ETV Bharat / sukhibhava

বৰ্ধিত বয়স অনুসৰি শাৰিৰীক ব্যায়্যামে মানুহৰ মস্তিষ্ক সুৰক্ষিত কৰি ৰাখে

author img

By

Published : Mar 10, 2022, 10:28 PM IST

জৰ্জিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে শাৰিৰীক ব্যায়ামে বাঢ়ি অহা বয়সৰ লগে লগে মানুহৰ মগজুৰ বিকাশ আৰু সংৰক্ষণত সহায় কৰে (Physical activity impact brain function with ageing) ৷ স্পৰ্ট চায়েন্স ফৰ হেল্থ শীৰ্ষক জাৰ্নেলত প্ৰকাশ পাইছে এই তথ্য ৷

Physical activity impact brain function
শাৰিৰীক ব্যায়ামে বাঢ়ি অহা বয়সৰ লগে লগে মানুহৰ মগজুৰ বিকাশ আৰু সংৰক্ষণত সহায় কৰে

শাৰিৰীক ব্যায়াম আৰু মগজুৰ ক্ৰিয়া-কলাপ ইটো সিটোৰ সৈতে সম্পৰ্কিত (physical activity brain functioning related to each other) ৷ শাৰিৰীক ব্যায়ামে শৰীৰটোৰ লগতে মানুহৰ মগজুৰ স্বাস্থ্যও সুৰক্ষিত কৰি ৰাখে ৷ এটা নতুন অধ্যয়নে দিছে এই তথ্য ৷

এই অধ্যয়নটোৰ মুখ্য লেখিকা আৰু লগতে ফ্ৰেংকলিন কলেজ অফ আৰ্টছ এণ্ড চায়েন্সৰ মনোবিজ্ঞানৰ শেহতীয়া ডক্টৰেট স্নাতক মাৰিছা গোগনিয়াটে কয়, "এই অধ্যয়নটোত এইটো কোৱা হোৱা নাই যে বয়স বঢ়াৰ লগে লগে আপুনি ব্যায়্যাম কৰিব লাগিব নতুবা মাৰাথন দৌৰ আৰম্ভ কৰিব লাগিব" । ইয়াত কোৱা হৈছে যে, যদি আপুনি দিনটোত কেইটামান খোজ বেছিকৈ কাঢ়ে, নিজৰ চাৰিওফালৰ পৰিৱেশত অলপ অধিক সময় কটাই, ই আপোনাৰ মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে আপোনাক স্বাধীন অনুভৱ কৰাত সহায় কৰে ৷

শাৰিৰীক ব্যায়্যামে মগজুৰ ক্ৰিয়া-কলাপ বৃদ্ধি কৰে

অধ্যয়নটোত 51 জন বয়সস্থ লোকক অনুসৰণ কৰা হৈছিল ৷ তেওঁলোকৰ শাৰিৰীক সক্ৰিয়তা আৰু ফিটনেছ ট্ৰেক কৰা হৈছিল । অংশগ্ৰহণকাৰীসকলে কগনিটিভ কাৰ্যকলাপৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা পৰীক্ষা বোৰ দিছিল আৰু মস্তিষ্কৰ কাৰ্যকলাপ মূল্যাঙ্কন কৰিবলৈ এম.আৰ.আই.(MRI) কৰিছিল । তেওঁলোকে এটা যন্ত্ৰও পিন্ধি ৰাখিছিল যিয়ে তেওঁলোকৰ শাৰীৰিক সক্ৰিয়তাৰ তীব্ৰতা, খোজ কঢ়াৰ হিচাপ আৰু দূৰত্ব জোখাত সহায় কৰিছিল ।

গৱেষকসকলে ছয় মিনিট খোজ কঢ়া পৰীক্ষাৰ জৰিয়তে ফিটনেছ মূল্যায়ন কৰিছিল, য’ত অংশগ্ৰহণকাৰীসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সোনকালে যিমান দূৰ সম্ভৱ দূৰত্ব অতিক্ৰম কৰিছিল । মাৰিছা গোগনিয়াটে মন্তব্য কৰে যে, "আমাক সদায় কৈ থকা হয় যে ব্যায়াম কৰাটো স্বাস্থ্যৰ পক্ষে ভাল, কিন্তু মই ভাবো ব্যায়ামে প্ৰকৃততে আপোনাৰ মগজুৰ বিকাশৰ লগতে ইয়াৰ কাৰ্যকলাপ সলনি কৰিব পাৰে, যিয়ে আপোনাৰ দৈনন্দিন জীৱনত আপুনি কৰা কামৰ ধৰণক প্ৰভাৱিত কৰে" ৷

মগজুটো বিভিন্ন ধৰণৰ বেলেগ বেলেগ নেটৱৰ্কৰে গঠিত । এই নেটৱৰ্কবোৰে নিৰন্তৰভাৱে নিজৰ মাজত যোগাযোগ, তথ্য প্ৰেৰণ আদিত জড়িত হৈ থাকে । কিন্তু মগজুৰ বিভিন্ন অংশ বিভিন্ন সময়তহে সক্ৰিয় হৈ উঠে (brain functioning) । শৰীৰটোৱে বিশ্ৰাম লৈ থকা সময়ত সক্ৰিয় হৈ থকা নেটৱৰ্কে মানুহ এজনক খঙাল কৰি তোলে যেতিয়া মানুহজন কিবা এটা কাম এটাত নিয়োজিত থাকে ৷ এই নেটৱৰ্ক সমূহৰ কিছুমান সক্ৰিয় হৈ থকাৰ সময়ত আন কিছুমান নিষ্ক্ৰিয় হৈ থাকে ৷ যদি তেনে নহয় তেতিয়া জানিব লাগিব যে মানুহ এজনৰ মগজুৱে সঠিকভাৱে কাম কৰা নাই ৷ দৈনন্দিন জীৱনৰ কাম-কাজ সমূহ সুচাৰু ৰূপে পৰিচালনা কৰাত এই নেটৱৰ্ক সমূহেই সহায় কৰে, যেনে দিনটোৰ লাগতিয়াল কিবা কথা মনত পেলোৱা, নিজৰ খং দমন কৰা আদি ৷ কিন্তু বাঢ়ি অহা বয়সৰ লগে লগে এইবোৰ কিছু জটিল হৈ পৰে ৷

এই অধ্যয়নটোৱে প্ৰথমবাৰলৈ নেটৱৰ্কসমূহে কেনেদৰে শাৰিৰীক ব্যায়ামৰ সৈতে সংযোগ স্থাপন কৰে তাৰ ওপৰত ৰিচাৰ্ছ কৰিছিল আৰু কেনেদৰে ফিটনেছে মগজুৰ কাৰ্যকলাপৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেইয়া দেখুৱাইছিল (physical fitness improves brain functioning) ৷

লগতে পঢ়ক: হৃদৰোগ অথবা হৃদক্ৰিয়াজনিত ৰোগত আক্ৰান্তৰ অধিকসংখ্যকেই মৃত্যুমুখত পৰাৰ সম্ভাৱনা অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.