৰ কোঠাত শোৱাৰ অভ্যাস স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
author img

By

Published : Mar 16, 2022, 9:57 PM IST

ব্লাইণ্ডবোৰ (Blind) বন্ধ কৰক, পৰ্দাবোৰ টানি লওক আৰু শোৱাৰ পূৰ্বে সকলো লাইট বন্ধ কৰক । সাধাৰণ পোহৰত নিশা টোপনি যোৱা বা ক্ষীণ পোহৰৰ কোঠাত শোৱাটো আপোনাৰ কাৰ্ডিওভাস্কুলাৰ কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত কৰে আৰু পিছদিনা পুৱা আপোনাৰ ইনচুলিন প্ৰতিৰোধ বৃদ্ধি কৰে । নৰ্থৱেষ্টাৰ্ণ মেডিচিন অধ্যয়নৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ।

নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি ফেইনবাৰ্গ স্কুল অফ মেডিচিনৰ নিদ্ৰা ঔষধৰ (Sleep medicine) মুখ্য আৰু নৰ্থৱেষ্টাৰ্ণ মেডিচিন চিকিৎসক ড০ ফিলিছ জিয়ে কয় যে এই অধ্যয়নত দেখা গৈছে যে টোপনিৰ সময়ত কোঠাত সাধাৰণ পোহৰ থাকিলেও মাত্ৰ এটা নিশাতে গ্লুক'জ আৰু কাৰ্ডিওভাস্কুলাৰ প্ৰভাৱান্বিত হয় । যি হৃদৰোগ, ডায়েবেটিচ আৰু মেটাবলিক চিণ্ড্ৰোমৰ দৰে জটিল সমস্যাৰ কাৰক (Sleeping in a lit room can affect health)। তেওঁৰ মতে পোহৰৰ কোনো উৎস নোহোৱাকৈ টোপনি যোৱাৰ অভ্যাস গঢ়ি তোলাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ ।

ইতিমধ্যে প্ৰমাণ হৈছে যে দিনৰ ভাগত পোহৰৰ সংস্পৰ্শলৈ আহিলে সহানুভূতিশীল স্নায়ুতন্ত্ৰ সক্ৰিয়কৰণৰ জৰিয়তে হৃদস্পন্দন বৃদ্ধি হয় আৰু দিনটোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সতৰ্কতা বৃদ্ধি কৰে ।চিকিৎসকগৰাকীয়ে কয় যে অধ্যয়নটোত স্পষ্ট হৈছে যে নিশা পোহৰৰ মাজত টোপনি যোৱাৰ সময়তো একে ধৰণৰ প্ৰভাৱ পৰে । এই অধ্যয়নটো প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অফ চাইন্সেছ (PNAS) আলোচনীত প্ৰকাশ পাইছে ।

পোহৰ থকা কোঠাত হৃদস্পন্দন বৃদ্ধি হয় আৰু শৰীৰে সঠিকভাৱে জিৰণি ল'ব নোৱাৰে

নৰ্থৱেষ্টাৰ্ণৰ নিউৰোলজীৰ গৱেষণক অধ্যাপক ড. ডেনিয়েলা গ্ৰিমল্ডীয়ে কয় যে মানুহে যেতিয়া কম পোহৰৰ কোঠাত শোৱে তেতিয়া হৃদস্পন্দনৰ হাৰ বৃদ্ধি হোৱা দেখা পাইছিলো । যদিও মানুহজনে শুই থাকে, কিন্তু অট'ন'মিক স্নায়ুতন্ত্ৰ সক্ৰিয় হৈ থাকে । সেয়া স্বাস্থ্যৰ বাবে বেয়া । সাধাৰণতে, মানুহৰ হৃদস্পন্দনৰ হাৰ অন্যান্য কাৰ্ডিওভাস্কুলাৰৰ তুলনাত নিশা কম আৰু দিনত অধিক হয় ।

দিন আৰু ৰাতি আমাৰ শৰীৰটোক নিয়ন্ত্ৰণ কৰিবলৈ 'sympathetic' আৰু 'parasympathetic' স্নায়ুতন্ত্ৰ আছে । 'Sympathetic' স্নায়ুতন্ত্ৰই দিনত কাম কৰে আৰু 'Parasympathetic' ৰাতি কাম কৰে ।

নিশা পোহৰত টোপনি যোৱাৰ ফলত ডায়েবেটিচ আৰু মেদবহুলতা কেনেদৰে হ'ব পাৰে

গৱেষকসকলে দেখিছে যে পোহৰ কোঠাত শুই থকাৰ পিছদিনা পুৱা মানুহৰ ইনচুলিন প্ৰতিৰোধ বৃদ্ধি হয় । ইনচুলিন প্ৰতিৰোধ হৈছে যেতিয়া আপোনাৰ পেশী, চৰ্বি আৰু যকৃতৰ কোষবোৰে ইনচুলিনৰ প্ৰতি ভাল দৰে সঁহাৰি নিদিয়ে আৰু শক্তিৰ বাবে আপোনাৰ তেজৰ পৰা গ্লুকোজ ব্যৱহাৰ কৰিব নোৱাৰে । ইয়াক পূৰণ কৰিবলৈ, আপোনাৰ অগ্ন্যাশয়ে অধিক ইনচুলিন প্ৰস্তুত কৰে । সময়ৰ লগে লগে, আপোনাৰ ৰক্ত শৰ্কৰা বৃদ্ধি হয় ।

