ETV Bharat / sukhibhava

Alia Bhatt Skin Care routine: পূজাৰ সময়ত জিলিকি উঠিব আপোনাৰ মুখমণ্ডল; অনুসৰণ কৰক এই টিপছ - Healthy glowing skin

শাৰদীয় দুৰ্গোৎসৱত নিজকে এক সুন্দৰ লুক দিবৰ বাবে এতিয়াৰ পৰা মানি চলক কিছুমান সৌন্দৰ্যৰ টিপছ । সেয়ে এইবাৰ পূজাত আপুনি বলীউড অভিনেত্ৰী আলিয়া ভাটৰ এই স্কিন কেয়াৰ ৰুটিন অনুসৰণ কৰিব পাৰে ৷

If you want to get glowing skin on This Durga puja then you can also follow this skincare routine of alia bhatt
দুৰ্গাপূজাৰ পূজাৰ সময়ত জিলিকি উঠিব আপোনাৰ মুখমণ্ডল; অনুসৰণ কৰক এই টিপছ
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:33 PM IST

14 অক্টোবৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ মহালয়াৰ লগে লগে ইতিমধ্যে দেৱী পক্ষৰ আৰম্ভণি হৈছে ৷ ঠায়ে ঠায়ে পূজা উদযাপনৰ প্ৰস্তুতিও আৰম্ভ হৈছে । উপবাস আৰু পূজাৰ উপৰিও সাজ-পোছাক আৰু মেকআপ কেনেকৈ পৰিধান কৰিব সেই বিষয়েও হয়তো মহিলাসকলে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ষষ্ঠীৰ পৰাই মহানগৰৰ বিভিন্ন ঠাইত পূজাৰ উন্মাদন দেখিবলৈ পোৱা যায় ৷ ভিন্ন সাজ-পোচাকত মহিলাসকলে পূজা মণ্ডপত ভিৰ কৰা পৰিলক্ষিত হয় ৷ দেখা যায় যে বহু মহিলাই পূজাৰ পূৰ্বে কিদৰে নিজৰ ছালখনৰ যত্ন ল’ব তাৰ বাবে খেলিমেলিত পৰে ৷

সেয়ে আজি আমি আপোনালোকৰ বাবে তাৰকাসকলৰ কিছু সৌন্দৰ্যৰ টিপছ লৈ আহিছো যাৰ সহায়ত আপুনিও এইবাৰ দুৰ্গাপূজাত নিজক এক আকৰ্ষণীয় ৰূপ দিব পাৰে ৷

এই প্ৰতিবেদনত আমি আপোনালোকক আলিয়া ভাটৰ কিছু ছালৰ যতনৰ টিপছৰ বিষয়ে ক’বলৈ ওলাইছো যি আলিয়া ভাটে নিজেও তেওঁৰ দৈনন্দিন জীৱনত মানি আহিছে ৷

অভিনেত্ৰীগৰাকীয়ে এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁ কিদৰে নিজৰ ছালৰ যত্ন লয় সেই বিষয়ে ষ্টেপ বাই ষ্টেপ উল্লেখ কৰিছে ৷

ছালৰ ধৰণৰ যত্ন লওক

আলিয়াই শ্বেয়াৰ কৰা ভিডিঅ’টোত কয় যে, ছালৰ যত্ন লোৱাৰ পূৰ্বে ছালৰ ধৰণৰ বিষয়ে জনাটো খুবেই গুৰুত্বপূৰ্ণ । ব্ৰণৰ সমস্যাই আলিয়াক বহুত অসুবিধা দিয়ে । সেয়ে 'আলিয়া'ৰ পৰামৰ্শ দিয়া শ্ৰেষ্ঠ ছালৰ যত্নৰ ৰুটিনৰ বিষয়ে তলত উল্লেখ কৰা হ’ল

পদ্ধতি 1: পৰিষ্কাৰ কৰা

অভিনেত্ৰীগৰাকীৰ মতে, পুৱা সাৰ পোৱাৰ লগে লগে আমি প্ৰথমে মুখখন ভালদৰে পৰিষ্কাৰ কৰাটো উচিত । ইয়াৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰাটোৱেই উত্তম । বজাৰত মুখ পৰিষ্কাৰ কৰাৰ বাবে বহুতো উত্তম বিকল্প আছে ৷ সেয়াও আপুনি আপোনাৰ ছালৰ ধৰণ অনুসৰি ব্যৱহাৰ কৰিব পাৰে ।

পদ্ধতি 2: টোনিং

আলিয়াৰ মতে, মুখখন চাফা কৰাৰ পিছত টোন কৰিব লাগে । টোনাৰে পি এইচ লেভেল সুষম কৰি ৰাখে । ইয়াৰ উপৰিও ছালখনৰ উজ্বলতাও ই বৃদ্ধি কৰে ।

পদ্ধতি 3: ছিৰামৰ ব্যৱহাৰ

টোনাৰৰ উপৰিও ছিৰামে ছালখনক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে । ছিৰামত থকা গুণবোৰে ছালখনক ভালে ৰখাত সহায় কৰে । ছালৰ ধৰণ অনুসৰি আপুনি আপোনাৰ বাবে সঠিক ছিৰাম বাচনি কৰক ৷

পদ্ধতি 4: মইশ্ব’ৰাইজাৰ

ছালৰ যত্নৰ ক্ষেত্ৰত এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায় । যদি ছালত আৰ্দ্ৰতাৰ অভাৱ হয় তেন্তে ই শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে । গতিকে নিয়মিতভাৱে ছালত নাৰিকল তেল বা মইশ্ব’ৰাইজিং সামগ্ৰী প্ৰয়োগ কৰিব লাগে ।

পদ্ধতি 5: ছানস্ক্ৰীণ

আলিয়া ভাটেও ছালৰ যত্নৰ বাবে ছানস্ক্ৰীণক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে । ই কেৱল গৰম আৰু সূৰ্যৰ পোহৰৰ দৰে সমস্যাৰ পৰা ৰক্ষা কৰাই নহয় প্ৰদূষণৰ পৰাও ছালখনক সুৰক্ষিত কৰাৰ বাবে ছানস্ক্ৰীণ উপযোগী ।

গতিকে এইবাৰ পূজাত আপুনিও ছালৰ যত্ন লোৱাৰ সময়ত আলিয়া ভাটে আগবঢ়োৱা এই টিপছবোৰ মানি চলিলে নিশ্চয় এক উজ্বল ছাল পাবলৈ সক্ষম হ’ব ৷

লগতে পঢ়ক: Health Tips: সঁচাকৈ চকু লৰাৰ আঁৰত থাকে নেকি শুভ-অশুভ কাৰণ ? ইয়াৰ প্ৰকৃত কাৰণ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.