আম খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী । কাৰণ আম পুষ্টিকৰ উপাদানৰে ভৰপূৰ । যদিও আপুনি বহু ধৰণে আম খাব পাৰে, কিন্তু আপুনি কেতিয়াবা দৈৰ সৈতে আম খাইছেনে । আম আৰু দৈ একেলগে সেৱন কৰিলে স্বাস্থ্যৰ বাবে অতি উপকাৰী ।
শেহতীয়াকৈ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ইনষ্টাগ্ৰামযোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি আম আৰু দৈৰ আইচক্ৰীমৰ এক ৰেচিপি শ্বেয়াৰ কৰিছে ৷ জানো আহক ঘৰতে কিদৰে অতি সহজে আম আৰু দৈৰ আইচক্ৰীম তৈয়াৰ কৰিব পৰা যায় তথা স্বাস্থ্যৰ পক্ষে ইয়াৰ উপকাৰিতা-
আম আৰু দৈৰ আইচক্ৰীম তৈয়াৰৰ উপাদান
- আম
- মিঠা দৈ
- সোৱাদ অনুসৰি চেনি
আম আৰু দৈৰ আইচক্ৰীম তৈয়াৰৰ পদ্ধতি
- প্ৰথমে আমখিনি আমখিনি টুকুৰা টুকৰ কৰি কাটি লওক
- ইয়াৰ পিছত এটা ডাঙৰ পাত্ৰত আমখিনি ৰাখি তাত মিঠা দৈ দি হেণ্ডব্লেণ্ডাৰেৰে বা মিক্সাৰত ভালদৰে পিহি লৈ লওক
- ইয়াৰ পিছত আইচক্ৰীম তৈয়াৰ কৰা ম’লত ৰাখি কেইঘন্টামান ফ্ৰীজত ৰাখক
- কেইঘন্টামানৰ পিছত ইয়াক ফ্ৰীজৰ পৰা উলিয়াই কিছুসময় পানীত ৰাখি ম’লৰ পৰা আইচক্ৰীমখিনি উলিয়াই লওক ৷
- আৰু ঠাণ্ডাই ঠাণ্ডাই ইয়াক উপভোগ কৰক ৷
গ্ৰীষ্মকালত বাহিৰা আইচক্ৰীম বা শীতল পানীয় আদি খোৱাতকৈ আপুনি ঘৰতে তৈয়াৰী এই আইচক্ৰীম খালে শৰীৰৰ যথেষ্ট উপকাৰিতা সাধন হ’ব ৷
আম আৰু দৈ একেলগে খোৱাটোৱে আপোনাৰ ওজন কমোৱাত সহায় কৰে ৷ লগতে আন বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা মুক্তি পোৱা যায় কাৰণ ইয়াত আঁহ, তাম, ফোলেট, ভিটামিন E, ভিটামিন C, মেগনেছিয়াম আদি মৌল আমত পোৱা যায়, আনহাতে দৈত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, কেলচিয়াম, ভিটামিন ডি, পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে । গতিকে আমৰ লগত দৈ খালে কি কি উপকাৰিতা সাধন হয় জানো আহক ।
- ওজন কম কৰে
যদি আপুনি আপোনাৰ ওজন বৃদ্ধিৰ বাবে চিন্তিত আৰু ওজন কমাব বিচাৰে তেন্তে আমৰ সৈতে দৈ সেৱন কৰা উচিত । হয় কাৰণ এই মিশ্ৰণত থকা আঁহে ওজন দ্ৰুতভাৱে হ্ৰাস কৰাত সহায় কৰে ।
- হজম শক্তি সুস্থ কৰি ৰাখক
যদি আপুনি আমৰ লগত দৈ সেৱন কৰে তেন্তে ই হজম স্বাস্থ্যৰ বাবে উপকাৰী । কাৰণ দৈত থকা প্ৰ’বায়’টিক আৰু আমলখিত থকা আঁহে হজম শক্তি উন্নত কৰাৰ লগতে হজম শক্তিৰ লগত জড়িত সমস্যা দূৰ কৰাত সহায় কৰে ।
- ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
আম আৰু দৈ প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে, গতিকে যদি আপুনি আমৰ সৈতে দৈ সেৱন কৰে তেন্তে ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰে ।
- হাড় শক্তিশালী কৰা
আমৰ লগত দৈ সেৱন কৰিলে হাড়ৰ বাবে উপকাৰী । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যাৰ ফলত হাড়বোৰ মজবুত হয় আৰু হাড়ৰ লগত জড়িত সমস্যাবোৰ দূৰ কৰাত সহায় কৰে ।
- ছালখন সুস্থ কৰি ৰাখে
যদি আপুনি আমৰ লগত দৈ সেৱন কৰে তেন্তে ই ছালৰ বাবে অতি উপযোগী । কাৰণ আম আৰু দৈত থকা ভিটামিন, প্ৰ’টিন আৰু কেলচিয়ামে ছালখন কোমল, চিকচিকিয়া আৰু সুস্থ কৰি ৰখাত সহায় কৰে ।
লগতে পঢ়ক: World Chocolate Day 2023: বিভিন্ন গুণাগুণেৰে সমৃদ্ধ চকলেট, জানি আচৰিত হ’ব আপুনিও