ETV Bharat / sukhibhava

Fourth COVID wave in India: ক’ভিড-19 ৰ চতুৰ্থ ঢৌৰ দিশে আগবাঢ়িছে নেকি ভাৰত

author img

By

Published : Apr 20, 2022, 9:29 PM IST

ভাৰতত ক’ভিড-19ৰ সংক্ৰমণ বাঢ়িবলৈ ধৰিছে যদিও বিশেষজ্ঞ সকলৰ মতে ই আশা কৰাতকৈ অধিক নহয় ৷ এই বৰ্ধিত সংক্ৰমণে অৱশ্যে দেশখনত চতুৰ্থ ঢৌৰ পথ প্ৰশস্ত কৰি তুলিছে ( Fourth COVID wave in India) কিন্তু বৰ্তমানলৈকে ই কেইখনমান ৰাজ্যতে সীমাবদ্ধ আছে ৷

fourth COVID wave
ভাৰত চতুৰ্থ ক’ভিড-19ৰ ঢৌৰ দিশে আগবাঢ়িছে নেকি

এপ্ৰিলৰ আৰম্ভণিৰ পৰাই ভাৰতত দৈনিক প্ৰায় 1,000 টাকৈ নতুন ক’ভিড কেছ পোহৰলৈ আহিছে । অৱশ্যে, সোমবাৰে, দেশখনত 2,183 টা নতুন কেছৰ ঘটনা পোহৰলৈ আহে ৷ অৰ্থাৎ হঠাৎ প্ৰায় 90 শতাংশ ক’ভিড কেছ বৃদ্ধি পায় ভাৰতত( Fourth COVID wave in India) ৷ কিন্তু মঙলবাৰে 1,247 টা সংক্ৰমণৰ ঘটনাৰ সৈতে এই সংখ্যা পুনৰ হ্ৰাস পাই ।

কোচিৰ অমৃতা চিকিৎসালয়ৰ সংক্ৰামক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ দীপু টি এছৰ মতে, মুখ্যতঃ ক’ভিডৰ অ’মিক্ৰণ স্ট্ৰেইনৰ বি.এ.2 উপ-সংস্কৰণৰ বাবে এই সংখ্যা বৃদ্ধি হৈছে ( omicron India) । চীন, হংকং, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ বহুতো দেশত বিশ্বব্যাপী ক’ভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে ৷

ডাঃ দীপুৱে কয় যে,"বিশেষকৈ যোৱা তিনিদিন ধৰি আমি মুখ্য মহানগৰ সমূহত ক’ভিডৰ ঘটনা বৃদ্ধি হোৱা দেখি আহিছো । এই বৃদ্ধিয়ে পৰৱৰ্তী ঢৌৰ আৰম্ভণি ঘটোৱাত সহায় কৰিব পাৰে । মে’-জুন মাহত এই ঘটনা বৃদ্ধি হোৱাৰ আশংকা আছে ৷ তেওঁ লগতে কয়, "মই দৃঢ়ভাৱে অনুভৱ কৰোঁ যে আটাইতকৈ বেয়া সময় ইতিমধ্যেই পাৰ হৈ গৈছে আৰু পৰৱৰ্তী ঢৌ অহাটো যদিও অনিবাৰ্য ইয়াৰ তীব্ৰতা কম হ'ব ৷ সেয়েহে আতংকিত হোৱাতকৈ ইয়াক নিয়ন্ত্ৰণৰ বাবে কৰা পূৰ্বৰ নীতি নিয়ম সমূহ মানি চলাটো ভাল" ৷

বিশেষজ্ঞজনে উল্লেখ কৰিছে যে ঘটনাৰ সংক্ৰমণ বৃদ্ধি হোৱাটো সম্পূৰ্ণৰূপে অযুক্তিকৰ নহয় ( Rising covid cases in India), কিয়নো বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ইতিমধ্যেই খুলি দিছে চৰকাৰে আৰু বিভিন্ন ঠাইত মাস্কৰ ব্যৱহাৰৰ ওপৰতো কঠোৰ নীতি আঁতৰাই দিয়া হৈছে ( covid 19 India) ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে শেহতীয়াকৈ মহাৰাষ্ট্ৰ, কেৰালা, মিজোৰাম, দিল্লী আৰু হাৰিয়ানা চৰকাৰক সতৰ্ক হৈ থাকিবলৈ, নিয়মীয়া নিৰীক্ষণ কৰিবলৈ আৰু সংক্ৰমণৰ প্ৰৱণতা থকা স্থানত পদক্ষেপ গ্ৰহণ কৰিবলৈ পত্ৰ লিখিছে ।

