ETV Bharat / sukhibhava

শিশুৰ মেদবহুলতা সমস্যাৰ নিবাৰণ ! - শিশুৰ দেহত মেদবহুলতাৰ সমস্যা

সাম্প্ৰতিক সময়ত এক ভয়াৱহ ৰূপে দেখা দিয়া সমস্যা হৈছে মেদবহুলতা ৷ কৰ’ণা ভাইৰাছ, লক্ ডাউন আৰু ক্ৰমান্বয়ে শিশু সকলৰ ভিডিঅ’ গেমছ জাংক ফুডৰ প্ৰতি আসক্ত আদি বহু শিশু,কিশোৰ-কিশোৰীৰ বাবে মুখ্য কাৰণ হৈ পৰিছে মেদবহুলতাৰ ৷ সন্তানৰ মেদবহুলতা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰা উচিত পিতৃ-মাতৃয়ে ৷

Obesity Prevention In Children
শিশুৰ মেদবহুলতা নিবাৰণ !
author img

By

Published : Sep 17, 2020, 6:15 PM IST

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ : দেশ তথা বিশ্বব্যাপী চলা কৰ’ণা ভাইৰাছৰ সংহাৰৰ ফলতেই এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ঘোষণা কৰা হৈছিল লক্ ডাউন ৷ লক্ ডাউনে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ আৰু সুৰক্ষিত ঘৰত থকাৰ সুযোগ প্ৰদান কৰিছিল যদিও বহুতৰ বাবে কঢ়িয়াই আনিছিল কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান ৷ ইয়াৰ ভিতৰত এটা মুখ্য সমস্যা হৈছে মেদবহুলতা ৷

এই সময়চোৱাত শাৰীৰিক ক্ৰিয়াকলাপ খেলা-ধূলা বন্ধ হৈ পৰাৰ ফলতেই শিশুৰ শৰীৰৰ ওপৰতো ব্যাপক প্ৰভাৱ দেখা পোৱা গৈছে মেদবহুলতাৰ ৷ তেনে এক উদাহৰণ হৈছে নৱম শ্ৰেণীত অধ্যয়নৰত 14 বছৰীয়া স্বয়ম শৰ্মা ৷ লক্ ডাউনৰ সময়ত অধিক সময় ছাত্ৰগৰাকীয়ে টেলিভিছন,ভিডিঅ’ গেমছ,জলপান সেৱন, অত্যাধিক সময়লৈ শুই থকা যাৰ পোনপটীয়া প্ৰভাৱ দেখা দিছিল শৰীৰৰ ওজন বৃদ্ধি ৰূপে ৷ প্ৰথম অৱস্থাত পৰিয়াল লোকে এইয়া স্বভাৱিক বুলি গণ্য কৰিছিল যদিও পিচলৈ সন্তানটোৱে সামান্য কাম কৰাৰ পাচতেই ভাগৰুৱা হৈ পৰা আৰু শ্বাস-প্ৰস্বাস লোৱাৰ অসুবিধাৰ সন্মুখীন হোৱাই চিন্তিত কৰি তুলিছিল পৰিয়াল বৰ্গক ৷

চিকিৎসকৰ কাষ চপাত চিকিৎসকে কিছু দৰৱ দিয়াৰ লগতে সন্তানটিৰ জীৱন-শৈলীত কিছু সাল-সলনি কৰাৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে ৷ ইয়াৰ পাচতেই বৰ্তমানে সন্তানটোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা পৰিলক্ষিত হৈছে ৷ এই সময়ত কেৱল স্বয়ম একমাত্ৰ উদাহৰণ নহয় এনে বহু শিশু এই সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ ভিতৰত কেইগৰাকী মান হৈছে 16 বছৰীয়া তানিশা,16বছৰীয়া ৰাঘৱ,13 বছৰীয়া কয়েল 10 বছৰীয়া কৌস্তৱৰ দৰে বহু শিশু ৷ কেৱল প্ৰাপ্তবয়স্ক বা কিশোৰ-কিশোৰীৰ মাজতেই অত্যাধিক ওজন বৃদ্ধিৰ পৰা মেদবহুলতাই দেখা দিছে এনে নহয় আনকি শিশুৰ দেহতো দেখা দিছে এই গুৰুতৰ সমস্যাই ৷ এই সন্দৰ্ভত শিশু ৰোগ বিশেষজ্ঞ,সোণালী নাভেল পুৰন্দৰে বিশেষ ব্যাখা আগবঢ়ায় ৷

লগতে চাওক- কেনেকৈ সুস্থ ৰাখিব আপোনাৰ হৃদপিণ্ডক ?

