ETV Bharat / sukhibhava

No Smoking Day 2023: ধূমপান কেৱল আপোনাৰ বাবেই আপোনাৰ পৰিয়ালৰ বাবেও মাতিব পাৰে বিপদ - স্বাস্থ্য বাতৰি

ধূমপানৰ বিৰূপ প্ৰভাৱৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা কেৱল ধূমপায়ীসকলৰেই নহয়, তেওঁলোকৰ আশে-পাশে বাস কৰা লোকসকলৰ স্বাস্থ্যৰ ওপৰত পৰা ইয়াৰ বিৰূপ প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে মাৰ্চ মাহৰ দ্বিতীয়টো বুধবাৰে ধূমপান নিষিদ্ধ দিৱস পালন কৰা হয় । এইবাৰ ৮ মাৰ্চত ‘আমি খাদ্য বিচাৰো, ধঁপাত নহয়’ শীৰ্ষক বিষয়বস্তুত এই দিৱস পালন কৰা হৈছে ।

No Smoking Day 2023 to be held on the theme 'We want food, not tobacco'
ধূমপান কেৱল আপোনাৰ বাবেই আপোনাৰ পৰিয়ালৰ বাবেও মাতিব পাৰে বিপদ
author img

By

Published : Mar 8, 2023, 12:01 AM IST

ধূমপান এনে এক নিচা যিয়ে কেৱল আপোনাৰ স্বাস্থ্যৰ ওপৰত বহু গুৰুতৰ প্ৰভাৱ পেলোৱাই নহয় বৰঞ্চ ই আপোনাক মানসিকভাৱেও দুৰ্বল কৰি তুলিব পাৰে । চিন্তাৰ বিষয় যে কেৱল ধূমপান কৰা লোকেই নহয়, তেওঁলোকৰ সৈতে অধিক সময় কটোৱা আৰু দীৰ্ঘদিন চিগাৰেটৰ ধোঁৱাত থকাসকলৰ স্বাস্থ্যৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পৰিব পাৰে ।

ধূমপানৰ ভয়াৱহ বিপদৰ পৰা জনসাধাৰণৰ মাজত সজাগতা আৰু তেওঁলোকক এই নিচা এৰিবলৈ প্ৰেৰণা যোগোৱা আৰু ইয়াৰ বাবে তেওঁলোকে কি কৰিব পাৰে এই উদ্দেশ্যে “ধূমপান নিষিদ্ধ দিৱস” প্ৰতি বছৰে মাৰ্চ মাহৰ প্ৰথমটো বুধবাৰে বিশেষ এক বিষয়বস্তুৰ ওপৰত উদযাপন কৰা হয় । এইবাৰ ৮ মাৰ্চত ‘আমি খাদ্য বিচাৰো, ধঁপাত নহয়’ শীৰ্ষক বিষয়ত এই দিৱস পালন কৰা হৈছে(No Smoking Day 2023)।

পৰিসংখ্যাই কি কয় ?

বিশ্ব স্বাস্থ্য সংস্থাৰ(WHO) তথ্য অনুসৰি বিশ্বৰ ১২৫খন দেশত ধঁপাত উৎপাদন হয় আৰু বিশ্বজুৰি প্ৰতি বছৰে ৫.৫ ট্ৰিলিয়ন চিগাৰেট উৎপাদন হয় । একে সময়তে সমগ্ৰ বিশ্বতে এক বিলিয়নতকৈও অধিক লোকে ইয়াক সেৱন কৰে(World No Tobacco Day 2023)।

