ETV Bharat / sukhibhava

Hypertension: উচ্চ ৰক্তচাপৰ বাবে চিন্তিত, এই ৫বিধ জিংক সমৃদ্ধ খাদ্যই দিব সকাহ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 5:25 PM IST

আজিকালি উচ্চ ৰক্তচাপ এটা সাধাৰণ ৰোগত পৰিণত হৈছে, সাধাৰণতে বহু ঔষধ খাই ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি, কিন্তু জিংক সমৃদ্ধ খাদ্য খালে বহু ইতিবাচক ফলাফল পোৱা যায় ।

No need to worry about high blood pressure, these 5 zinc rich foods will provide relief
উচ্চ ৰক্তচাপৰ বাবে চিন্তিত, এই ৫বিধ জিংক সমৃদ্ধ খাদ্যই দিব সকাহ

উচ্চ ৰক্তচাপক হাইপাৰটেনচন বুলিও কোৱা হয় ৷ ভাৰতত উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা অতি বেছি কাৰণ এই খাদ্যত প্ৰচুৰ পৰিমাণে নিমখ ব্যৱহাৰ কৰা হয় যিটোত ছডিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷ এই সমস্যাৰ বাবে এই পুষ্টিকৰ উপাদান দায়ী ৷ ইয়াৰ উপৰিও দুৰ্বল জীৱনশৈলী, মানসিক চাপ আৰু শাৰীৰিক ক্ৰিয়া-কলাপেও উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে ৷ ডায়েটিচিয়ানৰ মতে, যদি আমি নিয়মিতভাৱে জিংক সমৃদ্ধ খাদ্য খাওঁ তেন্তে বি পি সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ তেন্তে জানো আহক কোনবোৰ খাদ্যৰ দ্বাৰা আমি আমাৰ শৰীৰত জিংকৰ অভাৱ পূৰণ কৰিব পাৰি ৷

জিংক সমৃদ্ধ খাদ্য

১/ বাদাম

জিংকৰ বাহিৰেও বাদামত প্ৰচুৰ পৰিমাণে বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে ৷ শৰীৰত জিংকৰ প্ৰয়োজন পূৰ কৰিবলৈ আপুনি বাদাম, কাজু আৰু আলমণ্ড আদি শুকান ফল সেৱন কৰিব পাৰে ৷ এনে পৰিস্থিতিত আপোনাৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা বহু পৰিমাণে কমি যাব ৷

২/ গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী

গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীক জিংকৰ ভাল উৎস বুলি গণ্য কৰা হয়, বিশেষকৈ নিৰামিষভোজীৰ প্ৰয়োজনৰ বাবে ই এক নিখুঁত খাদ্য ৷ গাখীৰৰ বাহিৰেও পনীৰ আৰু দৈ সেৱন কৰিব পাৰে, এইবোৰ খালে জিংক শোষণ ভাল হয় ৷

৩/ কণী

যদিও কণী মূলতঃ প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে খোৱা হয়, তথাপিও ইয়াত জিংকৰ লগতে ভিটামিন আৰু চেলেনিয়ামও প্ৰচুৰ পৰিমাণে থাকে ৷ জিংকৰ অভাৱৰ পৰা হাত সাৰিবলৈ দৈনিক ২টাকৈ কণী খাব লাগে ৷

৪/ ওটচ

আমাৰ বহুতেই দিনটো আৰম্ভ কৰে অটছৰ বাটি এটা খাই ৷ এইটো অতি স্বাস্থ্যসন্মত খাদ্য য’ত জিংক, প্ৰ’টিন আৰু আঁহৰ অভাৱ নহয় ৷ এইখিনি খালে উচ্চ ৰক্তচাপ, বদহজম আৰু মেদবহুলতাৰ পৰা সকাহ পাব পাৰি ৷

৫/ ডাৰ্ক চকলেট

আমাৰ বেছিভাগেই ডাৰ্ক চকলেট খাই ভাল পায়, ইয়াক জিংকৰ চহকী উৎস বুলি গণ্য কৰা হয় আৰু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ আৰু মেগনেছিয়ামও থাকে ৷ ডাৰ্ক চকলেটে ৰক্তচাপ বজাই ৰাখে আৰু লগতে সঠিকভাৱে কাম কৰাত সহায় কৰে ৷

লগতে পঢ়ক: World OT Day 2023: অকুপেচনেল থেৰাপী মানে কি ? কিয় বিশ্বজুৰি পালন কৰা হয় এই দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.