নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়(Durga Puja 2022) । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ২০২২ চনৰ ৪ অক্টোবৰ তাৰিখে এই পূজাৰ অন্ত পৰিব(Shardiya Navratri 2022) । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । আজি নৱৰাত্ৰিৰ ষষ্ঠটো দিন । আজি মা দূৰ্গাৰ ষষ্ঠটো ৰূপ দেৱী কাত্যয়নীৰ পূজা অৰ্চনা কৰা হয়(Navratri 2022 6th day) ৷ জানো আহক পূজাৰ বিধি, মন্ত্ৰ আৰু অন্যান্য নিয়ম সমূহ...
![Navratri 2022 6th day Maa Katyayani puja vidhi aarti Bhog mantra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16513282_hehbe-4.jpg)
মা কাত্যায়নী কোন আছিল ?(Who was Maa Katyayani)
মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যায়নী”। কাত্যয়নী হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ । তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ । কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায় । দেৱী কাত্যায়নীক চতুৰ্ভূজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্ৰায়িত কৰা হয় । কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ অৰ্থে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল(Goddess Katyayani) ।
শক্তি পন্থাৰ মতে, কাত্যায়নী শক্তি বা দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্ৰকালী আৰু চণ্ডিকাৰ সৈতে জড়িত । খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত পতঞ্জলীয়ে ৰচনা কৰা মহাভাষ্যত ৰঙা ৰংৰ সৈতে কাত্যায়নীৰ সম্পৰ্কৰ কথা উল্লেখ আছে(Navratri colors significance 2022) ।
![Navratri 2022 6th day Maa Katyayani puja vidhi aarti Bhog mantra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16513282_hehbe-2.jpg)
যজুৰবেদত কাত্যায়নীৰ পোন প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায় । স্কন্দ পুৰাণৰ মতে দেৱতাসকলৰ অবিৰত কোপৰ পৰা তেওঁৰ জন্ম হয় আৰু পৰৱৰ্ত্তী কালত সিংহৰ পিঠিত উঠি মহিষাসুৰ বধৰ পৰ্যায় পায়গৈ । ইয়াকে দুৰ্গা পূজা হিচাপে সমগ্ৰ ভাৰততে উদযাপন কৰা হয় ।
দেৱী ভাগৱত পুৰাণ আৰু ৪০০-৫০০ চনত মাৰ্কণ্ডেয় মুনিয়ে ৰচনা কৰা মাৰ্কণ্ডেয় পুৰাণৰ অংশ দেৱী মাহাত্ম্যমত তেওঁৰ আখ্যানসমূহ বৰ্ণনা কৰা হৈছে । বৌদ্ধ, জৈন আৰু তান্ত্ৰিক পুথিসমূহতো কাত্যায়নীৰ বৰ্ণনা পোৱা যায় ৷ দশম শতিকাৰ কালিকা পুৰাণৰ মতে উড়িয়ানা বা উদ্ৰদেশত (উড়িষ্যা) দেৱী কাত্যায়নী আৰু জগন্নাথৰ বসতি।
বামন পুৰাণৰ মতে, মহিষাসুৰৰ প্ৰতি দেৱতাসকলৰ ক্ৰোধৰ ফলত তেওঁলোকৰ শক্তিয়ে সন্মিলিত জ্যোতিকণাৰ ৰূপ লয় । এই জ্যোতিকণাসমূহ কাত্যায়ন ঋষিৰ আশ্ৰমত পুঞ্জীভূত হোৱাত ঋষিয়ে ইয়াক প্ৰকৃত ৰূপ প্ৰদান কৰে । সেয়ে কাত্যায়নীক কাত্যায়ন ঋষিৰ নামেৰেই তেওঁৰ জীয়ৰী হিচাপে জনা যায় । কালিকা পুৰাণত থকা বৰ্ণনা অনুসৰি ঋষি কাত্যায়নে তেওঁক সৰ্বপ্ৰথমে উপাসনা কৰাৰ বাবে তেওঁ কাত্যায়নী নামেৰে নামাকৰণ কৰা হয় । দুয়ো ক্ষেত্ৰতে তেওঁক দুৰ্গাৰ ৰূপ হিচাপে নৱৰাত্ৰিৰ ষষ্ঠ দিনা উপাসনা কৰা হয় ।
আখ্যান অনুসৰি কলহাসুৰৰ সংগী ৰক্তবীজ নামৰ এক অসুৰৰ এনে এক শক্তি আছিল যাৰ ফলত তেওঁৰ শৰীৰৰ পৰা নিৰ্গত প্ৰতিটোপাল তেজ মাটিত পৰাৰ লগে লগে একোটা অসুৰৰ জন্ম হৈছিল । সেয়ে ভৈৰৱৰ বাবে ৰক্তবীজক বধ কৰাটো অসম্ভৱ হৈ পৰে । কাত্যায়নীয়ে ৰক্তবীজৰ এটোপালো তেজ মাটিত পৰিবলৈ নিদিয়াকৈ পান কৰে । তেওঁ আনকি ভৈৰৱৰ সৈন্যবাহিনীক পুনৰ্জীৱন দিবৰ বাবে এক অমৃত কুণ্ডৰো সৃষ্টি কৰে ।
তন্ত্ৰৰ মতে কাত্যায়নী শিৱৰ ছখন মুখৰ এখনৰ (উত্তৰমুখী) যোগেদি আত্মপ্ৰকাশ কৰে । ইয়াত তেওঁৰ মুখমণ্ডল নীলৰঙী আৰু ত্ৰিনয়নযুক্ত । এই মুখেৰে তেওঁ দক্ষিণকালিকা, মহাকালী, শ্মশানকালী, উগ্ৰতাৰা, চিন্নমস্তা, ধূমাৱতী আদি দেৱীসকলৰ ধৰ্মীয় আচাৰ আৰু মন্ত্ৰকো প্ৰকাশ কৰে ।
![Navratri 2022 6th day Maa Katyayani puja vidhi aarti Bhog mantra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16513282_hehbe-1.jpg)
মা কাত্যায়নী পূজা বিধি...
