ETV Bharat / sukhibhava

শীতকালত খাদ্য তালিকাত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক এইসমূহ ফল

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:53 PM IST

ঠাণ্ডা দিনত আমাৰ শৰীৰৰ অধিকাংশ পুষ্টি পূৰণ কৰিব পাৰে ফল-মূলে ৷ শীতকালত আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলগীয়া ফলসমূহৰ বিষয়ে আজি জানো আহক-

Include these fruits in your diet during winter
শীতকালত খাদ্য তালিকাত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক এইসমূহ ফল

কথাতেই কয়-বতৰৰ ফল বতৰত খাবা, তেহে দেহাত শকতি পাবা ৷ হয়, বতৰৰ ফল বতৰত খালে আমাৰ শৰীৰটোৱে সকলো লাগতিয়াল পুষ্টি লাভ কৰে ৷ এতিয়া শীতকাল ৷ চৌদিশে শুকান পৰিৱেশ ৷ ঠাণ্ডা দিনত বায়ুমণ্ডলৰ তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত আমাৰ শৰীৰত ভাইৰেল সংক্ৰমণ,কাহ-চৰ্দিকে ধৰি বহু সমস্যাৰ আবিৰ্ভাৱ হয় ৷ এই সময়ছোৱাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে ৷ ঠাণ্ডা দিনত আমাৰ শৰীৰৰ অধিকাংশ পুষ্টি পূৰণ কৰিব পাৰে ফল-মূলে ৷ শীতকালত আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলগীয়া ফলসমূহৰ বিষয়ে আজি জানো আহক-

আপেল

আপেল হৈছে শীতকালত আটাইতকৈ উপলব্ধ ফল ৷আপেলত আঁহ,ভিটামিন আৰু খনিজ পদাৰ্থ থাকে ৷ সেইবোৰত পেকটিন থাকে, যি অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে ৷ আপেলত থকা এণ্টিঅক্সিডেণ্টবোৰে হৃদৰোগ আৰু ডায়েবেটিছৰ আশংকা হ্ৰাস কৰে ৷আপেলত থকা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে ৷

কমলা

সামান্য টেঙা আৰু মিঠা এই ফলবিধত ভিটামিন চি, আঁহ, পটাছিয়াম, ফোলেট আৰু থায়ামিন থাকে ৷কমলাত থকা ভিটামিন চিয়ে শৰীৰটোক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে ৷কমলাই ছালখনকো উজ্জল কৰি ৰাখে ৷কমলা খালে কৰ্কট ৰোগ আৰু বৃক্ক ৰোগ হোৱাৰ আশংকা একেবাৰে কম ৷কমলা ৰঙত থকা ফলেটে ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে ৷

কিৱি

শীতৰ মাহবোৰত সচৰাচৰ উপলব্ধ হোৱা কিৱি, বিভিন্ন পুষ্টি যেনে ভিটামিন চি, লো, আঁহ আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ ৷কিৱিয়ে ছালৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু ছালত হোৱা আগতীয়া বয়সৰ চাপ প্ৰতিহত কৰে ৷ কিৱিত মেগনেছিয়াম, পটাছিয়াম, কেলচিয়াম, ফছফৰাছ, তাম, জিংক আৰু লোৰ দৰে খনিজ পদাৰ্থও থাকে ৷

মধুৰিআম

মধুৰিআমত অবিশ্বাস্য পুষ্টিগত উপাদান যেনে ভিটামিন এ, ফোলেট, পটাছিয়াম, কপাৰ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে ৷ শীতকালত মধুৰিআম খালে কোষবোৰ ক্ষতি হোৱাৰ পৰা বাচি থাকে ৷মধুৰিআমত থকা পেকটিনে হজম শক্তি বৃদ্ধি কৰে আৰু মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৷ ডায়েবেটিছ ৰোগীসকলৰ বাবেও মধুৰিআমক এক অতি পুষ্টকৰ ফল বুলি গণ্য কৰা হয় ৷

ষ্ট্ৰবেৰী

মিঠা আৰু টেঙা সোৱাদৰ ৰসাল ৰঙা ৰঙৰ জামুজাতীয় এই ফলবিধত ফোলেট, মেঙ্গানিজ, পটাছিয়াম, ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট অতি প্ৰচুৰ পৰিমাণে থাকে ৷ষ্ট্ৰবেৰীয়ে ক্ৰনিকজাতীয় ৰোগবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ এইবিধ ফল অতি কম কেলৰীযুক্ত আৰু ইয়াত পানীৰ পৰিমাণ বহু বেছকৈ আছে ৷যাৰ বাবে ই শৰীৰৰ ওজন হ্ৰাস কৰাতো যথেষ্ট সহায় কৰে ৷

আঙুৰ

বজাৰত সেউজীয়াৰ লগতে ৰঙা বা বেঙুনীয়া ৰঙৰ আঙুৰ উভৈনদী হৈ থাকে ৷ এই আটাইকেইবিধ আঙুৰেই অতি পুষ্টিকৰ আৰু সমানেই সুস্বাদু ৷ আঙুৰত আঁহ থাকে বাবে ই পাচন তন্ত্ৰৰ বাবে অতি ভাল বুলি বিবেচনা কৰা হয় ৷ আঙুৰত থকা প্ৰাকৃতিক ফাইটোকেমিকেলে কেইবাটাও দীৰ্ঘম্যাদী ক্ৰনিকজনিত ৰোগৰ বিপদাশংকা প্ৰতিহত কৰে ৷

ডালিম

শীতকালত উপলব্ধ এবিধ অতি সুস্বাদু আৰু উপকাৰী ফল হৈছে ডালিম ৷ ডালিম তেজৰ বাবে অতিকৈ উপকাৰী ফল ৷ই শৰীৰৰ চাপ হ্ৰাস কৰে ৷ ডালিম ৰক্তচাপ ৰোগীসকলৰ বাবে এক অতি উৎকৃষ্ট ফল ৷

আমলখি

আমলখিৰ গুণাগুণবোৰ আয়ুৰ্বেদত অতি সুন্দৰকৈ বৰ্ণনা কৰা হৈছে ৷আমলখি ভিটামিন চিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গণ্য কৰা হয় ৷ কেৱল ১০০ গ্ৰাম আমলাত ৭০০ মি.গ্ৰা. পৰ্যন্ত ভিটামিন চি থাকে ৷এইবিধ ফলে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে ৷আমলখিয়ে শৰীৰটোক ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা সুৰক্ষা দিয়ে আৰু ইয়াক অক্সিডেটিভ চাপৰ পৰা সুৰক্ষিত কৰে ৷

লগতে পঢ়ক: শীতকালত সুস্থ হৈ থাকিব হৃদযন্ত্ৰ-হাড়-ছাল, মাত্ৰ খাদ্যত অন্তৰ্ভুক্ত কৰক বাদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.