ETV Bharat / sukhibhava

Hair Care Tips: একোচা ধুনীয়া-ঘন চুলিৰ বাবে আমি দিনটোত কিমানবাৰ ফণিয়াব লাগে ?

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 4:09 PM IST

যদি আপুনি আপোনাৰ চুলিখিনি মজবুত, ডাঠ আৰু সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে দিনটোত কিমানবাৰ চুলি ফণিয়াব লাগে জানি লওক ।

Know the disadvantages of not combing your hair even once a day, know how many times a day you should comb your hair
একোচা ধুনীয়া আৰু ঘন চুলিৰ বাবে আমি দিনটোত কিমানবাৰ ফণিওৱাব লাগে ?

একোচা ধুনীয়া আৰু ডাঠ চুলি পাবলৈ কোনগৰাকী মহিলাই নিবিচাৰে ৷ কিন্তু ইয়াৰ বাবে চুলিৰ যত্নও অতি গুৰুত্বপূৰ্ণ ৷ যদি আপুনি আপোনাৰ চুলিখিনি শক্তিশালী, ডাঠ আৰু সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে কেৱল চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিলেই কাম নহ’ব ৷ চুলিৰ সৈতে জড়িত প্ৰতিটো সৰু সৰু কথাত আপোনাৰ বাবে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ৷

আপুনি জানেনে যে দিনটোত এবাৰো চুলি নফণিয়ালে চুলিৰ যথেষ্ট ক্ষতিসাধন হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে চুলিৰ সৌন্দৰ্য অটুট ৰাখিবলৈ দিনটোত কিমানবাৰ চুলি ফণিয়াব লাগে জানি লওক-

দিনটোত কিমানবাৰ চুলি ফণিয়াব লাগে জানি লওক

চুলি সুস্থ আৰু সুন্দৰ কৰি ৰাখিবলৈ চুলি ফণিওৱাটো প্ৰয়োজনীয় ৷ চুলি ফণিয়ালে চুলিত ৰক্ত সঞ্চালন বৃদ্ধি পায়, চুলি মজবুত হয় আৰু চুলি চিগা, জঁট ধৰা আদি সমস্যাই দেখা নিদিয়ে ৷ ইয়াৰ উপৰিও চুলিৰ উজ্বলতা বৃদ্ধি হয় ৷ দিনটোত কিমানবাৰ চুলি ফণিয়াব লাগে, এইটো এটা সাধাৰণ প্ৰশ্ন ৷

চুলি সুস্থ কৰি ৰাখিবলৈ দিনটোত অন্ততঃ দুবাৰকৈ চুলি কম্ব কৰাটো প্ৰয়োজনীয় ৷ পুৱা সাৰ পোৱাৰ লগে লগে এবাৰ আৰু ৰাতি শুবলৈ যোৱাৰ পূৰ্বে এবাৰ ফণিয়াব লাগে ৷ ইয়াৰ উপৰিও চুলিৰ দৈৰ্ঘ আৰু প্ৰয়োজন অনুসৰি দিনটোৰ আন সময়তো চুলি ফণিয়াব পাৰে ৷ দীঘল চুলি সহজে জঁট ধৰিবলৈ আৰম্ভ কৰে, গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ দিনটোত কমেও ৩ বাৰকৈ চুলি ফণিয়াব লাগে ৷ ইয়াৰ ফলত চুলি চিগা, দুৰ্বল হোৱা সমস্যা বহু পৰিমাণে বন্ধ হয় ৷

চুলি ফণিওৱাৰ উপকাৰিতা

  • চুলি ফণিয়ালে জঁট দূৰ হয় আৰু চুলিখিনি ধুনীয়া হয় ৷
  • ই চুলিৰ গুৰি শক্তিশালী কৰে ৷
  • চুলি ফণিয়ালে চুলিৰ মৰা ছাল আঁতৰি নতুন চুলি গজাৰ বাট মুকলি হয় ৷
  • ই চুলিত প্ৰাকৃতিক তেল ভিতৰলৈ যোৱাৰ বাট মুকলি কৰে, যাৰ ফলত চুলি চিকচিকিয়া আৰু শক্তিশালী হয় ৷
  • চুলি ফণিয়ালে চুলিত জমা হোৱা ধূলি আৰু অন্যান্য মলি আঁতৰি যায় ৷
  • ই মূৰৰ ছাল পৰিষ্কাৰ কৰি চুলিখিনিক বীজাণুৰ পৰা ৰক্ষা কৰে ৷
  • নিয়মীয়াকৈ ফণিয়ালে চুলি সৰা কম হয় আৰু চুলি সোনকালে বৃদ্ধি পায় ৷
  • চুলি ফণিয়ালে চুলিবোৰ ডাঠ আৰু ঘন হয় ৷

লগতে পঢ়ক: World Smile Day 2023: বিশ্ব হাঁহি দিৱস কিয় পালন কৰা হয় ? হাঁহি দিৱস পালন কৰাৰ আঁৰত আছে আমোদজনক কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.