'JAMA Internal Medicine'ত প্ৰকাশিত এক পূৰ্বৰ অধ্যয়ন অনুসৰি পোহৰ কোঠাত টোপনি যোৱা একাংশ লোকৰ ওপৰত অধ্যয়ন কৰা হৈছিল । নৰ্থৱেষ্টাৰ্ণ মেডিচিন চিকিৎসক ড০ ফিলিছ জিয়ে কোৱা মতে সেইসকল লোকৰ ওজন অধিক আছিল আৰু মেদবহুলতাৰ সমস্যা আছিল ।

ড০ ফিলিছ জিৰ মতে এয়া কিয় হয় চাবলৈ প্ৰাথমিক অনুসন্ধানৰ প্ৰয়োজন । গৱেষণাত দেখা গৈছে যে ইয়ে গ্লুক'জ নিয়ন্ত্ৰণৰ ক্ষমতাক প্ৰভাৱান্বিত কৰে । কিন্তু শৰীৰৰ সাধাৰণ পৰিৱৰ্তনৰ বিষয়ে তেওঁলোক অৱগত নহয় । টোপনিৰ সময়ত শৰীৰটোৱে যি ধৰণে বিশ্ৰাম ল'ব লাগে তেনেদৰে বিশ্ৰাম নলয় ।

নিশা শোৱাৰ সময়ত সচৰাচৰ কৃত্ৰিম পোহৰৰ ব্যৱহাৰ কৰা হয়

টোপনিৰ সময়ত নিশা সচৰাচৰ কৃত্ৰিম পোহৰৰ সহায় লোৱা যায় । বিশেষকৈ চহৰ অঞ্চলত ঘৰৰ ভিতৰৰ কোনো উৎসত বাহিৰৰ পৰা অহা পোহৰ পৰিলে কোঠাটো পোহৰ হৈ থাকে । আনহাতে একাংশ লোকে শোৱা কোঠাত বেডচাইড লেম্প জ্বলাই বা লাইট জ্বলাই আৰু বহুতে টিভিটো অন কৰি থয় ।

পোহৰ আৰু ইয়াৰ সৈতে স্বাস্থ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে

চিকিৎসক ড০ ফিলিছ জিৰ মতে টোপনি, পুষ্টি আৰু ব্যায়ামৰ উপৰিও দিনৰ ভাগত পোহৰ সুস্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ । কিন্তু অধ্যয়নত দেখা গৈছে যে নিশা সেই সামান্য পোহৰে হৃদযন্ত্ৰ আৰু আভ্যন্তৰীণ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । অধ্যয়নটোত নিশা অংশগ্ৰহণকাৰীসকলৰ ক্ষীণ পোহৰ আৰু মজলীয়া পোহৰত শোৱাৰ প্ৰভাৱ সম্পৰ্কে পৰীক্ষা কৰা হৈছিল । মজলীয়া পোহৰত থকা লোকসকলৰ ক্ষেত্ৰত দেখা গৈছিল যে তেওঁলোকৰ হৃদয়ৰ স্পন্দন বৃদ্ধি পায় আৰু হৃদযন্ত্ৰ সংকুচিত হোৱা শক্তি আৰু অক্সিজেনযুক্ত তেজৰ প্ৰবাহ বৃদ্ধি হয় ।

টোপনি যোৱাৰ সময়ত পোহৰ কম কৰাৰ বাবে চিকিৎসক ড০ ফিলিছ জিৰ পৰামৰ্শ

১. লাইট অন কৰি নুশুব । যদি আপোনাক পোহৰৰ প্ৰয়োজন হয় কোঠাৰ মজিয়াত একেবাৰে ক্ষীণ পোহৰৰ উৎস ৰাখিব পাৰে ।

২. ৰং অতি গুৰুত্বপূৰ্ণ । ৰঙা বা কমলা পোহৰ মগজুৰ বাবে কম উদ্দীপনাদায়ক । বগা বা নীলা পোহৰ ব্যৱহাৰ নকৰিব আৰু শুই থকা ব্যক্তিৰ পৰা ইয়াক দূৰত ৰাখিব ।

৩. যদি আপুনি বাহিৰৰ পোহৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে ব্লেক আউট শ্বেড বা আই মাক্স (eye mask) ব্যৱহাৰ কৰক । আপোনাৰ বিচনাখনৰ স্থান সলনি কৰক যাতে আপোনাৰ মুখত বাহিৰৰ পোহৰ নপৰে ।

লগতে পঢ়ক :সুস্বাদু ফল বাঙিয়ে আপোনাক কৰি ৰাখিব স্বাস্থ্য়ৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.