ETV Bharat / sukhibhava

কম আয়ৰ অভিভাৱকে ক্ৰয় কৰে অস্বাস্থ্যকৰ খাদ্য

author img

By

Published : Aug 26, 2022, 9:42 PM IST

কম আয়ৰ অভিভাৱকে ক্ৰয় কৰে অস্বাস্থ্যকৰ খাদ্য ! কম আয়ৰ বাবেহে তেওঁলোকে অস্বাস্থ্যকৰ খাদ্য কিনি শিশুক খুৱাবলৈ বাধ্য হয় বুলি এক নতুন অধ্যয়নত প্ৰকাশ পাইছে(Parents adopt unhealthy food routines for family) । সবিশেষ পঢ়ক

Parents adopt unhealthy food routines for family wellbeing in place of unaffordable activities, says study
কম আয়ৰ অভিভাৱকে ক্ৰয় কৰে অস্বাস্থ্যকৰ খাদ্য

কম আয়ৰ অভিভাৱকে(low income) ক্ৰয় কৰে অস্বাস্থ্যকৰ খাদ্য ! বজাৰত সস্তীয়া খাদ্যৰ দ্বাৰা প্ৰভাৱিত নহয় বৰঞ্চ তেওঁলোকৰ আয় কম হোৱা বাবেহে তেওঁলোকে অস্বাস্থ্যকৰ খাদ্য কিনি শিশুক খুৱাবলৈ বাধ্য হয় বুলি এক নতুন অধ্যয়নত প্ৰকাশ পাইছে(Parents adopt unhealthy food routines for family)।

লণ্ডন বিশ্ববিদ্যালয়ৰ চিটি ফুড পলিচি চেণ্টাৰৰ(University of London) এক অধ্যয়ন অনুসৰি কম আয়ৰ অভিভাৱকৰ খাদ্য ক্ৰয়ৰ অভ্যাসৰ ওপৰত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে এই পৰিয়ালসমূহৰ খাদ্যাভ্যাস তেওঁলোকৰ খাদ্য পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে(non food aspects), যিদৰে কম আয়ৰ অভিভাৱকসকলে অৰ্থনৈতিক সমস্যাৰ বাবে তেওঁলোকে অস্বাস্থ্যকৰ খাদ্য আনিবলৈ বাধ্য হয়(unaffordable activities) ।

গৱেষণাৰ পৰা দেখা গৈছে যে যি খাদ্য পৰিৱেশত অস্বাস্থ্যকৰ খাদ্যসমূহ সৰ্বব্যাপী, সস্তীয়া আৰু বহুলভাৱে বজাৰত বিক্ৰী হয়, সেই খাদ্য পৰিৱেশত কম আয়ৰ অভিভাৱকসকলে সেই খাদ্যসমূহ কিনিবলৈ বাধ্য হয়(family wellbeing) । লগতে দেখা গৈছে যে কম আয়ৰ অভিভাৱকে কোনো ঠাই চাবলৈ ছুটীত গ’লেও সন্তানক সস্তীয়া ষ্ট্ৰীট ফুড খুৱাই দিয়ে(unhealthy food routines) ।

এই অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল ইংলেণ্ডৰ তিনিটা অঞ্চল গ্ৰেট ইয়াৰমাউথ, ষ্টক অন ট্ৰেণ্ট আৰু লণ্ডন বৰো অৱ লুইশ্বামৰ(London Borough of Lewisham) ৬০ জন কম আয়ৰ অভিভাৱক । অংশগ্ৰহণকাৰীসকলৰ বয়স ১৮ বছৰৰ ওপৰৰ আছিল আৰু ৫৬ গৰাকী মহিলা আছিল ।

হেল্থ এণ্ড ৱেলনেছ নামৰ আলোচনীখনত অনলাইনযোগে প্ৰকাশ পাইছে এই অধ্যয়নটো । চৰকাৰী নীতিৰ বিষয়ে অৱগত কৰিবলৈ মেদবহুলতাৰ ওপৰত গৱেষণা কৰা নেচনেল ইনষ্টিটিউট ফৰ হেল্থ ৰিচাৰ্চ (এনআইএইচআৰ) মেদবহুলতা নীতি গৱেষণা ইউনিটৰ অংশ হিচাপে লেখকসকলে এই অধ্যয়ন চলাইছে ।

লগতে পঢ়ক : মানসিক চাপ কমি গ’লে শিশুয়ে জাংক ফুডৰ পৰা আঁতৰত থাকিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.