২০২১ চনত মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত এক গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে ধূমপানো কৰ্কট ৰোগৰ সৈতে জড়িত মৃত্যুৰ অন্যতম মুখ্য কাৰক ।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ৫০ লাখতকৈ অধিক লোকে ধূমপান সেৱনৰ বাবে প্ৰাণ হেৰুৱাইছে । সংস্থাটোৰ এক প্ৰতিবেদনত এইটোও আশংকা কৰা হৈছে যে যদিহে এই সমস্যা নিয়ন্ত্ৰণৰ বাবে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে ২০৩০ বৰ্ষৰ ভিতৰত ধূমপানৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা প্ৰতি বছৰে ৮০ লাখতকৈ অধিক হ’ব । এই প্ৰতিবেদন অনুসৰি কেৱল ধূমপানৰ বাবেই নহয় ধঁপাতৰ পৰোক্ষ প্ৰভাৱৰ বাবে বা ইয়াৰ সৈতে জড়িত ৰোগৰ বাবেও প্ৰতি বছৰে প্ৰায় ৫০ লাখ লোকৰ মৃত্যু হয় । একে সময়তে বিশ্বৰ মুঠ ধূমপায়ীৰ প্ৰায় ১০% লোক কেৱল ভাৰততহে আছে । ভাৰতৰ প্ৰায় ২৫ কোটি লোকে গুটখা, বিড়ি, চিগাৰেট, হুক্কা আদিৰ জৰিয়তে ধঁপাত সেৱন কৰে(Which date is No Smoking Day?)।

ধূমপান নিষিদ্ধ দিৱসৰ ইতিহাস

ধঁপাতৰ ক্ষতিৰ বিষয়ে মানুহক সজাগ কৰা আৰু ধঁপাত সেৱন বন্ধ কৰাৰ উপায় কোৱাৰ লক্ষ্যৰে ১৯৮৪ চনত ব্ৰিটেইনত ধূমপান নিষিদ্ধ দিৱস উদযাপন আৰম্ভ কৰা হৈছিল । তেতিয়াৰ পৰা এই দিনটো প্ৰতি বছৰে মাৰ্চ মাহৰ দ্বিতীয় বুধবাৰে পালন কৰা হয় । যদিও ব্ৰিটেইনত ধূমপান নিষিদ্ধ দিৱস আৰম্ভ হৈছিল, কিন্তু ইয়াৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ভাৰতকে ধৰি বিশ্বৰ বহু দেশত ধূমপান নিষিদ্ধ দিৱস পালন কৰা হয় ।

ধূমপানৰ অপকাৰিতা

দৰাচলতে ধঁপাতত নিকোটিন নামৰ এটা মৌল পোৱা যায়, যাৰ ফলত নিচা হ’ব পাৰে, লগতে ই শৰীৰৰ বহু ক্ষতিও কৰে । এবাৰ ধূমপানৰ অভ্যাসত পৰিলেই ইয়াক এৰি দিয়াটো অতি কঠিন হৈ পৰে । একে সময়তে ইয়াৰ পুনৰ্বাসন বা ইয়াক এৰি যোৱাৰ প্ৰক্ৰিয়াটোও অতি কষ্টকৰ ।

ধূমপানৰ কাৰণে ধঁপাতৰ ধোঁৱাৰ সংস্পৰ্শলৈ অহা অৰ্থাৎ চিগাৰেট বা হুক্বা আদিৰ সংস্পৰ্শলৈ আহিলেও মানুহ বহু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ বলি হ’ব পাৰে । ইয়াৰ বাবে সাধাৰণতে মানুহে হাঁপানী, ব্ৰংকাইটিছ, নিউমোনিয়া আদি শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু হাওঁফাওঁৰ ৰোগ আনকি কেন্সাৰ আদি গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। একে সময়তে বহুতো গুৰুতৰ ৰোগৰ সংঘটনৰ বাবে ই পৰিস্থিতিৰ জটিলতাৰ কাৰণো হ’ব পাৰে ।

গুৰুত্ব

"ধূমপান নিষিদ্ধ দিৱস" ধূমপানৰ ফলত শৰীৰ আৰু পৰিৱেশৰ ক্ষতিৰ বিষয়ে মানুহক সজাগ কৰাই নহয়, এই অনুষ্ঠানটোৱে ধূমপানৰ অভ্যাস ভংগ কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰিব বিচৰাসকলকো এক সুযোগ প্ৰদান কৰে।হৈছে নিচাৰ বলি হোৱা এজন । এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে এই নিচা ত্যাগ কৰাত সহায়ক হোৱা চিকিৎসা আৰু অন্যান্য ব্যৱস্থাৰ সন্দৰ্ভতো সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক: Holi 2023: হোলী খেলোতে মনত ৰাখিব এইসমূহ কথা, তেতিয়াহে ল'ব পাৰিব উৎসৱৰ মজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.