ETV Bharat / sukhibhava

Second Hand Smoke শিশু আৰু প্ৰাপ্তবয়স্কৰ স্বাস্থ্যৰ বাবে বিপদজনক

author img

By

Published : Aug 21, 2022, 6:14 PM IST

ধঁপাত সেৱন কৰা লোকৰ ওচৰত বাস কৰা লোকসকলৰ ক্ষেত্ৰত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক । অধ্যয়নত দেখা গৈছে যে ছেকেণ্ড হেণ্ড ধূমপানে শিশু আৰু প্ৰাপ্তবয়স্কৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে (Second hand smoke 10th biggest risk factor for cancer)। সবিশেষ পঢ়ক

second-hand-smoke-10th-biggest-risk-factor-for-cancer-says-lancet-study
Second Hand Smoke শিশু আৰু প্ৰাপ্তবয়স্কৰ স্বাস্থ্যৰ বাবে বিপদজনক

ধঁপাত খোৱা ব্যক্তিৰ ওচৰত বাস কৰা লোকসকলৰ ক্ষেত্ৰত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক । কাৰণ দ্য লেন্সেট জাৰ্নেলত প্ৰকাশিত এক নতুন গৱেষণাই দেখুৱাইছে যে, ছেকেণ্ড হেণ্ড ধূমপান এই ৰোগৰ বাবে ১০ নং বৃহত্তম বিপদজনক কাৰক(Second hand smoke 10th biggest risk factor for cancer) ।

Global Burden of Diseases, Injuries, and Risk Factors (Global Burden of Diseases GBD) ২০১৯ চনৰ অধ্যয়নৰ ফলাফল ব্যৱহাৰ কৰি গৱেষকসকলে কয় যে, ২০১৯ চনত ৩৪টা আচৰণ, বিপাকীয়, পৰিৱেশ, আৰু বৃত্তিগত বিপদৰ ফলত ২৩ ধৰণৰ কৰ্কট ৰোগৰ সৃষ্টি হৈছে । মৃত্যু হোৱাৰ বিপৰীতে আন কিছুমান লোক অসুস্থ হৈ পৰিছে । ২০১০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত কৰ্কট ৰোগৰ পৰিৱৰ্তিত কাৰণসমূহৰ ওপৰতো অধ্যয়নটোত চকু দিয়া হৈছে ।

কৰ্কট ৰোগত মৃত্যু হোৱা আৰু অক্ষম হোৱা লোকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মৃত্যু আৰু অক্ষমতা-সমন্বিত বছৰ (DALY) গণনা কৰা হৈছিল । আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে অনুমান কৰিছে যে, দৈনিক ধূমপায়ীসকলৰ সৈতে বাস কৰা সকলো লোকেই ছেকেণ্ড হেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ আহে । কৰ্মক্ষেত্ৰত ছেকেণ্ড হেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ অহা লোকৰ অনুপাত অনুমান কৰিবলৈ গৱেষকসকলে এক সমীক্ষা চলাইছিল ।

সমীক্ষাত দেখা গৈছে যে, ধূমপান, মদ্যপান আৰু হাই বডি ইনডেক্স (BMI) কেঞ্চাৰৰ তিনিটা বিপদজনক কাৰক । অসুৰক্ষিত যৌনতা, উপবাসৰ সময়ত তেজৰ গ্লুক’জ অধিক হোৱা, কণাযুক্ত বায়ু প্ৰদূষণ, এছবেষ্টছৰ সংস্পৰ্শ, গোটা শস্য আৰু গাখীৰ কম থকা খাদ্য, ছেকেণ্ড হেণ্ড ধূমপান । এই কাৰকসমূহৰ বাবে ২০১৯ চনত ৩৭ লাখ লোকৰ মৃত্যু হোৱাৰ লগতে ৮ কোটি ৭৮ লাখ DALY হোৱা বুলি গৱেষকসকলে জনায় ।

লগতে পঢ়ক : চেনিৰ বিপাকেই হৈছে কেঞ্চাৰৰ অন্যতম কাৰণ

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভেলুৱেচনৰ (Institute for Health Metrics and Evaluation, IHME) সঞ্চালক ক্রিষ্টোফাৰ মাৰেয়ে কয় যে, কেঞ্চাৰৰ বোজা হৈছে এক উল্লেখযোগ্য জনস্বাস্থ্য প্রত্যাহবান যিটো বিশ্বজুৰি বৃদ্ধি পাইছে ৷

অধ্যয়নটোৰ সহ-জ্যেষ্ঠ লেখক মাৰেয়ে কয় যে, বিশ্বজুৰি কৰ্কট ৰোগৰ বাবে এক প্ৰধান বিপদজনক কাৰক হোৱাৰ উপৰিও কৰ্কট ৰোগৰ বোজাত অৰিহণা যোগোৱা আন আন ডাঙৰ কাৰকসমূহো আছে । ছেকেণ্ড হেণ্ড ধোঁৱা হ'ল ধঁপাতৰ সামগ্ৰী যেনে চিগাৰেট, হোকা বা পাইপ জ্বলোৱা । চেকেণ্ড হেণ্ড ধোঁৱা হৈছে ধূমপান কৰা ব্যক্তিজনে উশাহ এৰি দিয়া, বা উশাহ লোৱা ধোঁৱা । বাৰ, ৰেষ্টুৰেণ্ট, কেচিনো আদি ৰাজহুৱা স্থানৰ লগতে বাহনতো মানুহ ছেকেণ্ড হেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ আহিব পাৰে ।

বাৰ, ৰেষ্টুৰেণ্ট আৰু কেচিনোৰ দৰে ৰাজহুৱা স্থানত, বাহনতো মানুহ ছেকেণ্ড হেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ আহিব পাৰে । আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যন (CDC)ৰ তথ্য অনুসৰি ধঁপাতৰ ধোঁৱাত ৭ হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে(Smoking Tobacco) । শ শ ৰাসায়নিক পদাৰ্থ বিষাক্ত হোৱাৰ বাবে প্ৰায় ৭০ প্ৰকাৰৰ কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে । ছেকেণ্ড হেণ্ড ধোঁৱাই শিশু আৰু প্ৰাপ্তবয়স্কৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে, আনকি ই মাৰাত্মকো হ’ব পাৰে । চিডিচিৰ মতে, ১৯৬৪ চনৰ পৰা প্ৰায় ২,৫০০,০০০ গৰাকী ধূমপান নকৰা ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যাত মৃত্যু হৈছে ।

লগতে পঢ়ক : আহক জানো আমাৰ জীৱনত বিশেষ ভূমিকা পালন কৰা ৫ বিধ ড্ৰাগছ বিষয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.