ETV Bharat / sukhibhava

ৰ’দৰ তাপ নোলোৱাকৈয়ে এনেদৰে আপোনাৰ শৰীৰত যোগান ধৰক ভিটামিন-ডি - ভিটামিন ডি সমৃদ্ধ খাদ্য

সূৰ্যৰ পোহৰক ভিটামিন-ডিৰ সৰ্বশ্ৰেষ্ঠ উৎস বুলি গণ্য কৰা হয় যদিও শীতকালত কুঁৱলীৰ বাবে মানুহে সূৰ্যৰ পোহৰ ল'ব নোৱাৰে ৷ পিছে সূৰ্যৰ পোহৰৰ উপৰিও আন উৎসৰেও আপুনি ভিটামিন-ডি গ্ৰহণ কৰিব পাৰে ৷ আজি সেই বিষয়ে জানো আহক-

Learn the easy ways to get vitamin D
ৰ’দৰ তাপ নোলোৱাকৈয়ে এনেদৰে আপোনাৰ শৰীৰত যোগান ধৰক ভিটামিন-ডি
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 4:52 PM IST

স্বাস্থ্যৱান শৰীৰৰ বাবে ভিটামিন-ডি অতি গুৰুত্বপূৰ্ণ ৷ ভিটামিন ডি হৈছে এক চৰ্বি-দ্ৰৱণীয় ভিটামিন, যাক কেলচিয়াম আৰু ফছফৰাছ শোষণ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ৷ ইয়াৰ অভাৱত হাড়, গাঁঠিৰ বিষ তথা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে ৷ সূৰ্যৰ পোহৰক ভিটামিন-ডিৰ সৰ্বশ্ৰেষ্ঠ উৎস বুলি গণ্য কৰা হয় যদিও শীতকালত কুঁৱলীৰ বাবে মানুহে সূৰ্যৰ পোহৰ ল'ব নোৱাৰে ৷ পিছে সূৰ্যৰ পোহৰৰ উপৰিও আন উৎসৰেও আপুনি ভিটামিন-ডি গ্ৰহণ কৰিব পাৰে ৷ আজি সেই বিষয়ে জানো আহক-

  • এই সুযোগ নেহেৰুৱাব

যেতিয়াই ঘন কুঁৱলী আৰু ডাৱৰৰ মাজৰ পৰা সূৰ্য ওলায়, তেতিয়া ভিটামিন-ডি গ্ৰহণ কৰাৰ সুযোগ একেবাৰে এৰি নিদিব ৷ পুৱা সূৰ্য ওলোৱাৰ পাছতে কিছু সময় ৰ'দত বহিব ৷ সূৰ্যৰ পোনপটীয়া ৰশ্মিয়ে আপোনাক আন বহু ৰোগৰ পৰাও বচাই ৰাখিব ৷

  • কাঠফুলা

কাঠফুলাৰ জৰিয়তে আপুনি শৰীৰৰ ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিব পাৰে ৷ এক অধ্যয়ন অনুসৰি, কাঠফুলাই সূৰ্যৰ পোহৰৰ পৰা ভিটামিন-ডি প্ৰস্তুত কৰে ৷ সেয়েহে ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰি ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিব পাৰে ৷

  • ভিটামিন-ডি ফৰ্টিফাইড খাদ্য

আপুনি এনে খাদ্য আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে, য'ত এই ভিটামিনৰ পৰিমাণ অতি ভাল পৰিমাণত পোৱা যায় ৷ইয়াৰ বাবে আপুনি কমলা ৰস, গাখীৰ, দৈ, ছ’য়া গাখীৰ আদি খাব পাৰে ৷

  • চৰ্বিযুক্ত, তেলেতীয়া মাছ

চৰ্বিযুক্ত তথা তেলেতীয়া মাছেও শৰীৰত ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিব পাৰি ৷ ইয়াৰ বাবে আপুনি সাগৰীয় মাছবোৰ আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰিব পাৰে ৷

  • পৰিপূৰক

শৰীৰত এই ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি ভিটামিন-ডি পৰিপূৰক (ছাপ্লিমেণ্ট) গ্ৰহণ কৰিব পাৰে ৷ অৱশ্যে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে আপুনি এইসমূহ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাত হাই হিল পিন্ধিব লাগে নে নাই ? বিশেষজ্ঞসকলে কি কয় জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.