ETV Bharat / sukhibhava

Mustard seeds: স্বাস্থ্যৰ তথা ছালৰ বাবে এইসমূহ উপকাৰিতা কঢ়িয়াই আনে সৰিয়হৰ গুটিয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 12:42 PM IST

সৰিয়হৰ গুটিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী । এই সৰু সৰু শস্যবোৰ ব্যৱহাৰ কৰি শাক-পাচলিৰ তৰকাৰী আৰু আন বহুতো ৰেচিপিত সোৱাদ যোগ কৰা হয় । প্ৰতিটো ভাৰতীয় পাকঘৰতে সৰিয়হৰ গুটি সহজে উপলব্ধ । এই বীজবোৰে খাদ্য সোৱাদযুক্ত কৰাৰ উপৰিও স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাও আঁতৰাই পেলায় ।

Mustard seeds are beneficial not only for health but also for skin, know what its other benefits
স্বাস্থ্যৰ তথা ছালৰ বাবে এইসমূহ উপকাৰিতা কঢ়িয়াই আনে সৰিয়হৰ গুটিয়ে

খাদ্যত ব্যৱহৃত বিশেষ মছলাৰ ভিতৰত পুষ্টিকৰ সৰিয়হৰ গুটি অন্যতম ৷ ইয়াক প্ৰায়েই খাদ্যত সোৱাদ যোগ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ বহু ধৰণৰ খাদ্য সোৱাদযুক্ত কৰিবলৈ সৰিয়হৰ গুটি জুতিৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি জানেনে যে খাদ্যত সোৱাদ যোগ কৰাৰ উপৰিও এই সৰু সৰু গুটিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ সৰিয়হৰ গুটিত আইৰণ, কেলচিয়াম, চেলেনিয়াম, ফছফৰাছ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ যিয়ে হাড়ক সুস্থ কৰি ৰাখে আৰু হজম শক্তিৰ বাবেও উপকাৰী ৷ ইয়াৰ বাহিৰেও সৰিয়হৰ গুটিৰ আন বহুতো উপকাৰ আছে ৷ জানো আহক...

সঠিক হজম শক্তি বজাই ৰখাত সহায়ক

পাচনতন্ত্ৰৰ বাবেও সৰিয়হৰ গুটি অতি উপকাৰী ৷ বদহজম সমস্যা থকা লোকৰ বাবে সৰিয়হৰ গুটি ঔষধ ৷ আচলতে এই বীজবোৰত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে মলত্যাগ সহজ কৰি তোলাত সহায় কৰে, যাৰ ফলত হজম শক্তি বৃদ্ধি পায় ৷

হাড়ৰ বাবে উপকাৰী

সৰিয়হৰ গুটিয়ে হাড় মজবুত কৰাত সহায় কৰে ৷ ইয়াত চেলেনিয়াম নামৰ খনিজ পদাৰ্থ থাকে, যিয়ে আপোনাৰ হাড়বোৰ শক্তিশালী কৰে ৷ ইয়াৰ উপৰিও এই বীজত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণেও নখ আৰু দাঁতক সুস্থ কৰি ৰাখে ৷

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে

প্ৰত্যেক ভাৰতীয় পাকঘৰত সৰিয়হৰ তেল সাধাৰণতে ব্যৱহাৰ কৰা হয় ৷ ই বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকে ৷

মূৰৰ বিষৰ পৰা উপশম পায়

সৰিয়হৰ গুটিত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে, যাৰ ফলত শৰীৰৰ বিষ আৰু মানসিক চাপৰ পৰা উপশম পোৱা যায় ৷ যদি আপুনি মূৰৰ বিষৰ বাবে অশান্তিত ভুগিছে, তেন্তে সৰিয়হৰ গুটি অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷

ছালৰ বাবে উপকাৰী

পৰিৱৰ্তিত ঋতুত ছালৰ সমস্যা সাধাৰণতে দেখা যায় ৷ এনে পৰিস্থিতিত আপুনি আপোনাৰ ছালৰ যত্নৰ ৰুটিনত সৰিয়হৰ গুটি অন্তৰ্ভুক্ত কৰিব পাৰে, যিয়ে ছালখনক হাইড্ৰেট কৰে আৰু লগতে ব্ৰণ নিয়ন্ত্ৰণ কৰে ৷ এই বীজবোৰত থকা প্ৰদাহ নিবাৰণকাৰী গুণে প্ৰদাহ কম কৰিব পাৰে ৷

লগতে পঢ়ক: Water Drinking Mistake: আপুনিও পানী খোৱাৰ সময়ত কৰে নেকি এই ভুল ? তেন্তে আজিয়েই শুধৰাওক এই ভুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.