মেদবহুলতাৰ সমস্যা সমূহ :

সাধাৰণতে অস্বাস্থ্যকৰ খাদ্যাভাস আৰু অশুদ্ধ জীৱন শৈলী হৈছে মেদবহুলতাৰ বিশেষ কাৰণ ৷ এই মেদবহুলতা যিকোনো বয়সৰ লোকৰ শৰীৰত দেখা যাব বাবে ৷ কেতিয়াবা এইয়া জীনগত কাৰণত অথবা হৰ্মন সমস্যা বা অন্যান্য ৰোগৰ ফলতো শৰীৰত দেখা দিব পাৰে ৷ চিকিৎসকগৰাকীৰ মতে আজি কালি প্ৰতিটো ৰোগ উদ্বিগ্নতা,চিন্তা আৰু ভয়ৰ বাবে শৰীৰত দেখা দিয়ে বুলি উল্লেখ কৰে ৷

শিশুৰ অতিৰিক্ত ওজন বৃদ্ধিয়ে ভাগৰ,টোপনি হ্ৰাস,চিন্তাৰ মুখ্য কাৰক হৈ পৰে ৷ ইয়াৰ লগতে শকত হৈ পৰাৰ বাবে বাবে উশাহ-নিশাহৰো সমস্যাই দেখা দিব পাৰে ৷ যদি এই সমস্যা অধিক বৃদ্ধি পায় তেন্তে কিছুমান ভয়ংকৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে যেনেকৈ মধুমেহ ৰোগ,হৃদক্ৰিয়া জড়িত ৰোগ, উচ্চ ৰক্তচাপ আৰু টোপনি নহা আদি ৷

কাৰক সমূহ :

  1. সু-শৃংখল দৈনিক ৰুটিনৰ অভাৱ ৷
  2. একে স্থানতে অধিক সময় অতিবাহিত কৰা (অধ্যয়ন, কৰ্মস্থলীত) ৷
  3. ভোকত অথবা ষ্ট্ৰেছ বা একঘেয়ামিৰ বাহিৰ হৈ খোৱা ৷
  4. পুষ্টিকৰ খাদ্য খোৱাৰ পৰিৱৰ্তে জাংক, তৈল জাতীয়, মচলাযুক্ত, মিঠাই জাতীয় বস্তুৰ অত্যাধিক সেৱন ৷

কেনেকৈ ৰোধ কৰিব মেদবহুলতা :

কেৱল ক’ভিড-19 অথবা লক্ ডাউনৰ সময়তে যে খাদ্যাভাস অথবা শৰীৰ চৰ্চা অতিকৈ গুৰুত্বপূৰ্ণ তেনে নহয় ৷ চিকিৎসক সোণালীয়ে সুস্থ থাকিবলৈ শৰীৰৰ ভাৰসাম্য বজাই ৰখাৰ পৰামৰ্শ প্ৰদান কৰে ৷ সঠিক সময়ত সঠিক স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে ৷ ইয়াৰ দ্বাৰা মেদবহুলতাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি ৷

কেনেকৈ তৈয়াৰ কৰিব আহাৰৰ পৰিকল্পনা :

শিশুৰ বাবে মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাবলৈ দিনটোত নিয়মিত অন্তৰালত সঠিক জোখত আহাৰ গ্ৰহণ কৰা উচিত ৷ সঠিক স্বাস্থ্যকৰ খাদ্য গ্ৰহণ মেদবহুলতাৰ পৰা পৰিত্ৰাণৰ বাবে অধিক সহায়ক ৷ ইচ্ছা কৰিলে আপুনি দিনটোত নিজৰ খাদ্য ভাগ চাৰি ভাগত গ্ৰহণ কৰিব পাৰে ৷

এই সমস্যাৰ পৰা হাতসাৰি থাকিবলৈ শিশুৰ খাদ্যাভাসৰ উপযুক্ত বাধ্য-বাধকতাৰ যত্ন লোৱা অতিকৈ গুৰুত্বপূৰ্ণ ৷ কাৰণ শিশুৰ মেদবহুলতাই ওজন বৃদ্ধিয়ে নহয়, বহু ৰোগক আমন্ত্ৰণ দিয়াৰ লগতে বহু জটিল স্বাস্থ্যৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে ৷ যিটো বৰ্তমান সময়ত প্ৰায় সংখ্যক 40 বছৰীয়া উৰ্ধৰ লোকৰ দেহত পৰিলক্ষিত হয় ৷

লগতে চাওক-চৰকাৰে কিমান সময়লৈ দেশৰ নিৱনুৱা সমস্যাটো আওকাণ কৰিব ? : ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.