ETV Bharat / sukhibhava

Aloe Vera: কেৱল ছালেই নহয় চুলিৰ বাবেও সমানে উপকাৰী এল’ভেৰা; মাত্ৰ এনেদৰে কৰক ব্যৱহাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:27 PM IST

চুলিত এল’ভেৰা প্ৰয়োগ কৰাৰ ফলত চুলি শক্তিশালী আৰু বিকাশ দ্ৰুততৰ হয় ৷ চুলিত এল’ভেৰা কিদৰে ব্যৱহাৰ কৰিব পাৰি, আজি জানো আহক-

Learn how to use aloe vera in your hair
কেৱল ছালেই নহয় চুলিৰ বাবেও সমানে উপকাৰী এল’ভেৰা; মাত্ৰ এনেদৰে কৰক ব্যৱহাৰ

এল’ভেৰা হৈছে ঔষধি গুণ থকা উদ্ভিদ ৷ ইয়াৰ ব্যৱহাৰে ছালক নতুন প্ৰাণ দিয়ে ৷ এল’ভেৰা ছালৰ লগতে চুলিৰ বাবেও খুবেই উপকাৰী ৷ হয়, এল’ভেৰাই আপোনাৰ চুলিকো আকৰ্ষণীয় কৰিব পাৰে ৷ চুলিত এল’ভেৰা প্ৰয়োগ কৰাৰ ফলত চুলি শক্তিশালী আৰু বিকাশ দ্ৰুততৰ হয় ৷ চুলিত এল’ভেৰা কিদৰে ব্যৱহাৰ কৰিব পাৰি, আজি জানো আহক-

এল’ভেৰা মাস্ক

এল’ভেৰাৰ পৰা তৈয়াৰ কৰা এটা প্ৰাকৃতিক মাস্ক প্ৰয়োগ কৰি আপোনাক দীঘল আৰু ক’লা চুলিৰ গৰাকী হ’ব পাৰে ৷ এই মাস্ক তৈয়াৰ কৰিবলৈ আপুনি কণীৰ বগা অংশ এল’ভেৰা জেলত মিহলি কৰিব ৷ তদুপৰি, জ’জ’বা তেল আৰু মেথি গুটিৰ সৈতে সামান্য পৰিমাণৰ মৌ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পাৰে ৷ এঘণ্টা ৰখাৰ পিছত চুলিখিনি চেম্পুৰে ধুই পেলাব ৷ ই চুলি দ্ৰুতগতিত দীঘল হোৱাত সহায় কৰিব ৷

এল’ভেৰা ট'নাৰ

এল’ভেৰা জেলৰ সহায়ত চুলিৰ বাবে প্ৰাকৃতিক ট’নাৰ বনাব পাৰি ৷ ইয়াৰ বাবে আপুনি ১/৪ কাপ আদাৰ ৰসত আধা কাপ এল’ভেৰা জেল মিহলি কৰি এই মিশ্ৰণটো স্প্ৰে বটল এটাত ভৰাই ৰাখিব আৰু সময়ে সময়ে ইয়াক চুলিত প্ৰয়োগ কৰক ৷ এই মিশ্ৰণটো ২০ মিনিটৰ বাবে চুলিত লগাই ৰাখি পাছত ভালদৰে ধুই পেলাব ৷ এল’ভেৰা জেলত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰে চুলি বৃদ্ধি কৰাত সহায় কৰিব ৷

আমলখিৰ সৈতে এল’ভেৰা মিহলি কৰিব

আপুনি এল’ভেৰাৰ সৈতে আমলখি ব্যৱহাৰ কৰি চুলি দীঘল আৰু ঘন কৰিব পাৰে ৷ এল’ভেৰা জেলত আমলখিৰ ৰস মিহলি কৰি চুলি ২০ মিনিটৰ বাবে প্ৰয়োগ কৰি পিছত ভালদৰে ধুই পেলাব ৷ এই ঘৰুৱা প্ৰতিকাৰবোৰে আপোনাৰ চুলি শক্তিশালী আৰু ধুনীয়া কৰাত সহায় কৰিব ৷

লগতে পঢ়ক: Psychotic Disorder: কি হয় চাইকোটিক ডিছঅৰ্ডাৰ ? যি ৰোগত ভুগিছে গায়িকা চেলেনা গোমেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.