প্ৰতিবছৰে ২৯ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব হৃদ দিৱস হিচাপে পালন কৰা হয় ৷ চুইজাৰলেণ্ডৰ বিশ্ব হাৰ্ট ফেডাৰেচনৰ উদ্যোগত ২০০০ চনৰ পৰা সমগ্ৰ বিশ্বজুৰি ২৯ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব হাৰ্ট দিৱস হিচাপে পালন কৰি আহিছে ৷ জনসাধাৰণৰ মাজত হৃদৰোগ আৰু ইয়াৰ সম্বন্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠানটোয়ে প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে ৷
বৰ্তমান সময়ত বহুলোক হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায় ৷ সমগ্ৰ বিশ্বজুৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ৰোগীৰ সংখ্যা অধিক ৷ সেয়ে জনসাধাৰণৰ মাজত হৃদৰোগ সম্পৰ্কে বিভিন্ন সজাগতা যেনে, কি কাৰণত হৃদৰোগ হয়, হৃদৰোগৰ কাৰণ সমূহ কি কি, ইয়াক প্ৰতিৰোধ কেনেদৰে কৰিব পাৰি আদিৰ সজাগতা সৃষ্টিৰ উদ্দেশ্য ৱৰ্ল্ড হাৰ্ট ফেডাৰেচনে ২৯ ছেপ্টেম্বৰৰ দিনটো হৃদ দিৱস হিচাপে পালন কৰি আহিছে ৷
হৃদৰোগৰ কাৰক সমূহ কি কি ?
১) খাদ্য অভ্যাসৰ বাবেও হৃদৰোগ হোৱা দেখা যায় ৷ বেছি চৰ্বিযুক্ত, কাৰ্বহাইড্রট যুক্ত খাদ্য, উচ্চ কোলেষ্টেৰলযুক্ত খাদ্য গ্ৰহণ কৰিলেও হৃদৰোগৰ আশংকা বাঢ়ি যায় ৷
২) জীৱনশৈলীৰ বাবেও হৃদৰোগ হোৱা দেখা যায় ৷ বৰ্তমান সময়ত খুব আৰাম প্ৰিয় এটা জীৱনশৈলী হৈ পৰিছে যাৰ ফলত হৃদৰোগৰ আশংকা বৃদ্ধি পাইছে ৷
৩) হৃদৰোগৰ আন এটা প্ৰধান কাৰক হৈছে মানসিক চাপ ৷ অত্যাধিক মানসিক চাপৰ ফলত হৃদৰোগ হ'ব পাৰে ৷ গতিকে আমি মনটো কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰো তাৰ ওপৰতো আমি গুৰুত্ব দিব লাগে ৷
৪) ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিও হৃদ ৰোগৰ কাৰক ৷ ডায়েবেটিছ, উচ্চ ৰক্তচাপ থকা লোকৰ হৃদৰোগ হোৱাৰ আশংকা বেছি দেখা যায় ৷
৫) ম্যাদবহুলতাৰ বাবেও হৃদৰোগ হ'ব পাৰে ৷
কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?
১) দৈনিক আধাঘণ্টা হলেও ব্যায়ম কৰিব লাগে ৷
২) শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কেৱল যে জিম বা ব্যয়ম কৰিব লাগিব তেনে নহয় ৷ পৰিশ্ৰমী জীৱন এটা যাপন কৰিলেও হৃদৰোগৰ হোৱাৰ আশংকা কমে ৷ সেয়ে পাৰিলে দৈনিক খোজ কাঢ়িব লাগে ৷
৩) সতেজ শাক-পাচলি খাব লাগিব ৷ বেছি তেল মছলাযুক্ত খাদ্য খাব নালাগে ৷
৪) উচ্চ ৰক্তচাপ বা ডায়েবেটিছ ৰোগী সকলে তেওঁলোকৰ ৰক্ত শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব ৷ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে চিকিৎসাকে প্ৰদান কৰা পৰামৰ্শ মানি চলিব লাগিব ৷
৫) মাদক দ্ৰব্য সেৱন কৰিব নালাগে ৷