ETV Bharat / sukhibhava

Dog Biting: যদি আপোনাক কুকুৰে কামোৰে তেন্তে এই ভুলবোৰ কৰাৰ পৰা বিৰত থাকক

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 6:46 PM IST

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হৈছে । ইয়াৰ লগে লগে এই ডাঙৰ প্ৰশ্নটো হ’ল যে কুকুৰে কামোৰাৰ পিছত কি কৰিব লাগে আৰু ইয়াৰ চিকিৎসা কি হ’ব লাগে । নিউৰ’ এণ্ড স্পাইন চাৰ্জন ডাঃ বিকাশ কুমাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিছে ।

If a dog bites you, avoid making these mistakes, know important things from the doctor
যদি আপোনাক কুকুৰে কামোৰে তেন্তে এই ভুলবোৰ কৰাৰ পৰা বিৰত থাকক

দেশজুৰি দৈনিক শ শ কুকুৰে কামোৰাৰ ঘটনা সংঘটিত হয় । কুকুৰে কামোৰাৰ পিছত অলপ অসাৱধানতাও মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে । শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এটি হৃদয় বিদাৰক ঘটনা চৰ্চালৈ আহিছে, য’ত কুকুৰে কামোৰাৰ ফলত প্ৰায় ডেৰ মাহৰ পিছত জলাতংক ৰোগত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হয় । কুকুৰ এটাই কামোৰাৰ পিছত বহু সময়ত মানুহে অজানিতে এনে কিছুমান কাম কৰে যাৰ ফলত তেওঁলোকৰ সমস্যা আৰু অধিক বৃদ্ধি পায় ।

এই সন্দৰ্ভত নিউৰ’ আৰু স্পাইনৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ বিকাশ কুমাৰে নিজৰ ছ’চিয়েল মিডিয়াযোগে কিছু তথ্য ভাগ-বতৰা কৰি থাকোঁতে তেওঁ কুকুৰে কামোৰাৰ পিছত প্ৰথমে কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই উল্লেখ কৰিছে ।

  • 🔴कुत्ता अगर काट ले तो इन गलतियों से बचें !

    🔴जानिए सबसे पहले क्या करना चाहिए ?

    🔴क्या रेबीज 100% जानलेवा है ?

    🔴क्या यह सच है कि हमें काटने वाले कुत्ते में अगर 10 दिनों तक
    रेबीज के लक्षण ना आए तो हमें रेबीज का खतरा कम है ?
    #rabies #petlovers pic.twitter.com/ZwFHHjy6qB

    — Dr Vikas Kumar (@drvikas1111) September 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কুকুৰে কামোৰাৰ পিছত প্ৰথমে কৰক এই কাম

যদি কোনো ব্যক্তিক কুকুৰে কামুৰিছে তেন্তে প্ৰথমে তেওঁৰ ঘাঁ ধুব লাগে । ইয়াৰ বাবে কুহুমীয়া পানী আৰু চাবোন ব্যৱহাৰ কৰিব লাগে । ঘাঁত কোনো ধৰণৰ বেণ্ডেজ বান্ধিব নালাগে আৰু যদি ঘাঁটো অতি গভীৰ হয় তেন্তে কেৱল পৰিষ্কাৰ বেণ্ডেজ ব্যৱহাৰ কৰিব লাগে । মনত ৰাখিব যে কোনো ঘৰুৱা ঔষধ বা লোচন ব্যৱহাৰ কৰিব নালাগে । যদি আপোনাৰ অভাৰ দ্য কাউণ্টাৰ এন্টিবায়টিক ক্ৰীম আছে তেন্তে ইয়াক প্ৰয়োগ কৰক আৰু সোনকালে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ।

কুকুৰে কামোৰাৰ পিছত এনেদৰে চিকিৎসা কৰা হয়

ডাঃ বিকাশৰ মতে, কুকুৰে কামোৰাৰ পিছত ডাক্তৰে ঘাঁটো পৰীক্ষা কৰি চিকিৎসাৰ সিদ্ধান্ত লয় । বেছিভাগ ক্ষেত্ৰতে চিকিৎসকে ভেকচিনৰ পৰামৰ্শ দিয়ে । যদি ঘাঁটো আঁচোৰৰ দৰে ডাঙৰ হয় তেন্তে ভেকচিনেই ইয়াৰ উত্তম চিকিৎসা । কিন্তু ঘাঁটো গভীৰ হ’লে এন্টি-ৰেবিজ ইমিউন’গ্ল’বিউলিনৰ বেজী দিয়া হয় । ইয়াৰ লগতে পোহনীয়া কুকুৰে কামোৰা বা ৰাস্তাৰ কুকুৰে কামোৰাৰ চিকিৎসাও বেলেগ হৈ পৰে । কুকুৰে কামোৰাৰ পিছত যিমান পাৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: Eggs and Diabetes: ডায়েবেটিছ ৰোগীৰ বাবে কণী খোৱাটো কিমান নিৰাপদ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.