ETV Bharat / sukhibhava

ক'ৰণাৰে যুঁজিবলৈ লামাৰ তেজৰ পৰা উৎপন্ন ৰোগ প্ৰতিৰোধকৰ ওপৰত গৱেষণা - ঔষধ উদ্ভাৱন

যি সময়ত সমগ্ৰ বিশ্বত ক'ৰণাৰ প্ৰতিৰোধক উদ্ভাৱনৰ বাবে সৰ্বত্ৰে গৱেষণা আৰম্ভ হৈ আহিছে তেনে সময়তে পেৰুৰ গৱেষকে লামা নামৰ প্ৰাণীবিধৰ তেজৰ পৰা উৎপন্ন হোৱা ৰোগ প্ৰতিৰোধক Tito ৰ ওপৰত ব্যাপক ভাৱে আৰম্ভ কৰিছে গৱেষণা । গৱেষক সকলে ধাৰণা কৰা মতে, ইয়াৰ পৰা সম্ভাব্য ৰোগ প্ৰতিৰোধকক পৃথক কৰাৰ লগতে নতুন ঔষধ উদ্ভাৱন কৰিবলৈ এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব ।

Researchers study llamas antibodies to fight virus
ক'ৰণাৰে যুঁজিবলৈ লামাৰ তেজৰ পৰা উৎপন্ন ৰোগ প্ৰতিৰোধকৰ ওপৰত গৱেষণা
author img

By

Published : Aug 8, 2020, 5:24 PM IST

নিউজ ডেস্ক,৮আগষ্ট: বিশ্বৰ বিভিন্ন দেশৰ সমান্তৰালকৈ পেৰুৰ গৱেষক সকলেওঁ ক'ৰণাৰ ৰোগ প্ৰতিৰোধক উদ্ভাৱনৰ বাবে চলাই গৈছে গৱেষণা । পেৰুৰ গৱেষক সকলে লামা নামৰ প্ৰাণীবিধৰ তেজৰ পৰা উৎপন্ন হোৱা ৰোগ প্ৰতিৰোধক Tito ৰ ওপৰত ব্যাপক ভাৱে আৰম্ভ কৰিছে গৱেষণা ।

ইতিমধ্যে বিশ্বৰ গৱেষক সকলেওঁ এইবিধ ৰোগ প্ৰতিৰোধকক মান্যতা দি স্বীকাৰ কৰিছে যে, ই ক'ৰণাৰ ভাইৰাছৰ বিৰুদ্ধে নিশ্চয়কৈ কাম কৰিব পাৰিব । গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, যেতিয়া দেহত ভাইৰাছৰ সংক্ৰমণ ঘটে তেতিয়া এইবিধ ৰোগ প্ৰতিৰোধক প্ৰটিনলৈ ৰূপান্তৰিত হয় । এইসমূহ প্ৰটিনে ভাইৰাছৰ লগত যুদ্ধ কৰি সিহঁতক ধ্বংস কৰাত সহায় কৰে ।

ক'ৰণাৰে যুঁজিবলৈ লামাৰ তেজৰ পৰা উৎপন্ন ৰোগ প্ৰতিৰোধকৰ ওপৰত গৱেষণা

গৱেষক সকলৰ ধাৰণা, লামাৰ তেজৰ পৰাই প্ৰয়োজনীয় প্ৰতিৰোধক সৃষ্টি কৰিব পৰা যাব । অৱশ্যে এই সমূহ ৰোগ প্ৰতিৰোধক মানৱ দেহত থকা ৰোগ প্ৰতিৰোধকতকৈ যথেষ্ট ক্ষুদ্ৰ । কিন্তু ইয়াৰ পৰা সম্ভাব্য ৰোগ প্ৰতিৰোধকক পৃথক কৰাৰ লগতে নতুন ঔষধ উদ্ভাৱন কৰিবলৈ এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব ।

অৱশ্যে লামাৰ তেজৰ পৰা ৰোগ প্ৰতিৰোধক তৈয়াৰ কৰা এয়া প্ৰথম প্ৰক্ৰিয়া নহয় । এইচ আই ভি আৰু ফ্লুৰ প্ৰতিষেধক সৃষ্টিৰ ক্ষেত্ৰতো এই ৰোগ প্ৰতিৰোধক বিধৰ ওপৰত গৱেষণা কৰা হৈছিল ।

পেৰুৰ এই গৱেষণাৰ সমান্তৰালকৈ বিশ্বৰ অন্য প্ৰান্ততো ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধক উদ্ভাৱনৰ বাবে গৱেষণা কৰি থকা হৈছে । বেলজিয়ামৰ গৱেষক সকলেওঁ লামাৰ তেজৰ ওপৰত চলাই গৈছে গৱেষণা । বিভিন্ন গৱেষণাৰ অন্তত বেলজিয়ামৰ এই সকল গৱেষকৰ মতে, SARS আৰু MERSৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এই ৰোগ প্ৰতিৰোধক বিধ হৈছে উপযুক্ত ।

বেলজিয়ামত ৱিণ্টাৰ নামৰ ৪বছৰীয়া এজনি লামাৰ ওপৰত অধ্যয়ন কৰি গৱেষক সকলে ক'লে যে, ক'ভিড-১৯ৰ ভাইৰাছ নিৰ্মূলৰ ক্ষেত্ৰত ইয়াৰ পৰা ৰোগ প্ৰতিৰোধক প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হ'ব আৰু অধিক গৱেষণাৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.