ETV Bharat / sukhibhava

Vinegar Onion Benefits: ৰেস্তোৰাঁত পৰিবেশন কৰা ভিনেগাৰত তিওৱা পিয়াঁজৰ অনেক উপকাৰিতা জানি হৈ পৰিব আচৰিত - ভিনেগাৰ পিয়াঁজ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে

আপুনি জানেনে ? হোটেল, ৰেস্তোৰাঁ আদিত ব্যঞ্জনৰ সৈতে পৰিবেশন কৰা ভিনেগাৰত তিওৱা পিয়াঁজ স্বাস্থ্যৰ বাবে কিমান উপকাৰী । ইয়াক গ্ৰহণ কৰিলে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দূৰ কৰিব পৰা যায় । কলেষ্টেৰলৰ পৰা আৰম্ভ কৰি ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰালৈকে ভিনেগাৰত তিওৱা পিয়াঁজৰ এনে কিছুমান উপকাৰিতা সম্পৰ্কে জানো আহক...

If you want to keep cholesterol and blood sugar under control, then include onion with vinegar in your diet
ৰেস্তোৰাঁত পৰিবেশন কৰা ভিনেগাৰত তিওৱা পিঁয়াজৰ অনেক উপকাৰিতা জানি হৈ পৰিব আচৰিত
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 11:07 AM IST

হোটেল বা ৰেস্তোৰাঁত খাদ্যৰ লগত পৰিবেশন কৰা ভিনেগাৰত তিওৱা পিয়াঁজে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ পিয়াঁজৰ নিজস্ব বহুতো গুণ আছে আৰু ভিনেগাৰৰ নিজস্ব গুণ আছে, গতিকে দুয়োটা একেলগে খালে ইহঁতৰ পুষ্টি আৰু অধিক বৃদ্ধি পায় ৷

ভিনেগাৰত তিওৱা পিয়াঁজ কেনেকৈ উপকাৰী ?

ৰঙা পিয়াঁজ বগা পিয়াঁজতকৈ স্বাস্থ্যকৰ আৰু ইয়াক ভিনেগাৰত মিহলাই দিলে ইয়াত থকা ভিটামিন আৰু খনিজ পদাৰ্থ আৰু অধিক বৃদ্ধি পায় ৷ ভিনেগাৰৰ সৈতে পিয়াঁজ খোৱাটোৱে হজম শক্তিত সহায় কৰে কাৰণ ইয়াত প্ৰ’বায়’টিক আৰু বহুতো আন্ত্ৰিক অনুকূল এনজাইম থাকে ৷

অন্যান্য উপকাৰিতা

১) ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত থাকে

পিয়াঁজত এলাইল প্ৰপাইল ডাইছালফাইড থাকে ৷ এই তেলে ইনচুলিন ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ বগা ভিনেগাৰৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰাৰ গুণো আছে, গতিকে যিসকলৰ ব্লাড চুগাৰৰ মাত্ৰা কম বেছি হৈ থাকে তেওঁলোকৰ বাবেও এই দুয়োটাৰ সংমিশ্ৰণ অতি উপকাৰী ৷

২) বেয়া কলেষ্টেৰল হ্ৰাস কৰে

বেয়া কলেষ্টেৰল কমোৱাতো ৰঙা পিয়াঁজ অতি ফলপ্ৰসূ ৷ বহু গৱেষণাৰ পৰা দেখা গৈছে যে দৈনিক ভিনেগাৰযুক্ত পিয়াঁজ খালে ভাল কলেষ্টেৰল ৩০% বৃদ্ধি পাব পায় ৷

৩) কেন্সাৰ হোৱাৰ সম্ভাৱনা কম

পিয়াঁজ খালে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনাও হ্ৰাস পাব পাৰে বুলিও বহু গৱেষণাত প্ৰমাণিত হৈছে ৷ কেৱল এয়াই নহয়, পিয়াঁজ খালে পেট আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনাও কমি যায় ৷

এই সকলোবোৰ সুবিধা পাবলৈ ভিনেগাৰযুক্ত পিয়াঁজ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ কিন্তু মনত ৰাখিব যে ২৪ ঘণ্টাতকৈ অধিক সময় পিয়াঁজ ভিনেগাৰত নাৰাখিব ৷ অন্যথা ইয়াৰ সকলো উপকাৰিতা, টেক্সচাৰ আৰু সোৱাদ নোহোৱা হৈ যাব ৷

লগত পঢ়ক: Benefits of Yoga: সূৰ্য নমস্কাৰ কি ? ইয়াৰ লাভালাভ সমূহৰ বিষয়ে অধিক জানো আহক

লগত পঢ়ক: Health Tips: আপুনিও ধঁপাত গ্ৰহণ কৰে নেকি? তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.