নেমুপানী স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ওজন হ্ৰাস কৰাৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰালৈকে, ই শৰীৰক বহুতো লাভালাভ প্ৰদান কৰে ৷ কিন্তু যদি ইয়াক সঠিক পৰিমাণত খোৱা নহয়, তেনেহ'লে ইয়াৰ আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে ৷ বিশেষকৈ খালী পেটত নেমু পানী খোৱাটো স্বাস্থ্য পক্ষে অত্যন্ত হানিকাৰক ৷ খালী পেটত নেমুপানী খোৱাৰ ফলত স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে, আজি জানো আহক-
হাড়ৰ ক্ষতি
ৰাতিপুৱা খালী পেটত নেমুপানী খালে হাড়ৰ ক্ষতি হয় ৷ খালী পেটত খোৱা নেমু পানীয়ে হাড়ত থকা তেল হ্ৰাস কৰে ৷যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে ৷
দাঁতৰ ক্ষতি
খালী পেটত নেমু পানী খালে দাঁতৰ ক্ষতি হ'ব পাৰে ৷ নেমুৰ এচিডিক গুণাগুণ আছে, যাৰ ফলত ই দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷
ডিহাইড্ৰেচন
নেমু পানী ৰাতিপুৱা খোৱাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাও হ'ব পাৰে ৷ নেমুত উচ্চ পৰিমাণত এস্কৰ্বিক এচিড পোৱা যায়, যিয়ে বৃক্কত প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিবলৈ কাম কৰে ৷ সেয়েহে ইয়াক সন্তুলিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে ৷
হজমৰ সমস্যা
নেমুপানীয়ে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰে ৷ কিন্তু ৰাতিপুৱা খালী পেটত সেৱন কৰিলে পাকস্থলীৰ এচিডৰ সমস্যা বৃদ্ধি হ'ব পাৰে ৷ যাৰ ফলত আপুনি পাকস্থলীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ সন্মুখীন হ'ব পাৰে ৷
প্ৰস্ৰাৱৰ সমস্যা
খালী পেটত নেমু অত্যাধিক সেৱন কৰিলে প্ৰস্ৰাৱৰ সৈতে সম্পৰ্কিত সমস্যা হ'ব পাৰে ৷ সেয়েহে অত্যাধিক নেমু খোৱাৰ পৰা বিৰত থাকিব লাগে ৷
এইসমূহ মনত ৰাখিব
অত্যাধিক পৰিমাণৰ নেমুপানী সেৱন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷ ওজন হ্ৰাস কৰিবলৈ মানুহে ইয়াক ৰাতিপুৱা সেৱন কৰে ৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে নেমু পানী কেতিয়াও খাব নালাগে ৷ তদুপৰি, নেমু পানী খোৱাৰ লগে লগে দৈ বা যিকোনো দুগ্ধজাত সামগ্ৰী আৰু অমিতা নাখাব ৷
লগতে পঢ়ক: Cough and Cold: বতৰ পৰিবৰ্তনৰ লগে লগে আৰম্ভ হয় শিশুৰ চৰ্দি-কাহ; তৎক্ষণাত ঔষধ দিয়াটো উচিত নে ?