ETV Bharat / sukhibhava

ডায়েবেটিছ ৰোগীয়ে দিনটোত কিমানবাৰ খাব লাগে গাখীৰ ? জানি লওক ইয়াৰ উত্তৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 12:07 PM IST

Diabetes and Milk: ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজন । ডায়েবেটিছ ৰোগীৰ বাবে গোটা শস্যৰ খাদ্য, সেউজীয়া পাতৰ শাক-পাচলি আৰু বাদাম আদি সকলোবোৰেই ভাল বুলি বিবেচিত হয় । কিন্তু প্ৰশ্ন হয় যে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰে তৈয়াৰী বস্তু ডায়েবেটিছ ৰোগীয়ে খাব পাৰে নে ? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ।

Is it safe for people with diabetes to drink milk? Know the answer
ডায়েবেটিছ ৰোগীৰ বাবে কম চৰ্বিযুক্ত গাখীৰ ভাল

বৰ্তমান সময়ত প্ৰায় মানুহ আক্ৰান্ত ডায়েবেটিছ ৰোগত ৷ এইটো এনেকুৱা এটা বেমাৰ যিটোৰ পৰা সম্পূৰ্ণকৈ পৰিত্ৰাণ পোৱাটো কঠিন অথবা অসম্ভৱ ক’লেও ভুল নহ’ব ৷ কিন্তু ডায়েবেটিছ ৰোগ একেবাৰে নিৰাময় কৰিব নোৱাৰিলেও ইয়াক নিয়ন্ত্ৰণত ৰাখিব পৰা যাব ৷ ইয়াৰ বাবে ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিব লাগিব । খাদ্য খোৱাৰ ক্ষেত্ৰত অলপ অসাৱধানতাই তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ডায়েবেটিছ ৰোগীয়েও খাদ্যভ্যাসৰ লগতে ব্যায়াম কৰিব লাগে । চিকিৎসকে ডায়েবেটিছ ৰোগীক কম চৰ্বিযুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে ।

ডায়েবেটিছ ৰোগীয়ে দুগ্ধজাত সামগ্ৰীৰ প্ৰতি প্ৰায়ে সন্দেহ কৰে যে গাখীৰ বা ইয়াৰ পৰা তৈয়াৰী বস্তুবোৰ তেওঁলোকৰ স্বাস্থ্যৰ বাবে উপকাৰী নেকি অপকাৰী । এই বিভ্ৰান্তিৰ বাবে একাংশ লোকে গাখীৰ নাখায় । কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে গাখীৰ উপকাৰী নে অপকাৰী সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

গাখীৰত থাকে চৰ্বি

গাখীৰত চৰ্বিৰ পৰিমাণ বেছি থাকে । গাখীৰৰ ফলত হয় ডায়েবেটিছ হ’ব বা গাখীৰ ফলত ডায়েবেটিছ বৃদ্ধি পাব এই কথাৰ কোনো আনুষ্ঠানিক তথ্য বা প্ৰমাণ নাই । কিন্তু অত্যধিক পৰিমাণৰ চৰ্বিয়ে ডায়েবেটিছ ৰোগীৰ ক্ষতি কৰিব পাৰে । গতিকে প্ৰশ্ন হয় এনে ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে সঁচাকৈয়ে গাখীৰ ত্যাগ কৰি লাগে নেকি ?

কম চৰ্বিযুক্ত গাখীৰ

ওপৰত উল্লেখ কৰা এই প্ৰশ্নৰ উত্তৰ হয়, ডায়েবেটিছ ৰোগীয়ে গাখীৰ খোৱা উচিত নহয় । এক প্ৰতিবেদন অনুসৰি ডায়েবেটিছ ৰোগীয়ে যদি গাখীৰ খাব বিচাৰে তেন্তে তেওঁলোকে চৰ্বিমুক্ত গাখীৰ খোৱা উচিত । এইখিনিতে ক’ব লাগিব যে যিহেতু প্ৰতিগৰাকী ব্যক্তি বেলেগ বেলেগ, গতিকে গাখীৰ খোৱাৰ পিচত আপুনি আপোনাৰ ব্লাজ চুগাৰৰ মাত্ৰা নিৰীক্ষণ কৰিব লাগে ।

কিমান গাখীৰ খাব লাগে

স্বাস্থ্য বিশেষজ্ঞৰ মতে, যিসকল লোকৰ তেজত চেনিৰ মাত্ৰা বেছি হয়, তেওঁলোকে এগিলাচতকৈ অধিক গাখীৰ খাব নালাগে । ডায়েবেটিছ অৰ্গেনাইজেশ্যনৰ মতে দৈনিক ১৯০ এম এলতকৈ অধিক অৰ্থাৎ এগিলাচতকৈ অধিক গাখীৰ খাব নালাগে । বিশেষকৈ যিসকল লোকৰ গাখীৰৰ সমস্যা আছে, তেওঁলোকেও গাখীৰৰ পৰা আঁতৰি থাকিব লাগে । লেক্ট’জ ইনটলাৰেন্স সমস্যাৰ সন্মুখীন হোৱাসকলেও গাখীৰ সম্পৰ্কীয় সামগ্ৰী খাব নালাগে ।

লগতে পঢ়ক: বজাৰৰ পৰা মিঠাই ক্ৰয় কৰাৰ পৰিৱৰ্তে ঘৰতে এনেদৰে তৈয়াৰ কৰক চুগাৰ ফ্ৰী বেচনৰ লাডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.