ETV Bharat / sukhibhava

Eye Donation: এজন ব্যক্তিৰ নেত্ৰদানে, দুগৰাকীকৈ ব্যক্তিক প্ৰদান কৰিব পাৰে দৃষ্টিশক্তি

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:06 PM IST

Updated : Aug 31, 2023, 11:32 AM IST

নেত্ৰদান মহৎ দান ৷ যিকোনো বয়সৰ ব্যক্তিয়ে মৃত্যুৰ পিছত তেওঁৰ চকুদানৰ শপত ল'ব পাৰে ৷ এজন ব্যক্তিৰ নেত্ৰদানে দুগৰাকী মানুহৰ দৃষ্টি শক্তি দান কৰে ৷ নেত্ৰদান কি দৰে কৰা হয় এই সম্পৰ্কে জনালে জ্যেষ্ঠ চকু চিকিৎসক ডাঃ পংকজ বৰুৱাই ৷

one-persons-eye-donation-can-give-sight-to-two-people
এজন ব্যক্তিৰ নেত্ৰদানে, দুগৰাকীকৈ ব্যক্তিক প্ৰদান কৰিব পাৰে দৃষ্টিশক্তি
জ্যেষ্ঠ চকু চিকিৎসক ডাঃ পংকজ বৰুৱা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উদ্যোগত নেত্ৰদান পষেক ৷ যোৱা ২৫ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰৰ অনুষ্ঠিত হৈ আছে নেত্ৰদান পষেক ৷ নেত্ৰদান সম্পৰ্কে মানুহক সজাগতা কৰাৰ উদ্দেশ্য অনুষ্ঠিত কৰা হৈছে এই নেত্ৰদান পষেক ৷ জাতি-বৰ্ণ- ভাষা নিৰ্বিশেষে প্রতিজন লোকে নেত্ৰ দান কৰিব পাৰে ৷

নেত্ৰদানৰ জৰিয়তে কৰ্ণিয়া জনিত সমস্যাত ভোগা দুগৰাকী অন্ধলোক দৃষ্টিশক্তি প্ৰদান কৰিব পাৰি ৷ ভাৰতবৰ্ষত ১.৮ কোটি দৃষ্টিহীন লোক আছে তাৰে ভিতৰত ১.২লাখ লোকৰ কৰ্ণিয়া জনিত সমস্যাত দৃষ্টিশক্তি লোপ পোৱা দেখা গৈছে ৷ ২০২১ -২২ বৰ্ষত দেশত ৪৫ হাজাৰ লোকে কৰ্ণিয়া দান কৰিছে ৷ তাৰ ভিতৰত ২৫ হাজাৰ কৰ্ণিয়া সংলগ্নৰ দ্বাৰ দুয়োটা চকু অন্ধলোকৰ এটা চকুৰ দৃষ্টিশক্তি ঘূৰাই অনা গৈছে ৷

চকুৰ কৰ্ণিয়া কি আৰু ই কেনেদৰে ক্ষতিগ্ৰস্ত হয় ?

চকুৰ সন্মুখত থকা স্বচ্ছ আইনা সদৃশ আৱৰণ খনেই হৈছে কৰ্ণিয়া ৷ কৰ্ণিয়া বিভিন্ন কাৰণত ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷ শিশু সকলৰ ক্ষেত্ৰত ভিটামিন (A) ৰ অভাৱত বা আঘাট জনিত সমস্যাত কৰ্ণিয়া ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷ বয়সস্থতলোক সকলৰ ক্ষেত্ৰত খেতিপথাৰত কাম কৰোতে পোৱা আঘাট,সংক্ৰমিত ৰোগ আদিৰ কাৰণে কৰ্ণিয়া ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷ চকুৰ কেটেৰেক্ট অপাৰেচনৰ পিছত যদি লেন্সখন লগাওঁতে কিবা বিসংগতি হয় তেতিয়াও কৰ্ণিয়া ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷

নেত্ৰ দান বা সংলগ্ন কৰোঁতে কিবা খৰচ আছে নেকি ?

নেত্ৰদান মহৎ দান ৷ নেত্ৰদানত কোনো ধৰণৰ খৰছ নাই ৷ দান কৰা চকু কেতিয়াও কিনা বা বিক্ৰী কৰা নহয় ৷

ব্যক্তি এগৰাকীৰ মৃত্যুৰ পিছত কেনেদৰে তেওঁৰ নেত্ৰ সংগ্ৰহ কৰা হয় ?

জীৱিত অৱস্থাত নেত্ৰদান কৰি যোৱা ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছত নেত্ৰদান কেন্দ্ৰৰ এগৰাকী চিকিৎসাকে তেওঁ বাসগৃহত পঠিয়াওৱা হয় ৷ মৃত্যুৰ ৬ ঘণ্টাৰ ভিতৰত নেত্ৰ সংগ্ৰহ কৰা হয় ৷ মৃতকৰ শৰীৰৰ পৰা চকু সংগ্ৰহ কৰোঁতে মাত্ৰ ১৫-২০ মিনিট সময়ৰ প্ৰয়োজন হয় ৷ চকু সংগ্ৰহ কৰা পিছত মৃতকৰ মুখৰ চেহেৰা অলপো বিকৃত নহয় ৷ সংগ্ৰহীত চকু বেংক আহি পোৱাৰ লগে লগে চকুজোৰ পৰীক্ষা কৰি তত্বাৱধানত ৰখা হয় আৰু ৭২ ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰা হয় ৷

চকুদান কৰা ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছত কি কৰিব লাগে ?

১) মৃতকৰ কোঠাৰ ফেন বন্ধ কৰি দিব লাগে ৷

২) চকু দুটা জপাই দিব লাগে ৷

৩) কোমল কাপোৰ পানী বা বৰফত তিয়াই থৈ দিব লাগে চকুৰ ওপৰত পাৰিলে ৷

৪) মৃত্যুৰ ৬ ঘণ্টাৰ ভিতৰত সংগ্ৰহ কৰিব লাগে ৷

লগতে পঢ়ক: Osteoporosis Causes and Symptoms: অষ্টিঅ’পৰ’ছিছ কি ? কি কি কাৰণত এই ৰোগ হ’ব পাৰে ?

Last Updated : Aug 31, 2023, 11:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.