যৌনাংগৰ পৰিচ্ছন্নতা (Genital hygiene) হৈছে এনে এক বিষয় যাক আমি আমাৰ ঘৰত মুকলিকৈ আলোচনা নকৰোঁ । কিন্তু ই অতি গুৰুত্বপূৰ্ণ । দিল্লীস্থিত এণ্ড্ৰোলজিষ্ট ডাঃ ৰমেশ কাপুৰে কয় যে, যদি পুৰুষসকলে তেওঁলোকৰ যৌনাংগ সঠিকভাৱে পৰিষ্কাৰ নকৰে, তেন্তে তেওঁলোকৰ ছালৰ সমস্যা যেনে ৰিংৱৰ্ম, স্কেবি আৰু আন বহুতো প্ৰকাৰৰ সংক্ৰমণৰ আশংকা অধিক হয় । সামগ্ৰিক স্বাস্থ্যত প্ৰভাৱ পেলোৱাৰ লগতে এনে ৰোগ বা সংক্ৰমণে এগৰাকী ব্যক্তিৰ যৌন জীৱনকো প্ৰভাৱিত কৰিব পাৰে ।
ডাঃ কাপুৰে উল্লেখ কৰিছে যে সাধাৰণতে, পুৰুষসকলে যৌনাংগৰ এলেকা কেনেদৰে পৰিষ্কাৰ কৰিব লাগে সেই বিষয়ে বেছি নাজানে আৰু কিছুমান পুৰুষে অঞ্চলটো পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয় বুলি নাভাৱে । বিশেষকৈ গ্ৰীষ্মকালত যৌনাংগৰ পৰিচ্ছন্নতা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে কিয়নো ইয়াৰ চাৰিওফালে অত্যাধিক ঘাম ওলোৱা দেখা যায় । ইয়াৰ ফলত বিশেষকৈ পিউববোৰত পুনৰ সংক্ৰমণ আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ।
কেনেদৰে পৰিষ্কাৰ কৰিব লাগে তাৰ পৰামৰ্শ প্ৰদান কৰি বিশেষজ্ঞগৰাকীয়ে কয় যে যৌনাংগৰ ওপৰৰ ছাল লাহে লাহে কোমল হাতেৰে আঁতৰ কৰিব লাগে আৰু ঠাইখিনি কুহুমীয়া পানীৰে ধুব লাগে । ইয়াক চাফা কৰিবলৈ চাবোন ব্যৱহাৰ কৰিব নালাগে । বাকী অংশবোৰো অতি সাৱধানেৰে ধুব, কিয়নো সেইবোৰ অতি সংবেদনশীল আৰু সহজে আঘাত প্ৰাপ্ত হ'ব পাৰে ।
তেওঁ দিয়া আৰু কিছুমান পৰামৰ্শ তলত উল্লেখ কৰা হ'ল :
- যৌনাংগৰ চাৰিওফালে আৰু পিউবিক অঞ্চলত ঘাম ওলোৱাৰ ফলত ই লেতেৰা হয় আৰু বিভিন্ন বীজাণু বৃদ্ধি পায় । সেয়েহে, নিয়মীয়াকৈ সৰু কেঁচি, ট্ৰিমাৰ বা ৰেজৰেৰে আপোনাৰ যৌনাংগৰ চুলি কাটি দিয়ক ।
- হেয়াৰ ৰিম'ভেল বা চুলি আঁতৰোৱা ক্ৰীম ব্যৱহাৰ নকৰিব, কিয়নো সেইবোৰত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে আৰু সেইবোৰে সংবেদনশীল ছালক ক্ষতিগ্ৰস্ত কৰিব পাৰে ।
- কিছুমান চাবোনেৰে যৌনাংগৰ চাৰিওফালৰ ছাল পৰিষ্কাৰ নকৰিব । কাৰণ সেইবোৰত শক্তিশালী ৰাসায়নিক পদাৰ্থ থাকে । ইয়াৰ সলনি প্ৰাকৃতিক আৰু সাধাৰণ চাবোন ব্যৱহাৰ কৰিব পাৰে যিবোৰত সামান্য বা কোনো ৰাসায়নিক পদাৰ্থ নাথাকে ।
- এলেকাটো ধোৱাৰ পিছত, পৰিষ্কাৰ টাৱেল বা কপাহৰ কাপোৰেৰে শুকুৱাব । দুখন পৃথক টাৱেল ৰাখিবলৈ চেষ্টা কৰক, এখন যৌনাংগৰ বাবে আৰু আনখন গোটেই শৰীৰৰ বাবে ।
- পেচাব কৰাৰ পাছত প্ৰতিবাৰেই যৌনাঙ্গটো ধুব লাগে (Wash the penis every time after urinating)।
- সদায়ে পৰিষ্কাৰ আৰু ধোৱা অন্তৰ্বাস পিন্ধক (Always wear clean and washed underwear)।
- টান আণ্ডাৰৱেৰ বা অন্তৰ্বাস নিপিন্ধিব । যিমান দূৰ সম্ভৱ কপাহেৰে তৈয়াৰী আৰামদায়ক অন্তৰ্বাস পিন্ধক ।
- যদি যৌনাংগৰ চাৰিওফালৰ ছাল শুকাবলৈ আৰম্ভ কৰে, কম ৰাসায়নিক পদাৰ্থ থকা নো-ফ্ৰেগ্ৰেঞ্চ অইল বা ক্ৰীম ব্যৱহাৰ কৰক ।
- যৌন সম্ভোগৰ পূৰ্বে আৰু পিছত যৌনাঙ্গ পৰিষ্কাৰ কৰিব ।
ডাঃ কাপুৰে উল্লেখ কৰা মতে যৌনাংগ নিয়মীয়াকৈ পৰিষ্কাৰ কৰাৰ পাছতো যদি গোন্ধ, বিষ বা খজুৱতিৰ দৰে সমস্যাবোৰে দেখা দিয়ে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক । যদি আপুনি এনে সমস্যাবোৰ উপেক্ষা কৰে, সেইবোৰৰ ফলত গুৰুতৰ সংক্ৰমণ হ'ব পাৰে ।
লগতে পঢ়ক :সু-স্বাস্থ্য আৰু সুন্দৰ মনৰ বাবে 5 টা টিপছ