ৰাতিপুৱাই উঠি গা ধোৱা আদিৰ পৰা নিবৃত হোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে । ইয়াৰ পিছত মা কাত্যায়নী দেৱীৰ মূৰ্তি বিশুদ্ধ পানীৰে বা গংগাজলে স্নান কৰক ।
মা কাত্যায়নী দেৱীক হালধীয়া ৰঙৰ কাপোৰ আগবঢ়াওক ।
গা ধোৱাৰ পিছত দেৱীক ফুল অৰ্পণ কৰক ।
দেৱীৰ ওপৰত সেন্দুৰ কুমকুম প্ৰয়োগ কৰক ।
দেৱীক পাঁচ প্ৰকাৰৰ ফল-মূল আৰু মিঠাই আগবঢ়াওক ।
মা কাত্যায়নীক মৌ অৰ্পণ কৰক ।
মা কাত্যায়নীৰ ধ্যান জপ কৰক ।
দেৱীৰ আৰতি কৰক ।
মা কাত্যায়নীৰ পূজাৰ গুৰুত্ব
ধৰ্মীয় বিশ্বাস অনুসৰি মা কাত্যায়নীক পূজা কৰিলে বিবাহৰ সমস্যা দূৰ হয় ।
মা কাত্যায়নীক পূজা কৰিলে ৰাশিফলত বৃহস্পতি গুৰু শক্তিশালী হয় ।
মা কাত্যায়নীক মৌ অৰ্পণ কৰিলে এক সুন্দৰ ৰূপ পোৱা যায় ।
মা কাত্যায়নীক সম্পূৰ্ণ নীতি-নিয়মেৰে পূজা কৰিলে ধনাত্মক শক্তি পোৱা যায় ।
শত্ৰুৰ ভয়ৰ অন্ত পৰে ।
মা কাত্যায়নীৰ কৃপাত স্বাস্থ্যজনিত সমস্যাৰ পৰাও মুক্তি পোৱা যায় ।
সন্ধিয়া মা কাত্যায়নীক পূজা
ধৰ্মীয় বিশ্বাস অনুসৰি মা কাত্যায়নীৰ পূজা সন্ধিয়া সময়ত সন্ধিয়াৰ সময়ত কৰিব লাগে(Navratri puja mantra)।
শুভ সময়-
ব্ৰহ্ম মূহুৰ্ত- পুৱা ০৪:৩৪ বজাৰ পৰা পুৱা ০৫:২০ বজালৈ
বিজয় মূহুৰ্ত- বিয়লি ০২:৩০ বজাৰ পৰা বিয়লি ০৩:২০ বজালৈ
গধূলি মূহুৰ্ত- সন্ধিয়া ০৬:২৯ বজাৰ পৰা সন্ধিয়া ০৬:৫৩ বজালৈ
অমৃত কাল - বিয়লি ০৪:০৬ বজাৰ পৰা বিয়লি ০৫:৫৩ বজালৈ
সৰ্বাৰ্থ সিদ্ধি যোগ- গোটেই দিনটো
মা কাত্যায়নীৰ মন্ত্ৰ
ওম দেৱী কাত্যায়নাই নমঃ
চন্দ্ৰহসোজ্জ্বলকাৰ শৰ্দুলবৰ্বাহন।
কাত্যায়নি শুভম দাদ্যাদ দেৱী দেৱী দেমংঘটিনী॥
লগতে পঢ়ক: Navaratri 2022 Day 5: দেৱী স্কন্দমাতাক কোনবিধ ভোগেৰে কিদৰে পূজা-অৰ্চনা কৰিব লাগে জানো আহক