"যোৱা কেইদিনমানত ক’ভিড-১৯ ৰ মাত্ৰা অধিক হৈ পৰাটো গুৰুত্বপূৰ্ণ আছিল ৷ অৱশ্যে ই কেৱল দেশৰ কিছুমান বিক্ষিপ্ত অঞ্চলত, বিশেষকৈ দুখন বা তিনিখন ৰাজ্যত, যেনে দিল্লী এন.চি.আৰ আৰু হাৰিয়ানাতহে বৃদ্ধি হৈছে ( coronavirus in India) ৷ মই নাভাবো যে আমি ইয়াক অন্য এটা ঢৌ হিচাপে গণ্য কৰা উচিত", ৰাষ্ট্ৰীয় ক’ভিড-১৯ টাস্কফৰ্কৰ সদস্য ফৰ্টিছ হস্পিটেলছ মুম্বাইৰ সঞ্চালক-ক্ৰিটিকেল কেয়াৰ ডাঃ ৰাহুল পণ্ডিতে আই.এ.এন.এছক এইদৰে কয় । একেই মন্তব্য আই.আই.টি কানপুৰৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালেও কৰিছিল, যাৰ গাণিতিক আৰ্হিটো দেশত ক’ভিড কাৰ্যকলাপ বুজিবলৈ প্ৰসংগ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ তেওঁ কৈছে যে চতুৰ্থ ঢৌ হোৱাৰ সম্ভাৱনা নাই ।

অৱশ্যে এই সন্দৰ্ভত মেদন্ত চিকিৎসালয় গুৰগাঁৱৰ আভ্যন্তৰীণ ঔষধৰ জ্যেষ্ঠ সঞ্চালক ডাঃ সুশীলা কাটাৰিয়াই সন্মতি প্ৰকাশ কৰা নাছিল । "সংক্ৰমণ বৃদ্ধি হৈছে আহিছে, ই এক লক্ষণ যে আমি চতুৰ্থ ঢৌৰ দিশে আগবাঢ়িছো আৰু অনাগত দিনবোৰত ক’ভিড-19ৰ ঘটনাবোৰ বাঢ়ি যাব । চতুৰ্থ ঢৌ আৰম্ভ হৈছে, ঘটনাবোৰ বাঢ়ি আছে আৰু অহা তিনি সপ্তাহত ই বৃদ্ধি হৈ গৈ থাকিব । আমি একেৰাহে চতুৰ্থ ঢৌৰ ফালে আগবাঢ়িছো । মোৰ আশা হৈছে যে জানুৱাৰীৰ দৰে এইবাৰো ঘটনাবোৰ বৃদ্ধি হ'ব, কিন্তু সেইবোৰ গুৰুতৰ নহ'ব, আৰু এইবাৰ চিকিৎসালয়ত ভৰ্তি হোৱাটোও সীমিত হ'ব । কিন্তু এটা কথা সঁচা যে ঘটনাবোৰ তীব্ৰ গতিত বৃদ্ধি হ'ব", ডাঃ সুশীলা কাটাৰিয়াই এইদৰে সতৰ্ক কৰি দিছিল ।

ইফালে, ভাৰতে নতুন এক্স.ই প্ৰকাৰৰ দুটা ঘটনাও নথিভুক্ত কৰিছে - অমিক্ৰন উপ-প্ৰকাৰবিএ.1 আৰু বি.এ.2-ৰ এক মিউটেন্ট হাইব্ৰিড(a mutant hybrid of Omicron sub-variants BA.1 and BA.2 ) মহাৰাষ্ট্ৰ আৰু গুজৰাটত পোৱা গৈছে । পণ্ডিতে কয়, "আমি সদায় এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছো যে ক’ভিড-19 সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই ৷ মানুহে বিগত দুটা বছৰৰ শিক্ষা অনুসৰণ কৰিব লাগিব আৰু ক’ভিড সংক্ৰমণ প্ৰতিহত কৰাৰ উপযুক্ত আচৰণ অব্যাহত ৰাখিব লাগিব । চৰকাৰে প্ৰৱৰ্তন কৰা টীকাকৰণ আৰু অতিৰিক্ত পালিবোৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যাৰ জৰিয়তে আমি এই ভাইৰাছটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম" ৷

লগতে পঢ়ক: দেশত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত শিশুৰ হাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.